Farmers are the ones, who take the country forward: PM Modi
PM Modi reiterates Government’s commitment to double the income of farmers by 2022
PM Modi emphasizes the need to evolve new technologies and ways that will help eliminate the need for farmers to burn crop stubble

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে লক্ষ্ণৌত আয়োজিত কৃষি কুম্ভ অনুষ্ঠানত ভাষণআগবঢ়ায়৷

কৃষকসকলৰ এই সমাৱেশ নতুন প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্রত সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব আৰু কৃষিক্ষেত্রতঅধিক সুযোগ–সুবিধাৰ সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্রীয়ে আশা প্ৰকাশ কৰে।

খাদ্যশস্য সংগ্ৰহ ব্যৱস্থাৰ সুবিধা ধাৰাবাহিকভাবে বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়৷ তেওঁ কয় যে কৃষকসকল হৈছে সেইসকল ব্যক্তি যিসকলে দেশক আগুৱাই নিছে।২০২২ চনত কৃষকসকলৰ উপার্জন দুগুণ কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাও তেওঁ পুনৰ দোঁহাৰে। এই প্ৰসংগত তেওঁ কৃষকসকলৰ কল্যাণাৰ্থে উৎপাদন খৰচ হ্ৰাস কৰি লাভ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰৰএকাধিক পদক্ষেপৰ বিষয়ে উল্লেখ কৰে।অনাগত দিনত দেশজুৰি কৃষিক্ষেত্রত ব্যাপক হাৰত সৌৰশক্তিচালিতপাম্প স্থাপন কৰা হ’ব বুলিও তেওঁ সদৰি কৰে। বিজ্ঞানৰ সুফল কৃষিক্ষেত্রত উপলব্ধ কৰোৱাৰ বাবে চৰকাৰেপ্ৰচেষ্টা অব্যাহত ৰাখিছে। বাৰাণসীত ধান গৱেষণা কেন্দ্ৰ স্থাপনৰ লক্ষ্যৰে এয়া এক পদক্ষেপ বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

কৃষিখণ্ডত মূল্য সংযোজনৰ প্ৰয়োজনীয়তাৰ কথাও প্ৰধানমন্ত্রীয়ে গুৰুত্ব সহকাৰে উল্লেখ কৰে। তেওঁ কয় যে সেউজ বিপ্লৱৰ পাছত এতিয়া দুগ্ধ উৎপাদন, মৌ উৎপাদনৰ সমান্তৰালভাৱে কুঁকুৰা উৎপাদন আৰপ মীনপালনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে৷

কৃষি কুম্ভ অনুষ্ঠানত জলসম্পদৰ উপযুক্ত ব্যৱহাৰ, খাদ্যশস্য মজুত ৰখাৰ ক্ষেত্রত অত্যাধূনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু কৃষিখণ্ডত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ দৰে গুৰুত্বপূর্ণ বিষয়ক লৈ প্ৰধানমন্ত্রীয়ে আলোচনা কৰাৰ আহ্বানজনায়। শস্য চপোৱাৰ পাছত গছবোৰৰ গুৰি পুৰি পেলোৱাৰ ক্ষেত্রত কৃষকসকলৰ প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ বাবে তেওঁ নতুন প্ৰযুক্তি আৰু পন্থা উদ্ভাৱনৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future