প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু নানক দেৱজীৰ শিক্ষা আৰু মূল্যবোধ জীয়াই ৰাখিবলৈ সকলোকে আহ্বান জনায়৷ ইণ্টিগ্ৰেটেড চেক প’ষ্ট(আইচিপি) আৰু কাৰ্টাৰপুৰ ক’ৰিডৰ মুকলি অনুষ্ঠান উপলক্ষে ডেৰা বাবা নানকত আয়োজিত বিশেষ অনুষ্ঠানত তেওঁ আজি উপস্থিত আছিল৷ তেওঁ লগতে গুৰু নানক দেৱ জীৰ ৫৫০সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে স্মাৰক মুদ্ৰা মুকলি কৰে৷

বৃহৎ জন সমাবেশৱক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ডেৰা বাবা নানকৰ এই পবিত্ৰ স্থানত কাৰ্টাৰপুৰ ক’ৰিডৰ দেশবাসীৰ বাবে মুকলি কৰি তেওঁ গৌৰৱবোধ কৰিছে৷

ইয়াৰ পূৰ্বে শিৰোমণি গুৰুদ্বাৰা প্ৰভানডক কমিটিয়ে প্ৰধানমন্ত্ৰীক কুৱামি সেৱা বঁটাৰে সন্মানিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ এই বঁটা শ্ৰী গুৰু নানক দেৱজীৰ চৰণ কমলত উৎসৰ্গা কৰিব বিচাৰে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গুৰু নানক জয়ন্তী উপলক্ষে আইচিপি আৰু কাৰ্টাৰপুৰ ক’ৰিডৰ মুকলি কৰিব পৰাটো তেওঁৰ বাবে এক আশীৰ্বাদ, যাৰ ফলত দৰ্শনাৰ্থীয়ে পাকিস্তানৰ গুৰুদ্বাৰা দৰবাৰ ছাহিব সহজতে ভ্ৰমণ কৰিব পাৰিব৷

প্ৰধানমন্ত্ৰীয়ে এই ক’ৰিডৰ অতি কম সময়ৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত পঞ্জাব চৰকাৰে আগবঢ়োৱা সহযোগিতাক কৃতজ্ঞতাৰে স্বীকাৰ কৰে৷ এই কাৰ্য সম্ভৱ কৰি তোলাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান আৰু সীমান্তৰ সিপাৰৰ সকলো পক্ষকো প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা জনায়৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু নানক দেৱজীক কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰ প্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰে৷ তেওঁ কয় যে গুৰু নানক জী কেৱল এগৰাকী গুৰুয়ে নহয়, তেওঁ হ’ল এগৰাকী দাৰ্শনিক আৰু আমাৰ জীৱন যাত্ৰা পথৰ মুখ্য সহযোগী৷ গুৰু নানকজীয়ে আমাক সত্য মূল্যবোধৰ ওপৰত ভিত্তি কৰি জীয়াই থকাৰ শিক্ষা দিয়াৰ লগতে সততা আৰু আত্মবিশ্বাসৰ ভিত্তিত গঢ়া এক অৰ্থনৈতিক ব্যৱস্থা প্ৰদান কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে গুৰু নানক দেৱ জীয়ে সমাজত সমতা, ভ্ৰাতৃত্ববোধ আৰু একতাৰ বিষয়ে শিক্ষা দিছিল আৰু এইদৰে তেওঁ বিভিন্ন সামাজিক ব্যাধি দূৰ কৰিব বিচাৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে যোৱা পাঁচ বছৰত তেওঁৰ চৰকাৰে দেশৰ চহকী ঐতিহ্য আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে৷ গুৰু নানকৰ ৫৫০সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে দেশ তথা  বিশ্বৰ ভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়৷

তেওঁ স্মৰণ কৰে যে ইয়াৰ পূ্ৰ্বে দেশজুৰি গুৰু গোবিন্দ সিঙৰ ৩৫০সংখ্যক জন্মবাৰ্ষিকী পালন কৰা হৈছিল৷ গুৰু গোবিন্দ সিং জীৰ সন্মানাৰ্থে গুজৰাটৰ জামনগৰত ৭৫০খন বিচনাযুক্ত এখন আধুনিক চিকিৎসালয় স্থাপন কৰা হৈছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱ প্ৰজন্মক উপকৃত কৰিবলৈ ইউনেস্কোৰ সহযোগত গুৰুবাণী বিশ্বৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে৷ ছুলটান পুৰ লোধীক এখন ঐতিহ্যপূৰ্ণ স্থান হিচাপে গঢ়ি তোলা হৈছে আৰু সকলো গুৰুত্বপূৰ্ণ স্থানৰ সৈতে ইয়াক সংযুক্ত কৰিবলৈ এখন বিশেষ ৰেলগাড়ীৰ যাত্ৰা মুকলি কৰা হৈছ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে শিখ সমূদায়ৰ উপকাৰ হোৱাকৈ আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বহু বছৰ ধৰি দেশৰ বাহিৰত থকাসকলে ভাৰতলৈ আহিব বিচাৰিলে সন্মুখীন হৈ অহা সমস্যা এতিয়া আঁতৰ কৰা হৈছে৷ এতিয়াৰে পৰা বহুতো পৰিয়ালে ভিছা আৰু অ’চিআই কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব৷ তেওঁলোকে অতি সহজে ভাৰতত আত্মীয়-কুটুম্বক সাক্ষাৎ কৰিব পাৰিব আৰু তীৰ্থস্থানসমূহ পৰিদৰ্শন কৰিব পাৰিব৷

তেওঁ কয় যে শিখ সমূদায়ক সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পুনৰ দুটা সিদ্ধান্ত লৈছে৷ এটা হ’ল ৩৭০নং অনুচ্ছেদ বাতিল৷ ইয়াৰ ফলত জম্মু আৰু কাশ্মীৰ তথা লাডাখত বাস কৰা শিখ সম্প্ৰদায়ৰ লোকসকলে এতিয়াৰে পৰা দেশৰ অন্য প্ৰান্তৰ লোকৰ দৰে সমান অধিকাৰ লাভ কৰিব৷ একেদৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ফলত এতিয়া শিখ সম্প্ৰদায়ৰ লোকসকলে সহজতে ভাৰতৰ নাগৰিক হ’ব পাৰিব৷

তেওঁ কয় যে গুৰু নানক দেৱ জীৰ পৰা গুৰু গোবিন্দ জীলৈ কেইবাগৰাকীও আধ্যাত্মিক গুৰুৱে ভাৰতৰ ঐক্য-সংহতি আৰু সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে৷ ভাৰতৰ স্বাধীনতাৰ বাবে বহুতো শিখে জীৱন বলিদান দিছে৷ এই ত্যাগত স্বীকৃতি দিবলৈ কেন্দ্ৰই কেইবাটাও পদক্ষেপ লৈছে৷ তেওঁ উল্লেখ কৰে যে জালিয়ানৱালা বাঘ স্মাৰক ক্ষেত্ৰ আধুনিক কৰি তোলা হৈছে৷ চৰকাৰৰ নতুন লক্ষ্য হ’ল শিখ শিক্ষাৰ্থীসকলক দক্ষ কৰি তোলা আৰু আত্ম-সংস্থাপনৰ বাট দেখুওৱা৷ এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২৭ লাখ শিখ শিক্ষাৰ্থীক জলপানি আগবঢ়োৱা হৈছে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi