A fit mind in a fit body is important: PM Modi
Lifestyle diseases are on the rise due to lifestyle disorders and we can ensure we don't get them by being fitness-conscious: PM
Let us make FIT India a Jan Andolan: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ এক অনুষ্ঠানত ‘ফিট ইণ্ডিয়া অভিযান’ মুকলি কৰে। ‘ফিটনেছ’ক নিজক জীৱনশৈলী কৰি তোলাৰ বাবেও দেশবাসীক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

বিশ্ব ক্ৰীড়াজগতত নিজস্ব প্ৰতিভাৰে ভাৰতৰ নাম উজ্বলোৱা মেজৰ ধ্যানচান্দৰ জন্ম বাৰ্ষিকী উপলক্ষে এই অভিযান মুকলিকৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰীড়াবিদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ লগতে নিজ নিজ প্ৰতিভাৰে বিশ্ব প্ৰেক্ষাপটত ভাৰতীয় ত্ৰিৰঙ্গা উৰুৱাবলৈ সক্ষম হোৱা যুৱ ক্ৰীড়া প্ৰতিভাসকলকো অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে আৰু কয়, “তেওঁলোকৰ মেডেলবোৰ কেৱল তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল নহয়, বৰঞ্চ সেয়া হৈছে এক নতুন অনুপ্ৰেৰণাৰ স্ৰোত আৰু নৱ ভাৰতৰ এক নৱ আত্মবিশ্বাস।

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ফিট ইণ্ডিয়া অভিযান’ এক ৰাষ্ট্ৰীয় লক্ষ্য হৈ পৰিব লাগে আৰু ইয়াৰ বাবে উচ্চাকাঙ্খা থাকিব লাগে। সমগ্ৰ দেশকে উদ্বুদ্ধ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কয় যে ফিট ইণ্ডিয়া অভিযান চৰকাৰে আৰম্ভ কৰিলেও ইয়াক নেতৃত্ব দিব লাগিব ৰাইজে, দেশৰ জনসাধাৰণে, আৰু তেওঁলোকেই ইয়াক সফল কৰি তুলিব লাগিব।”

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “সফলতাৰ সৈতে ফিটনেছ সদায়েই জড়িত হৈ থাকে, আমাৰ সমাজৰ যিকোনো ক্ষেত্ৰৰ আদৰ্শ ব্যক্তিসকলৰ এটা উমৈহতীয়া দিশ থাকে, সেয়া হৈছে সেই সকলোবোৰ লোকৰে অধিকাংশই শাৰীৰিকভাৱে সুস্থ বা ফিট, তেওঁলোকৰ ফিটনেছৰ ওপৰত গুৰুত্ব আছিল আৰু তেওঁলোক ফিটনেছৰ প্ৰতি আগ্ৰহী আছিল।”

প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰযুক্তিয়ে আমাৰ শাৰীৰিক সক্ষমতা হ্ৰাস কৰি আনিছে আৰু আমাৰ দৈনন্দিন ফিটনেছ সূচীৰ পৰা আমাক আঁতৰাই আনিছে। আৰু আজি আমি আমাৰ পৰম্পৰাগত কাৰ্যাৱলী আৰু জীৱনশৈলী সম্বন্ধেই অজ্ঞ হৈ পৰিছো, যিবোৰে আমাক সুস্থ বা ফিট কৰি ৰাখিব পাৰে। সময়ৰ লগে লগে আমাৰ সমাজত ফিটনেছে অতি কম অগ্ৰাধিকাৰ লাভ কৰিবলৈ লৈছে। আগতে মানুহে কেবা কিলোমিটাৰো খোজ কাঢ়িছিল বা চাইকেল চালনা কৰিছিল। কিন্তু এতিয়া আমি কিমান খোজ কাঢ়িলো সেয়াও মোবাইল এপ্পে জনাই দিয়ে।”

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “আজি জীৱনশৈলীগত বিভিন্ন ৰোগে সমগ্ৰ দেশকে আক্ৰান্ত কৰিবলৈ লৈছে, আনকি যুৱ সমাজকো গ্ৰাস কৰিছে এই ব্যাধিয়ে। ভাৰতত মধুমেহ আৰু হাইপাৰটেনশ্যনৰ দৰে ব্যাধিয়ে সৰ্বত্ৰে গ্ৰাস কৰিছে, আনকি শিশুসকলকো এনে সমস্যাই আক্ৰান্ত কৰিছে। কিন্তু জীৱনশৈলীৰ ক্ষেত্ৰত কিছু সৰু সৰু পৰিৱৰ্তনে এনেবোৰ ৰোগৰ পৰা পৰিত্ৰাণ দিব পাৰে। এনেবোৰ জীৱনশৈলীগত পৰিৱৰ্তন অনাৰ বাবেই ফিট ইণ্ডিয়া অভিযান আৰম্ভ কৰা হৈছে।”

প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো পেছাৰ এগৰাকী লোকেই নিজ নিজ পেছাত নিজকে কাৰ্যকৰী কৰি তুলিব পাৰে, যদিহে তেওঁলোক মানসিকভাৱে আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকে। আপুনি যদি শাৰীৰিকভাৱে সুস্থ হৈ থাকে তেন্তে আপুনি মানসিকভাৱেও সুস্থ হৈ থাকিব। ক্ৰীড়াৰ আছে ‘ফিটনেছ’ বা সুস্থতাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক, কিন্তু ‘ফিট ইণ্ডিয়া অভিযান’ৰ যোগেদি সুস্থতা বা ফিটনেছৰ পৰিসীমাৰ বাহিৰলৈ যোৱাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। ফিটনেছ মাথো এটা শব্দ নহয়, ই হৈছে স্বাস্থ্যৱান আৰু এক সমৃদ্ধিশালী জীৱনৰ বাবে প্ৰয়োজনীয় এক শক্তিশালী স্তম্ভ। আমি যেতিয়া যুদ্ধৰ বাবে আমাৰ শৰীৰটোক সাজু কৰি তোলো, তাৰ যোগেদিয়েই আমি দেশখনক তীখাৰ দৰে শক্তিশালী কৰি তোলো। ফিটনেছ হৈছে আমাৰ ঐতিহাসিক পৰম্পৰাৰ এক অংশ। ভাৰতৰ প্ৰতিটো চুকে-কোণেই বিভিন্নধৰণৰ খেল-ধেমালি খেলা হয়। যেতিয়া দেহৰ ওপৰত কাম কৰা হয় তেতিয়া দেহে মগজুটোক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। তাৰ লগে লগে দেহৰ অন্যান্য অঙ্গ-প্ৰত্যঙ্গবোৰেও মনোযোগিতা আৰু সমন্বয় বৃদ্ধি কৰে। আমাৰ নৱ ভাৰতক এখন ফিট ইণ্ডিয়া হিচাপে গঢ়ি তুলিবলৈ ইয়াৰ লোকসকল স্বাস্থ্যৱান হ’ব লাগিব, পৰিয়ালবোৰ সুস্থ হ’ব লাগিব আৰু এখন সুস্থ সমাজ থাকিব লাগিব।”

 

 

 

 

 

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “স্বচ্ছ ব্যক্তি, স্বচ্ছ পৰিয়াল আৰু স্বচ্ছ সমাজ, ইয়েই নৱ ভাৰতক শ্ৰেষ্ঠ ভাৰত হিচাপে গঢ়ি তুলিব পাৰে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা আমি ফিট ইণ্ডিয়া অভিযানক শক্তিশালী কৰি তোলাৰ শপত লৈছো।”

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?

Media Coverage

PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ফেব্ৰুৱাৰী 2026
February 15, 2026

Visionary Leadership in Action: From AI Global Leadership to Life-Saving Reforms Under PM Modi