প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্স যোগে সৌৰাষ্ট্ৰ পেটেল সাংস্কৃতিক সমাজৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰে৷ এই বৰ্ষত সৌৰাষ্ট্ৰ পেটেল সাংস্কৃতিক সমাজৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত অনুষ্ঠিত হৈছে৷

প্ৰৱাসী ভাৰতীয়সকলৰ বিশেষকৈ সৌৰাষ্ট্ৰ পেটেল সমাজৰ প্ৰয়াসক প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰি কয় যে প্ৰৱাসী ভাৰতীয়সকলে ভাৰতক গৌৰম্বান্বিত কৰিছে৷ তেওঁ কয় যে তেওঁলোকৰ প্ৰয়াসে ভাৰতীয় সকলৰ সন্মান সকলো স্থানতে বৃদ্ধি কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ বিভিন্ন আঁচনি যেনে স্বচ্ছ ভাৰতে দেশৰ পৰ্যটন উদ্যোগ বিকশিত কৰিছে৷ তাৰোপৰি তেওঁ প্ৰৱাসী ভাৰতীয় সমাজক অতি কমেও পাঁচটা বিদেশী পৰিয়ালত প্ৰতি বছৰে ভাৰত দৰ্শনৰ বাবে উৎসাহিত কৰিবলৈ অনুৰোধ জনায়৷ ইয়াৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰত অভিযান সাফল্যমণ্ডিত কৰাত সহায় হ’ব আৰু ভাৰতৰ পৰ্যটন উদ্যোগত বৃহৎ বৰঙণি হিচাপে বিবেচিত হ’ব৷ তাৰোপৰি তেওঁ কিদৰে প্ৰৱাসী ভাৰতীয়সকলে মহাত্মা গান্ধীৰ সপোন, স্বচ্ছ ভাৰত সফল কৰি তুলিব পাৰিব সেই বিষয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ২ অক্টোবৰৰ পৰা ভাৰতে মহাত্মা গান্ধীৰ ১৫০তম জন্ম জয়ন্তী পালন কৰিব৷ লগতে তেওঁ কয় যে ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ সোঁৱৰণত নৰ্মদা নদীৰ তীৰত এটা ঐক্যৰ অতিকায় মূৰ্তি স্থাপন হ’ব আৰু এয়া ২০১৮ চনৰ ৩১ অক্টোবৰত সম্পূৰ্ণ হ’ব৷ এই মূৰ্তি সম্পূৰ্ণ হোৱাৰ পিছত ই বিশ্বৰ সবাতোকৈ ওখ ঐক্যৰ মূৰ্তি হিচাপে প্ৰসিদ্ধ হ’ব৷

জনসমুদ্ৰক সম্বোন্ধি নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে এতিয়া বিশ্বত ভোটা তৰাৰ দৰে উজ্বলি উঠিছে৷ তেওঁ কয় যে আজি ভাৰত ক্ষীপ্ৰ অৰ্থনৈতিক বিকাশ আৰু সততা, স্বচ্ছ চৰকাৰৰ সৈতে জড়িত হৈছে৷ জিএছটিৰ দৰে পদক্ষেপ আৰু দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপে জনসাধাৰণক সততাৰে ব্যৱসায় কৰাত উদগনি জগাইছে৷ এই পদক্ষেপসমূহৰ জৰিয়তে বিগত চাৰিটা বৰ্ষত ভাৰত ইজ অৱ ডুইং বিজনেছত ৪২ তম স্থানলৈ আহিছে বুলি তেওঁ দোহাৰে৷

প্ৰধানমন্ত্ৰী প্ৰৱাসী ভাৰতীয় সমাজক নতুন ভাৰত গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়৷ 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
States benefit from GST reform

Media Coverage

States benefit from GST reform
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Sachin Siwach on winning Gold in Men’s 60 kg Boxing
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Sachin Siwach on winning the Gold medal in the Men’s 60 kg Boxing event at the Commonwealth Games 2026 in Glasgow.

The Prime Minister said that Sachin Siwach’s achievement will inspire several young boxers.

Shri Modi extended his best wishes to him for his future endeavours and expressed hope that he would continue to make India proud.

The Prime Minister wrote on X;

“Sachin Siwach strikes Gold at Glasgow!

Congrats to him for the success in the Men's 60 kg Boxing event. He will motivate several young boxers. All the best for his endeavours ahead. May he always make India proud.

#CWG2026”