বিগত দুমাহত ৬খন বন্দে ভাৰত এক্সপ্ৰেছ শুভাৰম্ভ
‘ৰাজস্থানে আজি প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ লাভ কৰিলে। ইয়াৰ দ্বাৰা যোগাযোগ ব্যৱস্থা আৰু পৰ্যটন বৃদ্ধি কৰিব”
“বন্দে ভাৰতে ‘ভাৰত প্ৰথম সদায় প্ৰথম’ৰ মনোভাৱক উপলব্ধি কৰাইছে”
“বন্দে ভাৰত ৰে’ল উন্নয়ন, আধুনিকতা, সুস্থিৰতা আৰু আত্মনিৰ্ভৰশীলতাৰ সমাৰ্থক হৈ পৰিছে”
‘দুৰ্ভাগ্যজনকভাৱে ৰে’লৱেৰ দৰে নাগৰিকৰ এটা গুৰুত্বপূৰ্ণ আৰু মৌলিক প্ৰয়োজনীয়তা ৰাজনীতিৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত হ’ল’
“ৰাজস্থানৰ বাবে ৰে’ল বাজেট ২০১৪ চনৰ পৰা ১৪ গুণ বৃদ্ধি কৰা হৈছে, ২০১৪ চনত ৭০০ কোটিৰ পৰা চলিত বৰ্ষত ৯,৫০০ কোটি টকাৰো অধিক ধাৰ্য কৰা হৈছে”
“ভাৰত গৌৰৱ চাৰ্কিট ট্ৰেইনসমূহে এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক নিৰন্তৰ শক্তিশালী কৰি তুলিছে”
‘যেতিয়া ৰে’লৰ দৰে যোগাযোগৰ আন্তঃগাঁথনি শক্তিশালী হয়, তেতিয়া দেশ শক্তিশালী হয়। ইয়াৰ দ্বাৰা দেশৰ সাধাৰণ নাগৰিক উপকৃত হয়, দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ উপকাৰ হয়”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাজস্থানৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল পতাকা জোকাৰি শুভাৰম্ভ কৰে।

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে শৌৰ্য্যৰ ভূমি ৰাজস্থানক অভিনন্দন জনায় যে জয়পুৰ দিল্লীৰ মাজৰ যাত্ৰা সহজ হোৱাই নহয়, ৰাজস্থানৰ পৰ্যটন উদ্যোগকো উদ্গনি যোগাব, কাৰণ ই তীৰ্থৰাজ পুষ্কৰ আৰু আজমেৰ শ্বৰীফৰ দৰে বিশ্বাসৰ স্থান ভ্ৰমণত সহায় কৰিব।

বিগত দুমাহত প্ৰধানমন্ত্ৰীয়ে দিল্লী-জয়পুৰ বন্দে ভাৰত এক্সপ্ৰেছকে ধৰি দেশৰ ৬খন বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰাৰ সুযোগ পোৱাৰ কথা স্মৰণ কৰি মুম্বাই-ছোলাপুৰ বন্দে ভাৰত এক্সপ্ৰেছ, মুম্বাই-শিৰিদি বন্দে ভাৰত এক্সপ্ৰেছ, ৰাণী কমলাপতি-হজৰত নিজামুদ্দিন বন্দে ভাৰত এক্সপ্ৰেছ, ছেকেন্দৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছ আৰু চেন্নাই কইম্বাটুৰ বন্দে ভাৰত এক্সপ্ৰেছৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বন্দে ভাৰত এক্সপ্ৰেছ আৰম্ভ হোৱাৰ পৰাই প্ৰায় ৬০ লাখ নাগৰিকে যাত্ৰা কৰিছে। “বন্দে ভাৰতৰ গতি ইয়াৰ মূল বিশেষত্ব আৰু ই মানুহৰ সময় ৰাহি কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। এক অধ্যয়ন অনুসৰি প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰিছে যে বন্দে ভাৰত এক্সপ্ৰেছেৰে যাত্ৰা কৰাসকলে প্ৰতিটো ভ্ৰমণতে ২৫০০ ঘণ্টা ৰাহি কৰে। তেওঁ আলোকপাত কৰে যে বন্দে ভাৰত এক্সপ্ৰেছ নিৰ্মাণৰ দক্ষতা, সুৰক্ষা, ক্ষিপ্ৰ গতি আৰু সুন্দৰ ডিজাইনৰ কথা মনত ৰাখি বিকশিত কৰা হৈছে। নাগৰিকে বন্দে ভাৰত এক্সপ্ৰেছৰ অতিশয় শলাগ লোৱা বুলি পুনৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এক্সপ্ৰেছ ৰে’লখন ভাৰতত নিৰ্মাণ হোৱা প্ৰথমখন ছেমি অট’মেটিক ৰে’ল আৰু বিশ্বৰ প্ৰথমখন কমপেক্ট আৰু কাৰ্যক্ষম ৰে’লৰ ভিতৰত অন্যতম। “বন্দে ভাৰত হৈছে থলুৱা সুৰক্ষা কৱচ ব্যৱস্থাৰ সৈতে সামঞ্জস্যপূৰ্ণ প্ৰথমখন ৰে’ল”, শ্ৰী মোদীয়ে কয়। তেওঁ কয় যে অতিৰিক্ত ইঞ্জিনৰ প্ৰয়োজন নোহোৱাকৈ সহ্যাদ্ৰী ঘাটৰ উচ্চতা অতিক্ৰম কৰা প্ৰথমখন ৰে’ল। “বন্দে ভাৰত এক্সপ্ৰেছে ‘‘ভাৰত প্ৰথম সদায় প্ৰথম’ৰ মনোভাৱক উপলব্ধি কৰে”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে বন্দে ভাৰত এক্সপ্ৰেছ উন্নয়ন, আধুনিকতা, সুস্থিৰতা আৰু ‘আত্মনিৰ্ভৰতা’ৰ সমাৰ্থক হৈ পৰিছে।

ৰে’লৱেৰ দৰে নাগৰিকৰ এক গুৰুত্বপূৰ্ণ আৰু মৌলিক প্ৰয়োজনীয়তাক ৰাজনীতিৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত হোৱাত প্ৰধানমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয় যে স্বাধীনতাৰ সময়ত ভাৰতে স্বাভাৱিকতে বৃহৎ ৰে’ল নেটৱৰ্ক উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল যদিও স্বাধীনতাৰ পিছৰ বছৰবোৰত আধুনিকীকৰণৰ প্ৰয়োজনীয়তাত ৰাজনৈতিক স্বাৰ্থই আধিপত্য বিস্তাৰ কৰিছিল। ৰে’ল মন্ত্ৰী বাছনি, ৰে’লৰ ঘোষণা আনকি নিযুক্তিৰ ক্ষেত্ৰতো ৰাজনীতি স্পষ্ট হৈ পৰিছিল। ৰে’লৱেৰ চাকৰিৰ ভুৱা নাটকক লৈ ভূমি অধিগ্ৰহণ কৰা হৈছিল আৰু বহুতো মানৱবিহীন ৰে’ল ক্ৰছিং বহুদিন ধৰি চলি থাকিল আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুৰক্ষাৰ প্ৰতি অৱহেলা কৰিছিল। ২০১৪ চনৰ পিছত পৰিস্থিতিয়ে ভাল দিশলৈ গতি কৰিলে যেতিয়া মানুহে সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে এখন সুস্থিৰ চৰকাৰ নিৰ্বাচন কৰিলে, “যেতিয়া ৰাজনৈতিক দিয়া আৰু লোৱাৰ হেঁচা কমি আহিল, ৰে’লৱেই সকাহৰ হুমুনিয়াহ এটা কাঢ়ি নতুন উচ্চতালৈ ধাবিত হ’ল” তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰৰ চৰকাৰে ৰাজস্থানক নতুন সুযোগৰ ভূমি কৰি তুলিছে। পৰ্যটনক অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে লৈ ৰাজস্থানৰ দৰে ৰাজ্যৰ বাবে ইমান গুৰুত্বপূৰ্ণ সংযোগৰ বাবে কেন্দ্ৰীয় চৰকাৰে অভূতপূৰ্ব কাম কৰিছে বুলিও তেওঁ কয়। শ্ৰী মোদীয়ে ফেব্ৰুৱাৰী মাহত দিল্লী মুম্বাই এক্সপ্ৰেছৱেৰ দিল্লী দৌছা লালসোট অংশ উচৰ্গা কৰাৰ কথা উল্লেখ কৰে৷ এই অংশই দৌছা, আলৱাৰ, ভৰতপুৰ, ছাৱাই মাধোপুৰ, টংক, বুণ্ডী আৰু কোটা জিলাক উপকৃত কৰিব। প্ৰধানমন্ত্ৰীয়ে জনায় যে কেন্দ্ৰীয় চৰকাৰে ৰাজস্থানৰ সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰায় ১,৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ কাম কৰি আছে আৰু ৰাজ্যখনত ১,০০০ কিলোমিটাৰতকৈও অধিক দীঘল পথ নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে৷

ৰাজস্থানত যোগাযোগ ব্যৱস্থাত দিয়া অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে তাৰংগা পাহাৰৰ পৰা আম্বাজীলৈ ৰে’লপথৰ কাম আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। এই লাইনটো আছিল শতিকা পুৰণি দাবী, যিটো এতিয়া পূৰণ কৰা হৈছে। উদয়পুৰ-আহমেদাবাদ লাইনৰ ব্ৰড গজৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ লগতে ৭৫ শতাংশতকৈ অধিক ৰে’ল নেটৱৰ্ক বিদ্যুৎ সংযোগ কৰা হৈছে বুলিও তেওঁ অৱগত কৰে। শ্ৰী মোদীয়ে কয় যে ২০১৪ চনৰ পৰা ৰাজস্থানৰ বাবে ৰে’ল বাজেট ১৪ গুণ বৃদ্ধি কৰা হৈছে, ২০১৪ চনত ৭০০ কোটিৰ পৰা চলিত বৰ্ষত ৯,৫০০ কোটি টকাতকৈও অধিক হৈছে। ৰে’লপথ দুগুণ হোৱাৰ ফলত গতিও দুগুণ বৃদ্ধি পাইছে। গজ পৰিৱৰ্তন আৰু দ্বৈত ৰে’লপথে ডুংগাৰপুৰ, উদয়পুৰ, চিত্তৰগড়, পালি, ছিৰোহী আদি জনজাতি বসতিপ্ৰধান অঞ্চলত সহায় কৰিছে। অমৃত ভাৰত ৰে’লৱে যোজনাৰ অধীনত কেইবা ডজন ষ্টেচন উন্নীতকৰণ কৰা হৈছে বুলিও তেওঁ লগতে কয়।

পৰ্যটকৰ সুবিধাৰ কথা মনত ৰাখি প্ৰধানমন্ত্ৰীয়ে চৰকাৰে বিভিন্ন ধৰণৰ চাৰ্কিট ট্ৰেইনো চলাই থকা বুলি অৱগত কৰি ভাৰত গৌৰৱ চাৰ্কিট ট্ৰেইনৰ উদাহৰণ দাঙি ধৰে যিখনে ৰে’লে এতিয়ালৈকে ১৫ হাজাৰতকৈ অধিক যাত্ৰীয়ে ৭০বাৰতকৈ অধিক ভ্ৰমণ কৰিছে। “অযোধ্যা-কাশীয়েই হওক, দক্ষিণ দৰ্শনেই হওক, দ্বাৰকা দৰ্শনেই হওক, শিখ তীৰ্থস্থানেই হওক, ভাৰত গৌৰৱ চাৰ্কিট ৰে’ল এনে বহু ঠাইৰ বাবে চলোৱা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়। ভ্ৰমণকাৰীসকলে ছ’চিয়েল মিডিয়াত লাভ কৰা ইতিবাচক প্ৰতিক্ৰিয়াৰ কথা লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ৰে’লসমূহে এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক নিৰন্তৰ শক্তিশালী কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে এক ষ্টেচন এক সামগ্ৰী অভিযানৰ ওপৰত আলোকপাত কৰি কয় যে ভাৰতীয় ৰে’লৱেই বছৰ বছৰ ধৰি ৰাজস্থানৰ স্থানীয় সামগ্ৰীসমূহ সমগ্ৰ দেশলৈ লৈ যোৱাৰ ক্ষেত্ৰত আন এক প্ৰচেষ্টা হাতত লৈছে। তেওঁ কয় যে ভাৰতীয় ৰে’লৱেই ৰাজস্থান জয়পুৰী কুইল্ট, সাংগানেৰী ব্লক প্ৰিণ্ট বেড শ্বীট, গোলাপৰ সামগ্ৰী আৰু অন্যান্য হস্তশিল্পকে ধৰি প্ৰায় ৭০টা এক ষ্টেচন এক সামগ্ৰীৰ বিপনী স্থাপন কৰিছে, যিবোৰ এই বিপনীসমূহত বিক্ৰী হৈ আছে। তেওঁ উল্লেখ কৰে যে ৰাজস্থানৰ ক্ষুদ্ৰ কৃষক, শিপিনী আৰু হস্তশিল্পীসকলে এই নতুন মাধ্যমেৰে বজাৰত প্ৰৱেশ কৰিবলৈ পাইছে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়নৰ ক্ষেত্ৰত সকলোৰে অংশগ্ৰহণৰ এয়া এক নিদৰ্শন। ‘যেতিয়া ৰে’লৰ দৰে সংযোগৰ আন্তঃগাঁথনি শক্তিশালী হয়, তেতিয়া দেশ শক্তিশালী হয়। ইয়াৰ দ্বাৰা দেশৰ সাধাৰণ নাগৰিক উপকৃত হয়, দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ উপকাৰ হয়”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে৷ তেওঁ আস্থা প্ৰকাশ কৰে যে আধুনিক বন্দে ভাৰত ৰে’লে ৰাজস্থানৰ উন্নয়ন ত্বৰান্বিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!