প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিৰজাপুৰক বানসাগৰ নলীনাদ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰে। এই প্ৰকল্পই অঞ্চলটোৰ জলসিঞ্চনৰ ক্ষেত্ৰত বৃহৎ সকাহ দিয়াৰ লগতে উত্তৰপ্ৰদেশৰ মিৰজাপুৰ আৰু এলাহাবাদ জিলাৰ কৃষকসকলক উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে মিৰজাপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে ১০০টা জন ঔষধি কেন্দ্ৰ মুকলি কৰে।। তেওঁ মিৰজাপুৰ আৰু বাৰাণসী সংযোগী চুনাৰৰ বালুঘাটত গংগা নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখন ৰাইজৰ বাবে উচ্চৰ্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে মিৰজাপুৰৰ যথেষ্টা সম্ভাৱনীয়তা আছে। প্ৰসংগক্ৰমে তেওঁৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰোৰ সৈতে মিৰজাপুৰত সৌৰ প্ৰকল্প উদ্বোধনৰ কথাও দোঁহাৰে।

ভাষণ প্ৰসংগত তেওঁ যোৱা দুদিনত বিভিন্ন উন্নয়নমুলক প্ৰকল্প আৰু কামৰ উদ্বোধন অথবা কেতবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ কথাও উল্লেখ কৰে।

তেওঁ কয় যে বানসাগৰ প্ৰকল্পটোৰ বিষয়ে চাৰি দশকৰ পূৰ্বেই চিন্তা কৰা হৈছিল আৰু ১৯৭৮ চনত ইয়াৰ আধাৰশিলাও স্থাপন কৰা হৈছিল, কিন্তু প্ৰকল্পটোৰ কাম অতি লেহেমীয়া হৈছিল। তেওঁ কয় যে ২০১৪ চনৰ পাছত এই প্ৰকল্পটো প্ৰধানমন্ত্ৰী সিঞ্চায় যোজনাৰ অধীনলৈ অনাৰ লগতে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হয়।

কৃষকসকলৰ কল্যানৰ বাবে লোৱা বিভিন্ন পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে খাৰিফ শস্যৰ এমএছপি বৃদ্ধি কৰাৰ বিষয়ে উল্লেখ কৰে।

ইফালে, জন ঔষধি কেন্দ্ৰসমূহৰ জৰিয়তে দুখীয়া লোকসকলক সুলভ মূল্যত স্বাস্থ্য সেৱা আগবঢ়োৱা কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে স্বচ্ছ ভাৰত অভিযানেও ৰোগ নিয়ন্ত্ৰণত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। স্বাস্থ্য বীমা আঁচনি –আয়ুষ্মান ভাৰতৰ জৰিয়তে শীঘ্ৰে সকলোকে সামৰি ল’ব বুলি কয় প্ৰধানমন্ত্ৰী। তেওঁ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অন্যান্য কল্যানমুলক আঁচনিসমূহৰ সন্দৰ্ভতো ব্যাখ্যা কৰে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Exports 40 Tonnes Varanasi Biscuits to Oman

Media Coverage

India Exports 40 Tonnes Varanasi Biscuits to Oman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Bankim Chandra Chattopadhyay on His Jayanti
June 26, 2026

The Prime Minister, Shri Narendra Modi, today, paid tributes to the great Bankim Chandra Chattopadhyay on his Jayanti, remembering him as a towering literary luminary whose writings ignited the spirit of patriotism and cultural pride among generations of Indians.

Highlighting the significance of the year, Shri Modi noted that India is commemorating the 150th anniversary of Vande Mataram. He remarked that through Vande Mataram, Bankim Chandra Chattopadhyay gifted the Indian freedom movement and the nation one of its most enduring sources of inspiration.

The Prime Minister posted on X:

Tributes to the great Bankim Chandra Chattopadhyay on his Jayanti.

A towering literary luminary, his writings awakened a spirit of patriotism and cultural pride among generations of Indians. His rich literary work continues to illuminate minds and strengthen our collective resolve towards nation-building.

This is a time when we are marking the 150th anniversary of Vande Mataram. Through Vande Mataram, he gifted the freedom movement and our nation one of its most enduring inspirations.

মহান বঙ্কিম চন্দ্র চট্টোপাধ্যায়ের জয়ন্তীতে তাঁর প্রতি শ্রদ্ধাঞ্জলি।

এক সুবিশাল সাহিত্যিক আলোকবর্তিকা হিসেবে, তাঁর লেখা প্রজন্মান্তরের ভারতীয়দের মধ্যে দেশপ্রেম এবং সাংস্কৃতিক গৌরবের চেতনা জাগ্রত করেছিল। তাঁর সমৃদ্ধ সাহিত্যকর্ম মনকে উদ্ভাসিত করে চলেছে এবং জাতি গঠনের প্রতি আমাদের সম্মিলিত সংকল্পকে শক্তিশালী করছে।

এখন আমরা বন্দে মাতরমের ১৫০তম বার্ষিকী উদযাপন করছি। বন্দে মাতরমের মাধ্যমে, তিনি স্বাধীনতা আন্দোলন এবং আমাদের জাতিকে অন্যতম দীর্ঘস্থায়ী অনুপ্রেরণা উপহার দিয়েছিলেন।