প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰয়াগৰাজত স্বচ্ছ কুম্ভ, স্বচ্ছ আভাৰ অনুষ্ঠান সম্বোধন কৰে৷

প্ৰয়াগৰাজৰ পবিত্ৰ সংগমত স্মান কৰি আৰু কুম্ভমেলাক স্বচ্ছ কৰাৰ দায়িত্বত নিয়োজিত কেইগৰাকীমান নিৰ্বাচিত চাফাইকৰ্মীৰ ‘চৰণ বন্দনা’ কৰাৰ পিছত তেওঁ মঞ্চত উপস্থিত হয়৷

প্ৰয়াগৰাজৰ কুম্ভত সমবেত ভক্তৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়োজন নিশ্চিত কৰাত জড়িত সকলো কৰ্মকৰ্তাক প্ৰধানমন্ত্ৰীয়ে কৰ্ম-যোগী আখ্যা দিয়ে৷ এই প্ৰসংগত তেওঁ এনডিআৰএফ, নাৱৰীয়া, স্থানীয় ৰাইজ আৰু চাফাই কৰ্মীসকলৰ কথা উল্লেখ কৰে৷ বিগত কেইসপ্তাহত প্ৰায় ২১ কোটি লোকে কুম্ভমেলা দৰ্শন কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চাফাই কৰ্মীসকলে অসম্ভৱক সম্ভৱ কৰি তুলিছে৷ কুম্ভমেলাৰ সফল আয়োজনত তেওঁলোকৰ ভূমিকাক সকলোৱে স্বীকাৰ কৰিবই লাগিব৷ তেওঁ কয় যে চাফাই কৰ্মীৰ চৰণ বন্দনা কৰাৰ সময়ছোৱা তেওঁৰ মানসপটত সদায় সজীৱ হৈ থাকিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি স্বচ্ছ সেৱা সন্মান কোষ মুকলি কৰা হৈছে আৰু ইয়ে চাফাইকৰ্মী তথা তেওঁলোকৰ পৰিয়ালৰ লোকক সহায় কৰিব৷

স্বচ্ছ ভাৰত অভিযান তীব্ৰতাৰে আগুৱাই গৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মজয়ন্তীৰ পূৰ্বে ভাৰতবৰ্ষ মুকলিত শৌচমুক্ত দেশত পৰিণত হ’ব৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গংগা নদীৰ স্বচ্ছতা ওপৰতো চলিত বৰ্ষত অধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ তেওঁ স্বচক্ষে আজি এয়া প্ৰত্যক্ষ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে এয়া কেন্দ্ৰীয় চৰকাৰৰ নমামী গংগে আঁচনিৰ ফল৷ তেওঁ কয় যে নৰ্দমাৰ পানী নদীত পৰাটো বন্ধ কৰা হৈছে আৰু নৰ্দমাৰ আৱৰ্জনা নিষ্কাষণৰ ব্যৱস্থা নিৰ্মাণ কৰা হৈছে৷ শেহতীয়াকৈ তেওঁ লাভ কৰা ছিউল শান্তি পুৰস্কাৰৰ সৈতে সন্নিবিষ্ট ১.৩০ কোটিৰ ধনৰাশি নমামী গংগে অভিযানৰ নামত উৎসৰ্গা কৰা হৈছে৷ বিভিন্ন সময়ত উপহাৰ হিচাপে লাভ কৰা স্মাৰক সামগ্ৰীসমূহ নিলামত কৰি লাভ কৰা ধনো নমানী গংগে অভিযানলৈ আগবঢ়োৱা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কুম্ভৰ সৈতে জড়িত নাৱিকসকলকো বিশেষভাৱে প্ৰসংসা কৰে৷ তেওঁ লগতে কয় যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে কুম্ভমেলালৈ অহা ভক্তই অক্ষয় ভাট দৰ্শনৰ সুযোগ লাভ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষত কুম্ভৰ বাবে প্ৰস্তুত কৰা আন্তঃগাথনিসমূহ অনাগত সময়তো চহৰখনৰ উপযোগী হৈ থাকিব৷ অৰ্থাৎ কুম্ভমেলাৰ পাছতো ই ব্যৱহাৰযোগ্য হৈ থাকিব৷

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi offers prayers at Seychelles' Arulmigu Navasakthi Vinayagar temple

Media Coverage

PM Modi offers prayers at Seychelles' Arulmigu Navasakthi Vinayagar temple
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুন 2026
June 29, 2026

PM Modi Advancing National Strength Through Unity, Innovation and Janbhagidari