There was a period when only 15 paise out of one rupee reached the beneficiaries. But now the poor directly get benefits without intervention of the middlemen: PM
Our Government has always given priority to the interests of our farmers: PM Modi
Due to the efforts of the government, both the production and export of spices from India has increased considerably: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ তুমকুৰত এক ৰাজহুৱা সভাক ৰাজ্য প্ৰগতিশীল কৃষিকলৈ কৃষি মন্ত্ৰীৰ কৃষি কৰ্ম বঁটাৰ লগতে প্ৰশংসনীয় বঁটা প্ৰদান কৰে৷ তেওঁ লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ২০১৯ৰ ডিচেম্বৰ আৰু ২০২০ৰ মাৰ্চৰ মাজৰ সময়ছোৱাৰ বাবে তৃতীয় কিস্তিৰ বাবদ ২,০০০ টকা মুকলি কৰে৷ ইয়াৰ দ্বাৰা দেশৰ ৬ কোটি হিতাধিকাৰী উপকৃত হোৱাৰ লগতে কৰ্ণাটকৰ একাংশ নিৰ্বাচিত কৃষকক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হয়৷ পিএম কিষাণ আঁচনিৰ অধীনত ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ হিতাধিকাৰীৰ হাতত তেওঁ প্ৰশংসাপত্ৰ অৰ্পণ কৰে৷ তামিলনাডুৰ কেইবাগৰাকী মৎস্যজীৱিক তেওঁ গভীৰ সমুদ্রত মাছ ধৰাৰ জলযানৰ চৰকাৰী নথিপত্ৰ তথা এনে ধৰণৰ জলযানত ব্যৱহৃত সঁজুলিৰ বিতৰণ কৰে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্রীয়ে কয় যে নৱবর্ষৰে এই ক্ষণত এক নতুন দশকৰ আৰম্ভণিতে দেশৰ অন্নদাতা-মোৰ প্রিয় ভাই-ভনীসকলৰ সংগ লাভ কৰাটো সৌভাগ্যৰ বিষয়৷ ১৩০ কোটি ভাৰতীয়ৰ হৈ প্ৰধানমন্ত্রীয়ে দেশৰ কৃষকসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে ধন্যবাদ জনায়৷

প্ৰধানমন্ত্রীয়ে কয় যে দেশত প্রায় ৬ কোটি কৃষকৰ ব্যক্তিগত একাউণ্টত পিএম কিষাণ প্ৰকল্পৰ অধীনত প্ৰত্যক্ষ সুবিধা হস্তান্তৰৰ ঐতিহাসিক ঘটনাৰ সাক্ষী হৈছে কর্ণাটক৷ তেওঁ লগতে উল্লেখ কৰে যে এই আঁচনিৰ তৃতীয় কিস্তিৰ বাবদ কৃষকৰ বাবে প্রায় ১২ হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে৷

যিবোৰ ৰাজ্যই এতিয়াও ‘পিএম কিষাণ সন্মান নিধি যোজনা’ ৰূপায়ণ কৰা নাই তেওঁলোকে কোনো হেমাহি নকৰি ইয়াক কার্যকৰী কৰিব আৰু ৰাজনৈতিক দলসমূহে ৰাজনীতিৰ ঊর্ধ্বত থাকি নিজৰ ৰাজ্যৰ কৃষকসকলক সহায় কৰিব৷

দেশত সেই সময়ৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্রীয়ে কয় যে যেতিয়া দুখীয়া লোকসকলৰ বাবে ১ টকা পঠোৱা হৈছিল, তেতিয়া তেওঁলোকে কেৱল ১৫ পইছা পাইছিল৷ কিন্তু এতিয়া সময় সলনি হৈছে৷ এতিয়া দুখীয়াসকলৰ বাবে টকাত মধ্যভোগীৰ হস্তক্ষেপ অবিহনে পোনপটীয়াকৈ সোমাই গৈছে৷

প্ৰধানমন্ত্রীয়ে কয় যে বহু দশক ধৰি অসম্পূৰ্ণ হৈ থকা কৃষি জলসিঞ্চন প্ৰকল্পসমূহ এতিয়া কাৰ্যক্ষম হৈছে৷ কৃষকৰ স্বার্থত চৰকাৰে সকলো সময়তে অগ্রাধিকাৰ দিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এওঁলোকৰ কল্যাণাৰ্থে শস্য বীমা, ছইল হেল্থ কার্ড আৰু ১০০ শতাংশ নিম প্ৰলেপযুক্ত ইউৰিয়া যোগান ধৰা হৈছে৷

চৰকাৰৰ আন্তৰিক প্ৰচেষ্টাৰ ফলতে মচলাপাতিৰ উৎপাদন আৰু ৰপ্তানি উভয়েই লক্ষ্যণীয় হাৰত বৃদ্ধি পাইছে৷ এই প্ৰসংগত তেওঁ কয়, “ভাৰতত মচলা উৎপাদনৰ পৰিমাণ ২৫ লাখ টন বৃদ্ধি পাইছে৷ একেদৰে ৰপ্তানিৰ পৰিমাণ প্রায় ১৫ হাজাৰ কোটি টকাৰ পৰা বৃদ্ধি পাই ১৯ হাজাৰ কোটি টকা হৈছে৷”

তেওঁ জনান যে উদ্যান শস্যৰ লগতে বিভিন্ন ধৰণৰ দাইলজাতীয় শস্য, তৈলবীজ আৰু মোটা দানা শস্য উৎপাদনতো দক্ষিণ ভাৰতৰ গুৰুত্বপূর্ণ ভূমিকা আছে৷

প্ৰধানমন্ত্রীয়ে কয় যে দেশত দাইলজাতীয় শস্যৰ উৎপাদন বৃদ্ধিত একাধিক চীড হাব গঢ়ি তোলা হৈছে৷ আনকি এই ধৰণৰ ৩০টা কেন্দ্ৰ আছে কর্ণাটক, অন্ধ্ৰ, কেৰালা, তামিলনাডু আৰু তেলেংগানাত৷

মৎস্য পালনৰ ক্ষেত্রত চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এই ক্ষেত্রৰ সৰ্বাংগীন অগ্ৰগতি আৰু উন্নয়নত তিনিটা স্তৰত কাম চলি আছে৷

প্ৰথমতে, মৎস্যজীৱি সকলৰ আর্থিক সাহায্যৰ জৰিয়তে গাঁৱে গাঁৱে মীনপালনত উৎসাহ যোগোৱা হৈছে৷

দ্বিতীয়তে, নীল বিপ্লৱ আঁচনিৰ অধীনত মাছ ধৰাৰ নাঁওসমূহৰ আধুনিকীকৰণ কৰা হৈছে৷

তৃতীয়তে, মাছ ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত আধুনিক পৰিকাঠামো গঢ়ি তোলা হৈছে৷

প্ৰধানমন্ত্রীয়ে কয় যে মৎস্যজীৱিসকলো কিষাণ ক্রেডিট কার্ডৰ সুবিধা প্ৰদান কৰা হৈছে৷ মৎস্যজীৱিসকলৰ সুবিধার্থে বৃহদায়তন নদী আৰু সমুদ্রত নতুন বন্দৰ গঢ়ি তোলা হৈছে৷ আধুনিক পৰিকাঠামো গঢ়ি তোলাৰ বাবে চাৰে সাত হাজাৰ কোটি টকাৰ বিশেষ পুঁজি গঢ়ি তোলা হৈছে৷ গভীৰ সমুদ্রত মাছ ধৰাৰ বাবে মৎস্যজীৱিসকলৰৰ নাওবোৰৰ আধুনিকীকৰণ কৰা হৈছে আৰু মাজ সমুদ্রত মৎস্যজীৱিৰ সুৰক্ষায় নাওসমূহত দিক-নির্দেশক উপকৰণ স্থাপন কৰা হৈছে৷ এই কামত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই সাহায্য আগবঢ়াইছে৷

দেশৰ পুষ্টি নিৰাপত্তাৰ বিষয়টোৰ বিবেচনা কৰি প্ৰধানমন্ত্রীয়ে পুষ্টিসমৃদ্ধ দানাশস্য, উদ্যান শস্য আৰু জৈৱিক কৃষিৰ ক্ষেত্রত কৃষি কৰ্ম পুৰস্কাৰ আৰম্ভ কৰাৰ অনুৰোধ কৰে৷ এই ধৰণৰ পুৰস্কাৰ আৰম্ভ হ’লে সংশ্লিষ্ট ৰাজ্য আৰু সেই ৰাজ্যৰ কৃষকসকলে আৰু অধিক ভাল কাম কৰিবলৈ উৎসাহিত হ’ব৷

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
May 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, May 31st. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.