PM Modi launches #AyushmanBharat Yojana, which will provide Rs 5 lakh healthcare cover to 10 crore families
Benefits of #AyushmanBharat healthcare scheme will be for all irrespective of religion, caste or class: PM Modi
#AyushmanBharat is the world’s largest state-funded health insurance scheme: PM Modi
Beneficiaries of #AyushmanBharat roughly equal to the population of the European Union, or the population of America, Canada and Mexico, taken together: Prime Minister
#AyushmanBharat Phase-I was initiated on Baba Saheb Ambedkar's Jayanti and now PM Jan Arogya Yojana is being rolled out two days ahead of Pt. Deen Dayal Upadhyaya's Jayanti: PM Modi
The poor will get best in class medical treatment for diseases like cancer, diabetes through #AyushManBharat, says PM
#AyushmanBharat: Amount of Rs. 5 lakhs would cover all investigations, medicine, pre-hospitalization expenses etc.; it would also cover pre-existing illnesses, says PM
More than 13,000 hospitals across the country have joined #AyushmanBharat: PM Modi
2,300 wellness centres are operational across the country, our aim is to take their numbers as high as 1.5 lakhs: PM Modi
Government is working with a holistic approach to improve the health sector. Our focus is on both "Affordable Healthcare" and "Preventive Healthcare": PM Modi
Through the efforts of all those involved with PMJAY, and the dedication of the doctors, nurses, healthcare providers, ASHAs, ANMs etc, #AyushmanBharat will become a success: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীত স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰত– প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা মুকলি কৰে৷

এখন বিশাল ৰাজহুৱা সভাত পিএমজেএৱাই মুকলি কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আঁচনিখনৰ ওপৰত উপস্থাপন কৰা এক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে৷ সেই একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে চাইবাছা আৰু ক’ডেৰ্মাৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও মুকলি কৰে৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনি মুকলিৰ জৰিয়তে দৰিদ্ৰতকৈও দৰিদ্ৰতম লোক, সমাজৰ বঞ্চিত লোকে উন্নত স্বাস্থ্য সেৱা আৰু চিকিৎসা লাভ কৰিব৷ তেওঁ কয় যে এই আঁচনিটোৱে প্ৰতি বছৰে প্ৰতিটো পৰিয়ালক ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য নিশ্চিতি প্ৰদান কৰিব যাৰ দ্বাৰা ৫০ কোটি লোক উপকৃত হ’ব৷ উক্ত আঁচনিটোৰ হিতাধিকাৰীসকলৰ সংখ্যা ইউৰোপিয়ান ৰাষ্ট্ৰ অথবা আমেৰিকা, কানাডা আৰু মেক্সিকোৰ মুঠ জনসংখ্যাৰ সমান বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷

তেওঁ কয় যে আয়ুষ্মান ভাৰতৰ প্ৰথম অংশ– স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহ বাবা চাহেব আম্বেদকাৰৰ জন্ম জয়ন্তীৰ দিনা মুকলি কৰা হৈছিল আৰু দ্বিতীয় অংশটো– স্বাস্থ্য বীমা আঁচনি দীন দয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীৰ ঠিক দুদিন আগত মুকলি কৰা হৈছে৷

পিএমজেএৱাই আঁচনিৰ ব্যাপকতা সন্দৰ্ভত মন্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ১৩০০টা বিভিন্ন গুৰুত্বপূৰ্ণ ৰোগ যেনে কৰ্কট, হৃদয়ৰ ৰোগ আদি সামৰি ল’ব৷ ব্যক্তিগত চিকিৎসালয়সমূহেও এই আঁচনিৰ অংশীদাৰ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই পাঁচ লাখত সকলো পৰীক্ষা, ঔষধ, চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বে হোৱা খৰচ এইসকলোবোৰ সামৰি ল’ব৷ তেওঁ কয় যে ই পূৰ্বৰ বেমাৰসমূহো সামৰি ল’ব৷ ১৪৫৫৫ অথবা সাধাৰণ সেৱা কেন্দ্ৰসমূহৰ পৰা এই আঁচনিটোৰ বিষয়ে জনসাধাৰণে অৱগত হ’ব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যিসমূহ ৰাজ্য পিএমজেএৱাইৰ অংশীদাৰ হৈছে, সেই ৰাজ্যৰ জনসাধাৰণে ৰাজ্যখনৰ যিকোনো স্থানৰ পৰা এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব৷ বৰ্তমানলৈ দেশৰ ১৩,০০০ত কৈও অধিক চিকিৎসালয় এই আঁচনিৰ অধীনত পঞ্জীকৃত হৈছে৷

ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে আজি মুকলি হোৱা ১০টা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহৰ বিষয়ে সদৰী কৰে৷ তেওঁ কয় যে দেশত এনে কেন্দ্ৰৰ সংখ্যা বৰ্তমানে ২৩০০টা হৈছে৷ অনাগত চাৰিটা বৰ্ষৰ ভিতৰত দেশত এনেকুৱা কেন্দ্ৰৰ সংখ্যা ১.৫লাখ টালৈ বৃদ্ধি কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উক্ত পদক্ষেপক কেন্দ্ৰ চৰকাৰৰ ‘‘ব্যয়সাধ্য স্বাস্থ্য সুৰক্ষা’’ আৰু ‘‘প্ৰতিৰোধমূলক স্বাস্থ্য সুৰক্ষা’’ বুলি মন্তব্য কৰে৷ 

পিএমজেএৱাইৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি, চিকিৎসক, নাৰ্চ, স্বাস্থ্য সেৱা প্ৰদানকাৰী, আশা, এএনএম আদি সকলোকে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে৷  

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Government eases defence export SOP to help local manufacturers tap global market

Media Coverage

Government eases defence export SOP to help local manufacturers tap global market
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on National Sports Day
August 29, 2026

The Prime Minister, Shri Narendra Modi has extended his greetings to all sports lovers on National Sports Day. Shri Modi said that the dedication, passion and determination of sportspersons make the entire nation proud.

The Prime Minister also paid homage to the legendary Major Dhyan Chand Ji, whose brilliance and contribution to Indian hockey continue to inspire generations.

Shri Modi posted on X:

“To every sports lover…your dedication, passion and determination make everyone proud.

We also pay homage to the legendary Major Dhyan Chand Ji, whose brilliance inspires generations.

#NationalSportsDay”