For the last four years, efforts are being made to develop Kashi in accordance with the requirements of the 21st century: PM
New Banaras - a blend of spirituality and modernity - is being developed, for a New India: PM Modi
Kashi is emerging as an important international tourist destination, says PM Modi
Work is in full swing for an Integrated Command and Control Centre, that would make Varanasi a Smart City: PM
Smart City Initiative is not just a mission to improve infrastructure in cities, but also a mission to give India a new identity: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ বাৰাণসীত ৯০০ কোটি টকা ব্যয় সাপেক্ষ কেইটামান প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে। উদ্বোধন কৰা প্ৰকল্পবোৰৰ ভিতৰত বাৰাণসী চহৰ গেছ বিতৰণ প্ৰকল্প আৰু বাৰাণসী-বালিয়া মেমু ৰে’ল উল্লেখযোগ্য। ইফালে, প্ৰধানমন্ত্ৰীয়ে পঞ্চকোচি পৰিক্ৰমা মাৰ্গ আৰু স্মাৰ্ট চিটী প্ৰকল্প আৰু নমামি গংগা প্ৰকল্পৰ অধীনস্থ কেতবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ(আইচিচি)ৰো আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে আয়োজিত সভাত প্ৰধানমন্ত্ৰীয়ে ২০ বছৰ অনূৰ্ধ্ব ৱৰ্ল্ড এথলেটিকছ চেম্পিলয়শ্বিপৰ ৪০০ মিটাৰ দৌৰ ইভেণ্টত স্বৰ্ণ পদক জয় কৰা যুৱ এথলীট হিমা দাসক প্ৰশংসা কৰি ভাষণ আৰম্ভ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত চাৰি বছৰত প্ৰাচীন ঐতিহ্য অক্ষুণ্ণ ৰাখি ২১ শতিকাৰ প্ৰয়োজনীয়তাৰ ভিত্তিত কাশী চহৰখনৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰচেষ্টা হাতত লোৱা হৈছে। তেওঁ কয় এখন নতুন বাৰাণসী-আধ্যাত্মিকতা আৰু আধূনিকতাৰ মিশ্ৰণ, যিখন নতুন ভাৰতৰ দিশত উন্নয়ন ঘটোৱা হৈছে।

তেওঁ কয় এখন নতুন বাৰাণসীৰ আলোক সৰ্বদিশতে প্ৰস্ফূটিত হৈছে। বাৰাণসীত বিগত চাৰি বছৰত বিভিন্ন প্ৰকল্পৰ বিপৰীতে যথেষ্ট পৰিমাণে বিনিয়োগ কৰা হৈছে, সেইবোৰ ইতিমধ্যে উদ্বোধন কৰা হৈছে আৰু আজিৰ এই আধাৰশিলাও উন্নয়নমুলক প্ৰচেষ্টাৰে অন্যতম।

প্ৰধানমন্ত্ৰী তেওঁ পৰিবহণৰ জৰিয়তে পৰিৱৰ্তন শীৰ্ষক দৃষ্টিভংগীৰ সম্পৰ্কে ব্যাখ্যা কৰি কয় যে আজমগড়ত আজি স্থাপন কৰা পূৰ্বাঞ্চল এক্সপ্ৰেছৱেও ইয়াৰে অংশ বিশেষ।

প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসীয়ে অঞ্চলটোৰ সম্ভাৱনাপূৰ্ণ চিকিৎসা বিজ্ঞানৰ কেন্দ্ৰ হিচাপে পৰিচিত হৈছে। তেওঁ কয় এইমছৰ সৈতে কাম কৰি বিএইচইউক বিশ্বমানৰ স্বাস্থ্য প্ৰতিষ্ঠান হিচাপে উন্নয়ন ঘটোৱা হ’ব।
বাৰাণসীৰ সৈতে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰাৰ সন্দৰ্ভত কয় প্ৰধানমন্ত্ৰীয়ে। আন্তঃৰাষ্ট্ৰীয় পৰ্যটনস্থলী হিচাপে কাশীৰ যথেষ্ট সম্ভাৱনীয়তা থকা বুলি উল্লেখ প্ৰধানমন্ত্ৰীয়ে এই প্ৰসংগতে আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা বুলি কয়। তেওঁ বাৰাণসীৰ লোকসকলক এই উপহাৰ দিয়াৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত শ্বিনজো আবেক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ স্বচ্ছ ভাৰতৰ ক্ষেত্ৰত উত্তৰপ্ৰদেশ চৰকাৰে লোৱা প্ৰচেষ্টাৰ শলাগ লয়।

প্ৰধানমন্ত্ৰীয়ে চাৰি বছৰৰ পূৰ্বে বাৰাণসীৰ বাট-পথৰ লগতে অন্যান্য আন্তঃগাঁথনিৰ বিধ্বস্ত অৱস্থাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে চহৰখনৰ সকলো আৱৰ্জনা গংগা পেলোৱা হৈছিল। তাৰ বিপৰীতে বৰ্তমান গংগাৰ গংগোত্ৰীৰ পৰা মহাসাগৰলৈকে চাফাইৰ প্ৰচেষ্টা চলাই থকা হৈছে। এই উপলক্ষে তেওঁ কেতবোৰ আৱৰ্জনা নিষ্কাষণ প্ৰকল্পৰ কথা উল্লেখ কৰে। তেওঁ বাৰাণসী চহৰক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ অৰ্থে সংহত নিদেৰ্শনা আৰু নিয়ন্ত্ৰণ কেন্দ্ৰই পূৰ্ণগতিত কাম কৰি থকা বুলি কয়। এই স্মাৰ্ট চিটী প্ৰচেষ্টাই কেৱল চহৰসমূহৰ আন্তঃগাঁথনিকে উন্নত নকৰে, ইয়াৰ উপৰি ভাৰতক এক নতুন পৰিচয় প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰখনৰ ঔদ্যোগিক নীতি আৰু বিনিয়োগৰ পৰিৱেশক প্ৰশংসা কৰে আৰু ইয়াৰ ফলস্বৰূপে কামো শুভাৰম্ভ হোৱা বুলি কয়। এই সন্দৰ্ভত তেওঁ নয়দাত শেহতীয়াকৈ মুকলি কৰা ছেমছাং ম’বাইল নিৰ্মাণ প্ৰকল্পৰ উদ্বোধনৰ সম্পৰ্কে উল্লেখ কৰাৰ লগতে প্ৰকল্পটোৱে লাখ লাখ চাকৰি সৃষ্টি কৰিব বুলি কয়।

চহৰ গেছ বিতৰণ প্ৰকল্প সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসীত ইতিমধ্যে ৮,০০০ পৰিয়ালে পাইপেৰে যোগান ধৰা ৰন্ধন গেছ সংযোগৰ সুবিধা লাভ কৰিছে। তেওঁ লগতে চহৰখনৰ ৰাজহুৱা পৰিবহণত ইন্ধন হিচাপে চিএনজি ব্যৱহাৰৰ কৰাৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবে আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোৰ আগমণৰ সময়ত বাৰাণসীবাসীয়ে দেখুওৱা আতিথ্যৰ সন্দৰ্ভতো দোঁহাৰে। ২০১৯ৰ জানুৱাৰীত হ’বলগীয়া প্ৰবাসী ভাৰতীয় দিৱসত বাৰাণসীবাসীয়ে এনে আতিথ্য দেখুওৱাৰ আন এক সূযোগ লাভ কৰিব বুলি কয়।

 

 

 
Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”