প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰুৱাণ্ডা চৰকাৰৰ গিৰিংকা কাৰ্যসূচীৰ অংশস্বৰূপে ৰিউৰু আদৰ্শ গাঁৱৰ বাসিন্দাসকলক গৰু উপহাৰ হিচাপে আগবঢ়ায়৷ ৰুৱাণ্ডাৰ ৰাষ্ট্ৰপতি প’ল কাগামিৰ উপস্থিতিত ৰিউৰু আদৰ্শ গাঁৱত গৰু উপহাৰ দিয়া কাৰ্যসূচী অনুষ্ঠিত হয়৷ 

অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীয়ে গিৰিংকা আঁচনি ৰূপায়নৰ বাবে ৰাষ্ট্ৰপতি প’ল কাগামিক প্ৰশংসা কৰে৷ তেওঁ কয় যে গ্ৰামাঞ্চলত অৰ্থনৈতিক উন্নয়নৰ আহিলা হিচাপে সুদূৰ ৰুৱাণ্ডাত গৰুক ইমান গুৰুত্ব প্ৰদান  প্ৰত্যক্ষ কৰি ভাৰতীয়সকলো আঁচৰিত হৈ যাব৷ দুয়োখন দেশৰ গ্ৰামাঞ্চলৰ জীৱন-ধাৰণশৈলীৰ সাদৃশ্য আছে বুলি তেওঁ উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে গিৰিংকা আঁচনিয়ে ৰুৱাণ্ডাৰ গ্ৰামাঞ্চলৰ পৰিৱেশ সলনি কৰিব৷ 

 

পটভূমিঃ

‘গিৰিংকা’ শব্দটোৰ অৰ্থ হ’ল—‘আপোনাৰ গৰু আছেনে’৷ ৰুৱাণ্ডাত ইয়াক এক শতিকা পুৰণি সাংস্কৃতিক পৰম্পৰা হিচাপে গণ্য কৰা হয়, য’ত ইজনে সিজনক সন্মান আৰু কৃতজ্ঞতাৰ চিনস্বৰূপে গৰু উপহাৰ দিয়ে৷     

 

ৰাষ্ট্ৰপতি প’ল কাগামিয়ে গিৰিংকা আঁচনি আৰম্ভ কৰিছিল৷ শিশুখাদ্যৰ বৰ্ধিত মূল্যৰ প্ৰতি লক্ষ্য ৰাখি আৰু দৰিদ্ৰতা হ্ৰাস, পশুধনৰ শ্ৰীবৃদ্ধি আদি লক্ষ্যৰে তেওঁ এই আঁচনি ৰূপায়ন কৰে৷ 

২০০৬ত আৰম্ভ হোৱাৰ পৰা আঁচনিখনৰ অধীনত হাজাৰ হাজাৰ লোকে এইপৰ্যন্ত গৰু লাভ কৰিছে৷ ২০১৬ৰ জুনলৈ গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকলৈ মুঠ ২৪৮,৫৬৬টা গৰু বিতৰণ কৰা হৈছে৷ 

আঁচনিখনৰ ফলস্বৰূপে ৰুৱাণ্ডাত কৃষি উৎপাদন বৃদ্ধি পাইছে—বিশেষকৈ দুগ্ধজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাইছে, অপুষ্টি হ্ৰাস পাইছে আৰু জনসাধাৰণৰ আয় বৃদ্ধি হোৱা দেখা গৈছে৷ গৰুৰ আদান-প্ৰদানে যিহেতু পৰস্পৰৰ প্ৰতি বিশ্বাস আৰু সন্মান বৃদ্ধি কৰে, গতিকে গিৰিংকা আঁচনিখনে ৰুৱাণ্ডাৰ জনসাধাৰণৰ মাজত একতা-সম্প্ৰীতিৰ এনাজৰী দৃঢ় কৰিছে৷ ৰুৱাণ্ডা চৰকাৰে এই আঁচনিৰ বাবে গ্ৰামাঞ্চলৰ এনেকুৱা লোকক বাছনি কৰিছে, যাৰ ভূমি আছে কিন্তু গৰু কিনিবলৈ ধন নাই৷ উক্ত ভূমিত তেওঁ গো-পালনৰ বাবে পৰ্যাপ্ত ঘাঁহ ৰোপন কৰিব পাৰিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12

Media Coverage

Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 আগষ্ট 2026
August 12, 2026

India Rising on Every Front: Economic Strength, Global Recognition & Self-Reliance Under PM Modi’s Vision