Vaccination efforts are on at a quick pace. This helps women and children in particular: PM Modi
Through the power of technology, training of ASHA, ANM and Anganwadi workers were being simplified: PM Modi
A little child, Karishma from Karnal in Haryana became the first beneficiary of Ayushman Bharat. The Government of India is devoting topmost importance to the health sector: PM
The Government of India is taking numerous steps for the welfare of the ASHA, ANM and Anganwadi workers: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আশা আৰু অংগনৱাড়ী কৰ্মীসকলৰ পৰিশ্ৰামিক বৃদ্ধিৰ কথা ঘোষণা কৰে৷ আজি লক্ষাধিক আশা, অংগনৱাড়ী আৰু এএনএম কৰ্মীসকলৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেন্সিং সাক্ষাতত প্ৰধানমন্ত্ৰীয়ে এই ঘোষণা কৰে আৰু এয়া অহা মাহৰ পৰা কাৰ্যকৰী কৰা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে আশা কৰ্মীসকলৰ ভাট্টা দুগুণ কৰাৰ কথা ঘোষণা কৰে৷ ইয়াৰোপৰি, সকলো আশা কৰ্মী তথা তেওঁলোকৰ সহায়কসকলক প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত বিনামূলীয়া বীমাৰ সুবিধাও প্ৰদান কৰা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে অংগনৱাড়ী কৰ্মীসকলক প্ৰদান কৰা পাৰিতোষিকৰ উল্লেখযোগ্য পৰিমাণৰ বৃদ্ধিৰ কথাও ঘোষণা কৰে৷ যিসকলে ৩০০০ টকাকৈ লাভ কৰি আছে তেওঁলোকে এতিয়াৰে পৰা ৪৫০০ টকাকৈ লাভ কৰিব৷ আনহাতে যিসকলে ২২০০ টকাকৈ লাভ কৰি আছে তেওঁলোকে এতিয়াৰে পৰা ৩৫০০ টকাকৈ লাভ কৰিব৷ তাৰোপৰি অংগনৱাড়ী সহায়কসকলে ১৫০০ টকাৰ ঠাইত ২২৫০ টকাকৈ লাভ কৰিব৷

যিসকল অংগনৱাড়ী কৰ্মী আৰু সহায়কে কমন এপ্লিকেচন ছফ্টৱেৰ (আইচিডিএছ-চিএএছ) ব্যৱহাৰ কৰি আছে তেওঁলোকে অতিৰিক্ত ভাট্টা পাব৷ এই ভাট্টাৰ পৰিমাণ ২৫০ টকাৰ পৰা ৫০০ টকালৈ হ’ব আৰু ই প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আৰু এএনএম (অক্সিলিয়াৰি নাৰ্চ মিডৱাইফ)ক তিনিটা ‘এ’ৰ সমষ্টি বুলি অভিহিত কৰে৷ তেওঁলোকৰ ঐক্যবদ্ধ কৰ্মদক্ষতা, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ব্যৱহাৰ, স্বাস্থ্যসন্মত আৰু পুষ্টিগত সেৱা প্ৰদান তথা পোষণ অভিযানৰ লক্ষ্য প্ৰাপ্তি যি দেশৰ পৰা কুপুষ্টি হ্ৰাস কৰে-এই সকলো প্ৰয়াসৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুন 2026
June 16, 2026

Viksit Bharat in Action: 12 Years of Roads, AI Unicorns, Export Booms & Unmatched Global Camaraderie"