It is time for appreciation, evaluation as well as introspection: PM Modi on Civil Services Day
Lives of people would transform when they are kept at the centre of decision making process: PM Modi
Strategic thinking is vital for success: PM Modi
Democracy is not any agreement, it is about participation: PM
Come, in 5 years till 2022, let us take inspiration from those who sacrificed their lives for our country's freedom and march towards building a New India: PM
Technology can become our additional strength, let's embrace it: PM

অসামৰিক সেৱা দিৱস উপলক্ষে অসমাৰিক সেৱাৰ বিষয়া-কৰ্মচাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়। তেওঁ কয় যে প্ৰশংসা, মুল্যায়ন আৰু অন্তৰ্দৰ্শন কৰাৰ বাবেই এনে দিৱস পালন কৰা হয়। অসামৰিক সেৱাৰ কৰ্মচাৰীসকলক প্ৰধানমন্ত্ৰীৰ বঁটা প্ৰদান কৰি বঁটা বিজয়ীসকলক প্ৰণোদিত আৰু অভিনন্দন জনোৱা হয় বুলি তেওঁ বৰ্ণনা কৰে। তেওঁ কয় যে এনে বঁটাসমূহে চৰকাৰৰ অগ্ৰাধিকাৰকে সূচায়।

 

তেওঁ কয় যে অগ্ৰাধিকাৰমুলক আঁচনি যেনে-প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, দীনদয়াল উপাধ্যায়  কৌশল যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু ডিজিটেল পেমেণ্টৰ বাবে যিসকলক বঁটা প্ৰদান কৰা হৈছে, সেয়া নিউ ইণ্ডিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে আজি প্ৰধানমন্ত্ৰীৰ বঁটা আৰু ৰূপান্তৰশীল জিলাসমূহৰ প্ৰচেষ্টাসমূহক লৈ দুখন গ্ৰন্থ প্ৰকাশ কৰা হৈছে।

ৰূপান্তৰশীল জিলাসমূহৰ বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই ১১৫খন জিলা, সংশ্লিষ্ট জিলাসমূহৰ বিকাশৰ ইঞ্জিন হ’ব পাৰে। তেওঁ উন্নয়নৰ ক্ষেত্ৰত জনতাৰ অংশগ্ৰহনৰ ওপৰত জোৰ দিয়ে। তেওঁ কয় যে ২০২২ চনত দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ব আৰু ই আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পুৰণৰ দিশে কাম কৰাৰ এক প্ৰেৰণাও হ’ব পাৰে।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ হকে মহাকাশ প্ৰযুক্তিকে ধৰি সকলো ধৰণৰ প্ৰযুক্তি ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে অসামৰিক সেৱাৰ বিষয়া-কৰ্মচাৰীসকলে বিশ্বৰ উন্নত প্ৰযুক্তিসমূহৰ সৈতে সংস্পৰ্শ ৰখাটো উচিত।

তেওঁ কয় যে মানুহ হিচাপে অসামৰিক সেৱাৰ বিষয়া-কৰ্মচাৰীসকল অপৰিসীম ক্ষমতাৰ অধিকাৰী আৰু এই সক্ষমতাৰ ধাৰাবাহিকতা অব্যাহত থকাটো ৰাষ্ট্ৰখনৰ বাবে লাভজনক দিশ।

 Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'

Media Coverage

'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ছেপ্টেম্বৰ 2026
September 15, 2026

A Mandate of Performance: Civic Wins, IPO Surge and Neighbourly Power Reflect Faith in PM Modi’s Leadership