Jai Jawan, Jai Kisan, Jai Vigyan, Jai Anusandhan: PM Modi at 106th Science Congress
As we boost our discovery science ecosystem, we must also focus on innovation and start-ups: PM Modi
Big data analysis, artificial intelligence, block-chain etc should be utilised in the agricultural sector, especially to help the farmers with relatively small farm-holdings: PM

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় বিজ্ঞান সমাৰোহৰ ১০৬সংখ্যক অধিৱেশনত উদ্বোধনী ভাষণআগবঢ়ায়।

এইবাৰৰ বিজ্ঞান সমাৰোহৰ মূল বিষয়বস্তু আছিল ‘ভৱিষ্যতৰ ভাৰতঃ বিজ্ঞান আৰু প্ৰযুক্তি’৷ এই বিষয়ৰ সন্দৰ্ভতপ্ৰধানমন্ত্রীয়ে কয় যে দেশবাসীৰ সৈতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সংযোগ স্থাপন কৰাটোৱেই হ’ব ভাৰতৰপ্ৰকৃত শক্তি।

প্ৰাক্তন বিশিষ্ট ভাৰতীয় বিজ্ঞানী আচার্য জগদীশ চন্দ্ৰ বসূ, চি ভি ৰমণ, মেঘনাদ সাহা, সত্যেন্দ্ৰনাথ বসুৰ কথা স্মৰণকৰি প্ৰধানমন্ত্রীয়ে কয় যে এই মহান বিজ্ঞানীসকলে সীমিত সম্পদ সত্ত্বেও কঠোৰ আৰু আন্তৰিক পৰিশ্ৰমৰজৰিয়তে সাধাৰণ লোকৰ সেৱা কৰিছিল।

 

প্ৰধানমন্ত্রীয়ে লগতে কয় যে শ–শ ভাৰতীয় বিজ্ঞানীৰ জীৱন আৰু কর্মই প্ৰযুক্তিগত উন্নয়ন তথা ৰাষ্ট্ৰ নিৰ্মাণ সৈতে জড়িত গভীৰ মৌলিক দৃষ্টিভংগীৰ এক অভিন্ন ইচ্ছাশক্তিৰ পৰিচয় বহন কৰে। আধুনিক বিজ্ঞান গৱেষণাকেন্দ্ৰসমূহৰ জৰিয়তে ভাৰতে ইয়াৰ বর্তমানক পৰিৱর্তনৰ লগতে নিজৰ ভৱিষ্যৎ নিশ্চিত কৰাৰ লক্ষ্যৰে কামকৰি আহিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে দুগৰাকী প্রাক্তন প্ৰধানমন্ত্রী শ্রী লালবাহাদুৰ শাস্ত্রী আৰু শ্রী অটল বিহাৰী বাজপেয়ীৰ কথাস্মৰণ কৰে। তেওঁ কয় যে শাস্ত্রীজিৰ শ্ল’গান আছিল ‘জয় জোৱান, জয় কিষাণ’৷ অটলজিয়ে কৈছিল, ‘জয় বিজ্ঞান’৷ এতিয়া সময় আহিছে, ‘জয় অনুসন্ধান’ বুলি আৰু এখোজ আগুৱাই যোৱাৰ।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিজ্ঞানৰ প্ৰকৃত উদ্দেশ্য জ্ঞান সমৃদ্ধ প্ৰজন্ম গঢ়ি তোলা আৰু আর্থ–সামাজিক স্বার্থত জ্ঞানব্যৱহাৰৰ জৰিয়তেহে পূৰণ হ’ব৷

 

বিজ্ঞান সাধনাৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ সমান্তৰালভাৱে আমাৰ উদ্ভাৱন আৰু ষ্টার্ট আপৰওপৰত জোৰ দিব লাগিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে বিজ্ঞানীসকলৰ মাজত উদ্ভাৱনমূলক কাম–কাজৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্যৰে অটল উদ্ভাৱন অভিযান আৰম্ভ কৰা হৈছে। বিগত চাৰি দশকৰ তুলনাত যোৱাচাৰি বছৰত একাধিক প্ৰযুক্তিভিত্তিক বিজিনেছ ইনকিউবেটৰ স্থাপন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সুলভ স্বাস্থ্য সেৱা, আৱাস, প্ৰদূষণমুক্ত বায়ু, জল আৰু শক্তিকে ধৰি কৃষি উৎপাদনশীলতাআৰু খাদ্য প্ৰস্তুতকৰণৰ সৈতে জড়িত সমস্যাসমূহৰ সমাধানত বিজ্ঞানীসকলে আৰু অধিক মনোনিৱেশ কৰিব লাগিব। বিজ্ঞান সার্বজনীন হ’লেও স্থানীয় চাহিদা আৰু পাৰিপার্শ্বিক অৱস্থাৰ সৈতে জড়িত সমস্যাসমূহৰসমাধানত প্ৰযুক্তিক উপযুক্তভাবে ব্যৱহাৰ কৰিব লাগিব৷

প্ৰধানমন্ত্রীয়ে কয় যে ‘বিগ ডাটা এনালাইছিছ’, কৃত্রিম বুদ্ধিমত্তা, ব্লক চেইন সংক্রান্তীয় প্ৰযুক্তিসমূহক কৃষিক্ষেত্রত, বিশেষকৈ ক্ষুদ্ৰ খেতিয়কৰ কাম লাগিব লাগিব।

 

সাধাৰণ জনতাৰ জীৱনযাপনৰ মান উন্নয়নৰ অৰ্থে কাম কৰাৰ বাবে বিজ্ঞানীসকলক আহ্বান জনাইপ্ৰধানমন্ত্রীয়ে এই প্ৰসংগত কম বৰষুণ হোৱা এলেকাত খৰাং পৰিৱেশৰে মোকাবিলা কৰা, দুৰ্যোগৰ আগজাননী দিয়া, অপুষ্টি নিয়ন্ত্ৰণ কৰা, শিশুসকলৰ মাজত ৰোগ যেনে– এনকেফেলাইটিছ নিয়ন্ত্ৰণ, প্ৰদূষণমুক্ত শক্তি, স্বচ্ছপানীয় জল আৰু চাইবাৰ নিৰাপত্তাৰ দৰে গুৰুত্বপূর্ণ ক্ষেত্ৰসমূহৰ কথা উল্লেখ কৰে।

 

২০১৮ চনত ভাৰতীয় বিজ্ঞানৰ ক্ষেত্রত কেইবাটাও গুৰুত্বপূর্ণ সাফল্যৰ কথাও প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে। ইয়াৰে ভিতৰৰ– বিমানৰ বাবে জৈৱ ইন্ধন উৎপাদন; ক্ষীণ দৃষ্টিসম্পন্ন ব্যক্তিৰ বাবে ‘দিব্য নয়ন’; কৰ্কট, যক্ষ্মা আৰুডেংগু ৰোগৰ চিকিৎসা আৰু পৰীক্ষা–নিৰীক্ষাৰ বাবে কম মূল্যৰ বিভিন্ন উপকৰণ উদ্ভাৱন; ছিকিম – দার্জিলিংঅঞ্চলত ভূমিস্খলনৰ আগতীয়া সতর্কতামূলক ব্যবস্থা প্ৰভৃতি ইত্যাদি উল্লেখযোগ্য৷

 

তেওঁ কয় যে উদ্যোগজাত সামগ্ৰীৰৰ জৰিয়তে গৱেষণা আৰু উন্নয়নৰ সাফল্যক একত্রিত কৰিবলৈবাণিজ্যিকীকৰণৰ শক্তিশালী হোৱাটো প্ৰয়োজন।

 

প্ৰধানমন্ত্রীয়ে সমাজ বিজ্ঞান, বিজ্ঞান আৰু প্ৰযুক্তি তথা উদ্যোগ আৰু মানৱতাবাদক একেলগে লৈ এক অনন্যগবেষণামূলক প্ৰয়াস গ্ৰহণৰ আহ্বান জনায়।

গৱেষণা আৰু উন্নয়নৰ ক্ষেত্রত আমাৰ শক্তি ৰাষ্ট্ৰীয় স্তৰেত গুৰুত্বপূর্ণ গৱেষণাগাৰ, কেন্দ্রীয় বিশ্ববিদ্যালয়, আইআইটি, আইআইএছচি, টিআইএফআৰ আৰু আইআইএছইআইৰ দৰে প্ৰতিষ্ঠানসমূহৰ ওপৰত ভিত্তিকৰিয়েই গঢ় লৈ উঠে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ অধীনস্থ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহতো গবেষণাৰ উপযুক্ত বাতাবৰণ গঢ়ি তুলিব লাগিব।

কেন্দ্রীয় চৰকাৰে ইণ্টাৰ ডিচিপ্লিনেৰী চাইবাৰ ফিজিকেল ছিষ্টেম সংক্রান্তীয় এক ৰাষ্ট্ৰীয় অভিযানত অনুমোদনজনাইছে। এই কর্মসূচী ৰূপায়ণৰ বাবে ৩,৬০০ কোটি টকা বিনিয়োগ কৰা হ’ব বুলি তেওঁ সদৰি কৰে। কর্মসূচীতগৱেষণা আৰু উন্নয়ন, প্ৰযুক্তিগত উন্নয়ন, মানৱসম্পদ আৰু দক্ষতা, উদ্ভাৱন, ষ্টার্ট আপ ইক’ছিষ্টেমকে ধৰি উদ্যোগ সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত সহযোগিতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব৷

মহাকাশৰ অগ্ৰগতিৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কার্টোছেট–২ আৰু অন্যান্য উপগ্ৰহেৰ উৎক্ষেপণতসফলতাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে গগণায়ন কর্মসূচীৰ জৰিয়তে ২০২২ চনত তিনিজন ভাৰতীয়কমহাকাশলৈ পঠাোৱা প্ৰস্তুতি আৰম্ভ হৈছে। ৰক্তজনিত ৰোগৰ ফলপ্ৰসূ সমাধানৰ অৰ্থে গৱেষণাৰ কাম আৰম্ভহৈছে বুলি অৱগত কৰে প্ৰধানমন্ত্রীয়ে৷

প্ৰধানমন্ত্রীয়ে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন বিষয়ক পৰিষদে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্রত উপযুক্ত নীতিপ্ৰণয়নত সহায় কৰিব বুলি সদৰি কৰে।

প্ৰধানমন্ত্রীৰ গৱেষণা ফেল’শ্বিপ প্ৰকল্পৰ অধীনত দেশৰ এনে প্ৰতিষ্ঠানৰএক হাজাৰ প্ৰতিভাবান শিক্ষাৰ্থীক আইআইটি আৰু আইআইএছচি প্ৰতিষ্ঠানত পিএইচডি ডিগ্রী অর্জনৰ বাবেনাম ভর্তিৰ সুযোগ দিয়া হ’ব বুলিও প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে৷ এই প্ৰকল্পই গৱেষণা ক্ষেত্রৰ উৎকর্ষ সাধনৰলগতে দেশৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠানসমূহ শিক্ষক–শিক্ষয়িত্ৰীৰ অভাৱ দূৰ কৰাত সহায় কৰিব৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
First multilingual Indian speech recognition model trained on 65 languages and dialects released

Media Coverage

First multilingual Indian speech recognition model trained on 65 languages and dialects released
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
President’s address on the eve of 80th Independence Day reflects the nation’s strength and inspires renewed determination for a Viksit Bharat: PM
August 14, 2026

Prime Minister Shri Narendra Modi today lauded the address delivered by President of India, Smt. Droupadi Murmu, on the eve of 80th Independence Day noting that it was motivating and thoughtful.

The Prime Minister observed that her thoughts reflect the strength of our nation and the aspirations of every Indian. He stated that her message inspires us all to work with renewed determination for a Viksit Bharat.

In a post on X, the Prime Minister shared:

"A motivating and thoughtful address by Rashtrapati Ji on the eve of Independence Day.

Her thoughts reflect the strength of our nation and the aspirations of every Indian.

Her message inspires us all to work with renewed determination for a Viksit Bharat.

@rashtrapatibhvn"