প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘ভাৰত পুতলা মেলা ২০২১’ৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰে। কেন্দ্ৰীয় স্থলপথ পৰিবহণ আৰু ঘাইপথ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিভাগৰ মন্ত্ৰী শ্ৰী নীতীন গাড়কাৰী আৰু কেন্দ্ৰীয় বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰে। মেলাখন আজি অৰ্থাত্ ২৭ ফেব্ৰুৱাৰীৰ পৰা ২মাৰ্চ ২০২১লৈ অনুষ্ঠিত হ’ব। মেলাত ১,০০০ৰৰো অধিক পৰিৱেশনকাৰীয়ে অংশগ্ৰহণ কৰিছে।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ চান্নাপটনা, উত্তৰ উত্তৰ প্ৰদেশৰ বাৰানসী আৰু ৰাজস্থানৰ জয়পুৰৰ পৰা অহা পুতলা নিৰ্মাতাসকলৰ সৈতে বাৰ্তালাপতো মিলিত হয়। এই মেলাৰ জৰিয়তে চৰকাৰ আৰু উদ্যোগীসকলে দেশৰ পুতলা নিৰ্মাণ ক্ষেত্ৰখনক কেনেকৈ পুতলা নিৰ্মাণৰ গোলকীয় প্ৰাণকেন্দ্ৰ আৰু পুতলাৰ উত্সথলী হিচাপে গঢ়ি তুলিব পৰাকৈ বিনিয়োগ আকৰ্ষিত কৰাৰ লগতে পুতলাৰ ৰপ্টানী বৰ্দ্ধন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰাৰ বাবে সন্মিলিত হ’ব।

এই উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পুতলা উদ্যোগৰ অভ্যন্তৰত লুকাই থকা সম্ভাৱনীয়তাসমূহ উন্মোচিত কৰাৰ বাবে সংশ্লিষ্টসকলক উদ্যোগ গ্ৰহণৰ বাবে আহ্বান জনায়। তেওঁ এই উদ্যোগৰ জৰিয়তে ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ এক বৃহত্ অংশ হিচাপে পৰিচিতি গঢ়ি তোলাৰ বাবেও কৰ্মৰত হোৱাৰ পোষকতা কৰে। তেওঁ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত পুতলা মেলাখনক কেৱল এক ব্যৱসায়ীক অথবা অৰ্থনৈতিক কৰ্মকাণ্ড নহয় বুলিয়ে উল্লেখ কৰে। বৰং, এই কাৰ্যক্ৰমক তেওঁ দেশৰ পুৰাতন ক্ৰীড়া-সংস্কৃতিৰে সংযোগ সৃষ্টিকাৰী আৰু উদ্দীপক বুলিহে অভিহিত কৰে। এই পুতলা মেলাক সংশ্লিষ্ট পক্ষসমূহে পুতলাৰ আৰ্হি প্ৰস্তুতিৰ পৰা নতুন উদ্ভাৱন, প্ৰযুক্তি, বিপণন আৰু পেকেজিং তথা নিজ নিজ অভিজ্ঞতাৰ আদান-প্ৰদান কৰাৰ বাবে মঞ্চ হিচাপে ব্যৱহাৰ কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে অভিমত ব্যক্ত কৰে। প্ৰসংগক্ৰমে তেওঁ কয় যে পৃথিৱীয়ে সিন্ধু সভ্যতা, মহেঞ্জোদাৰো আৰু হাৰাপ্পাৰ যুগৰ পৰাই পুতলা সন্দৰ্ভত গৱেষণা কৰি আহিছে।

 

পুৰণি দিনৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰাচীন কালত পৃথিৱীৰ ভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকসকলে ভাৰতত বিভিন্ন খেলা-ধূলা শিকিছিল আৰু এই শিক্ষা স্বদেশলৈ লৈ গৈছিল। আজিৰ পৃথিৱীৰ অন্যতম জনপ্ৰিয় খেলা ‘চে’ছ’-ক আগৰ দিনত ভাৰতত ‘চতুৰংগ’ অথবা ‘চদুৰংগ’ নামেৰে খেলা হৈছিল বুলিও তেওঁ উল্লেখ কৰে। আধুনিক ‘লুডো’ খেলা হৈছিল ‘পঁচিছি’ নামৰে। বলৰামৰ বহুখিনি পুতলা থকা বুলি আমাৰ শাস্ত্ৰত উল্লেখ থকাৰ কথাও তেওঁ উল্লেখ কৰে। গোকূলত গোপাল কৃষ্ণই বন্ধুসকলৰ সৈতে তেওঁৰ ঘৰৰ বাহিৰত এটা বেলুনত খেলিছিল। ক্ৰীড়া, পুতলা আৰু কাৰুশিল্প আদিও আমাৰ প্ৰাচীন মন্দিৰৰ শিল্পকলাত খোদিত কৰা হৈছিল।

প্ৰধানমন্ত্ৰী কয় যে আমাৰ ইয়াত শিশুমনৰ সৰ্বাংগীণ বিকাশত অৰিহণা যোগাব পৰাকৈ পুতলা সজা হৈছিল। পুনৰ-ব্যৱহাৰ আৰু চক্ৰৱৰ্তকৰণ হ’ল ভাৰতীয় জীৱনশৈলীৰ অভিন্ন অংশ, এই কথা পুতলাৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। প্ৰায়বোৰ ভাৰতীয় পুতলাই প্ৰাকৃতিক সমল আৰু পৰিৱেশ অনুকূল সা-সামগ্ৰীৰে প্ৰস্তুত কৰা হয়। এইসমূহত ব্যৱহাৰ কৰা ৰং আদিও প্ৰাকৃতিক আৰু নিৰাপদ। এইসমূহ পুতলাই মগজুক ইতিহাস আৰু সংস্কৃতিৰে সংযোজিত কৰাৰ লগতে সামাজিক-মননৰ বিকাশ আৰু ভাৰতীয় মানসিকতা কৰ্ষণ কৰাৰ বাবে সহায়ক হয় বুলিও তেওঁ অভিমত ব্যক্ত কৰে। তেওঁ দেশৰ পুতলা নিৰ্মাতাসকলক পৰিৱেশ বিজ্ঞান আৰু মনোবিজ্ঞানৰ বাবে অধিক মংগলজনক পুতলা সজাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। তেওঁ পুতলা নিৰ্মাণত প্লাষ্টিকৰ ব্যৱহাৰ কম কৰাৰ লগতে চক্ৰৱৰ্তকৰণ সম্ভৱ হ’ব পৰা সামগ্ৰী ব্যৱহাৰ কৰিবলৈও গোঁহাৰি জনায়।

আজিৰ তাৰিখত সমগ্ৰ পৃথিৱী জুৰি সকলো ক্ষেত্ৰতে ভাৰতীয় দৃষ্টিভংগী আৰু ভাৰতীয় চিন্তাৰ বিষয়ে চৰ্চা কৰা অব্যাহত আছে বুলি প্ৰধানমন্ত্ৰীয়ে অভিমত ব্যক্ত কৰে। তেওঁ কয় ভাৰতীয় খেলা-ধূলা আৰু পুতলাবোৰত জ্ঞান, বিজ্ঞান, মনোৰঞ্জন আৰু মনোবিজ্ঞানৰ সমহাৰ হোৱা দেখা যায়। প্ৰসংগক্ৰমে তেওঁ উদাহৰণ দাঙি ধৰি কয় যে, যেতিয়া ‘লাট্টু’ খেলা হয় তেতিয়া ‘লাট্টু’ৰ জৰিয়তে শিশুসকলে ‘মধ্যাকৰ্ষণ’ আৰু ‘সমতুলতা’ৰ জ্ঞান লাভ কৰে। সেইদৰে, ‘শ্লিংশ্বট’ খেলিলে শিশুৱে গম নোপোৱাকৈয়ে ‘সম্ভাৱিত’ আৰু ‘গতি শক্তি’ৰ বুনিয়াদী শিক্ষা আহৰণ কৰিব পাৰে। ‘পাজল টয়’সমূহে কৌশলগত চিন্তা আৰু সমস্যা সমাধান আদিৰ দৰে মানসিকতা বিকশিত কৰিব পাৰে। সেইদৰে, বাহু লৰাই, ঘূৰাই কৰা চক্ৰৱত গতি নৱজাতকসকলেও অনুভৱ কৰিবলৈ আৰম্ভ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সৃষ্টিশীল পুতলাই শিশুসকলৰ অনুভৱক বিকশিত কৰাৰ লগতে তেওঁলোকৰ কল্পনাক উৰিব পৰাকৈ পাখি সাজি দিয়ে। তেওঁলোকৰ কল্পনাৰ কোনো পৰিধি নাই। তেওঁলোকক মাথোঁ লাগে এটা সৰু পুতলা, যিয়ে তেওঁলোকৰ অনুসন্ধিত্সুতাক পূৰ্ণতা প্ৰদান কৰিব পাৰে আৰু জাগ্ৰত কৰিব পাৰে তেওঁলোকৰ সৃষ্টিশীলতাক। তেওঁ শিশুসকলৰ সৈতে খেলৰ সংগী হোৱাৰ বাবে অভিভাৱকসকলক আহ্বান জনায়। ইফালে, পুতলাই শিশুসকলৰ শিকণ প্ৰক্ৰিয়াত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও তেওঁ অভিমত ব্যক্ত কৰে। অভিভাৱকসকলে পুতলাৰ বিজ্ঞান আৰু শিশুসকলৰ বিকাশত পুতলাই গ্ৰহণ কৰা ভূমিকাৰ কথা বুজিব লাগিব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ বিদ্যালয়ত পুতলাৰ ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে শিক্ষকসকলক আহ্বান জনায়। এই দিশত চৰকাৰে প্ৰভাৱশালী পদক্ষেপ গ্ৰহণ কৰাৰ লগতে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে বহু পৰিৱৰ্তন সাধনো কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

নতুন শিক্ষা নীতি সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন শিক্ষা নীতিত খেল-ভিত্তিক আৰু কৰ্ম-ভিত্তিক শিক্ষাক বিস্তৃত পৰিসৰত অন্তৰ্ভুক্ত কৰা হৈছে। শিশুসকলৰ মনত যুক্তিবাদী আৰু সৃষ্টিশীলতা উদ্ৰেককাৰী চিন্তা বিকশিত কৰাত এই শিক্ষা নীতিয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। তেওঁ কয়, পুতলাৰ ক্ষেত্ৰখনত ভাৰতৰ পৰম্পৰা পুৰাতন আৰু প্ৰযুক্তিও প্ৰচুৰ, ভাৰতৰ অৱধাৰণা আছে আৰু আছে যোগ্যতাও। আমি আমাৰ ‘ছফ্টৱেৰ ইঞ্জিনিয়াৰ্ছ কম্পিউটাৰ গে’ম’ৰ জৰিয়তে ভাৰতীয় সাধু কথাবোৰ প্ৰচাৰিত কৰি পৃথিৱীক পৰিৱেশ-অনুকূল পুতলাৰ জগতখনলৈ পুনৰ ঘূৰাই আনিব পাৰিম বুলিও তেওঁ অভিমত ব্যক্ত কৰে। পিচে, ইমানৰ পিচতো কিন্তু আজিৰ তাৰিখত পৃথিৱীৰ ১০০বিলিয়ন মাৰ্কিন ডলাৰ পৰিমানৰ পুতলাৰ বজাৰখনত ভাৰতৰ অংশীদাৰিত্ব তেনেই সামান্য। দেশত পুতলাৰ চাহিদাৰ ৮৫শতাংশই পূৰণ কৰা হয় বাহিৰৰ পৰা অহা পুতলাৰে। তেওঁ তত্কালীন ভাবে এই পৰিস্থিতি সলনি কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে এতিয়া পুতলা উদ্যোগক ২৪টা গুৰুত্বপূৰ্ণ খণ্ডৰ সূচীত অন্তৰ্ভুক্ত কৰিছে। ইতিমধ্যে ‘ৰাষ্ট্ৰীয় পুতলা কৰ্ম-পৰিকল্পনা’ও যুগুতাই উলিওৱা হৈছে। এইসমূহ উদ্যোগক প্ৰতিযোগী মানসিকতাৰে উদ্বুদ্ধ কৰা, পুতলাৰ ক্ষেত্ৰত দেশক স্ব-নিৰ্ভৰশীল কৰা আৰু ভাৰতৰ পুতলা বিশ্বৰ বজাৰত উপলব্ধ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা কৰিব পৰাকৈ ১৫টা মন্ত্ৰালয় আৰু বিভাগক এই পৰিকল্পনাৰ অংশীদাৰ কৰা হৈছে। এই অভিযানৰ সময়ছোৱাত পুতলা-মণ্ডল বিকশিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক সম-অংশীদাৰ হিচাপে ভূমিকা অৰ্পণ কৰা হৈছে। এইসমূহৰ লগতে দেশত পুতলা-পৰ্যটনৰ সম্ভাৱনীয়তাক অধিক দৃঢ়তা প্ৰদান কৰিব পৰাকৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভাৰতীয় ক্ৰীড়া-ভিত্তিক পুতলাৰ উত্তৰণৰ লক্ষ্যৰে ‘টয়াথন-২০২১’-ও অনুষ্ঠিত কৰা হৈছে আৰু এই সন্মিলনত ৭০০০ৰৰো অধিক বিচাৰৰ মন্থন কৰা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ প্ৰেক্ষাপটত যদি ‘মে’ড ইন ইণ্ডিয়া’ সামগ্ৰীৰ চাহিদা আছে, তেন্তে, ‘হেণ্ডমে’ড ইন ইণ্ডিয়া’ সামগ্ৰীৰো চাহিদা সমানেই বৃদ্ধি পাব। আজিৰ মানুহে কেৱল এবিধ সামগ্ৰী হিচাপেই পুতলা নিকিনে, বৰং পুতলাৰ সৈতে বিজড়িত হৈ থকা অভিজ্ঞতাৰেও সংযুক্ত হ’বলৈকো কিনে বুলি তেওঁ উল্লেখ কৰে। সেয়ে, ভাৰতত আমি হাতে নিৰ্মিত সামগ্ৰীৰ উত্তৰণতো মনোনিৱেশ কৰিব লাগিব বুলি তেওঁ অভিমত ব্যক্ত কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Small towns emerge big growth driver for connected TV in India

Media Coverage

Small towns emerge big growth driver for connected TV in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates H.E. President Hakainde Hichilema on re-election as President of Zambia
August 20, 2026

The Prime Minister, Shri Narendra Modi, has extended his heartiest congratulations to President H.E. Hakainde Hichilema on his re-election as the President of Zambia.

The Prime Minister said that India greatly values its multifaceted partnership with Zambia.

Shri Modi expressed his desire to work together with President Hakainde Hichilema to further strengthen the relations between India and Zambia under his leadership.

The Prime Minister said in a X post;

“Heartiest Congratulations to President Hakainde Hichilema on being re-elected as the President of Zambia.

India greatly values its multifaceted partnership with Zambia and I look forward to working together to further strengthen our relations under his leadership.

@HHichilema”