Discussions were held with President Bolsonaro on areas including bio-energy, cattle genomics, health and traditional medicine, cyber security: PM
India and Brazil are working to strengthen defence industrial cooperation: PM Modi

মাননীয় ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰী জেৰ বল্সনাৰো

দুয়োখন দেশৰ জ্যেষ্ঠ মন্ত্ৰী তথা বিষয়াসকল,

নমস্কাৰ,

বোৱা টাৰ্ডে (সুপ্ৰভাত)

বেমভিনড’ এ ইণ্ডিয়া

মোৰ মিত্ৰ ৰাষ্ট্ৰপতি বল্সনাৰো আৰু তেওঁৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ দলটোক ভাৰতলৈ স্বাগতম জনাইছো৷ যোৱা আঠ মাহত এয়া আমাৰ তৃতীয়টো সাক্ষাৎ৷ ইয়াৰ জৰিয়তে আমাৰ মাজত বৰ্ধিত মিত্ৰতা আৰু দুয়োখন দেশৰ মাজত দৃঢ় সম্বন্ধক প্ৰতিফলিত হৈছে৷

মহোদয়,

এয়া আমাৰ বাবে গৌৰৱৰ কথা যে আমাৰ ৭১তম গণতন্ত্ৰ দিৱস অনুষ্ঠানলৈ আপুনি মুখ্য অতিথি হিচাপে আহিছে৷ কাইলৈ ৰাজপথত গণতন্ত্ৰ দিৱসৰ পেৰেডত আপুনি ভাৰতৰ বৈচিত্ৰতাৰ ৰংবিৰং আৰু উল্লাসপূৰ্ণ স্বৰূপ দেখিবলৈ পাব৷ ব্ৰাজিল নিজেও এক উল্লাসেৰে ভৰা দেশ৷ এনে এক মিত্ৰৰ সৈতে এই বিশেষ পৰ্বত আমি আমাৰ আনন্দ বিনিময় কৰিম৷ ভাৰতৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছো৷ এয়া তৃতীয়টো উপলক্ষ যত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে আমাক এই সন্মান প্ৰদান কৰিছে৷ আৰু ভাৰত তথা ব্ৰাজিৰ মাজত শক্তিশালী মিত্ৰতাৰ প্ৰতীক হিচাপেও ই বিবেচিত হৈছে৷

বন্ধুসকল,

ভাৰত আৰু ব্ৰাজিলৰ কৌশলগত মিত্ৰতা আমাৰ সম পৰ্যায়ৰ চিন্তাধাৰা আৰু মূল্যবোধৰ ওপৰত আধাৰিত৷ সেইবাবে ভৌগোলিক দূৰত্ব স্বত্বেও আমি বিশ্বৰ অনেক মঞ্চত একেলগে থিয় দিছো৷ আৰু বিকাশৰ ক্ষেত্ৰত আমি পৰস্পৰে পৰস্পৰৰ গুৰুত্বপূৰ্ণ সহযোগীৰ ভূমিকাত অৱতীৰ্ণ হৈছো৷ সেইবাবে আজি ৰাষ্ট্ৰপতি বল্সনাৰো আৰু মই আমাৰ দ্বিপাক্ষিক সংযোগিতাক সকলো ক্ষেত্ৰতে বৃদ্ধি কৰাৰ বাবে সহমত হৈছো৷ আমাৰ কৌশলগত সহযোগিতাক অধিক শক্তিশালী কৰাৰ বাবে এক ব্যাপক কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰিছো৷ ২০২৩ চনত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্বন্ধৰ প্লেটিনাম জুবিলী অনুষ্ঠিত হব৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে তেতিয়ালৈ এই কাৰ্যকৰী পৰিকল্পনাই আমাৰ কৌশলগত সহযোগিতামানৱসম্পৰ্ক আৰু ব্যৱসায়িক সহযোগিতাক অধিক দৃঢ় কৰি তুলিব৷

আজি কেইবাটাও গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত কৰি মই সুখী অনুভৱ কৰিছো৷ বিনিয়োগেই হওক অথবা অপৰাধজনিত বিষয়সমূহত আইনী সাহায্যএই চুক্তিয়ে আমাৰ সহযোগিতাক নতুন আধাৰ প্ৰদান কৰিব৷ বিভিন্ন ক্ষেত্ৰ যেনে জৈৱশক্তিকেটল জেনমিকছস্বাস্থ্য আৰু পৰম্পৰাগত ঔষধচাইবাৰ সুৰক্ষাবিজ্ঞান আৰু প্ৰযুক্তিতেল আৰু গেছ তথা সাংস্কৃতিক ক্ষেত্ৰত আমাৰ সহযোগিতা আৰু অধিক দ্ৰুত গতিত অগ্ৰসৰিত দহব৷ গাইৰ স্বাস্থ্য আৰু উন্নত প্ৰজাতিৰ সহযোগিতাই আমাৰ সম্পৰ্কক মধুৰ কৰি তুলিছে৷ আগতে ভাৰতৰ পৰা গিৰ আৰু কংকৰেজী গাই ব্ৰাজিললৈ লৈ যোৱা হৈছিল৷ আৰু আজি ব্ৰাজিল আৰু ভাৰতে সেই বিশেষ পশুধনৰ বৃদ্ধি আৰু মানৱ সমাজক লাভান্বিত কৰিবলৈ সহযোগিতাত অৱতীৰ্ণ হৈছে৷ এই সহযোগিতাৰ আৰ্থিকসামাজিক আৰু সাংস্কৃতিক গুৰুত্বক যিকোনো ভাৰতীয়ই শব্দেৰে প্ৰকাশ কৰিবলৈ টান পাব৷

বন্ধুসকল,

পৰম্পৰাগত ক্ষেত্ৰসমূহৰ উপৰিও বহু নতুন ক্ষেত্ৰ আমাৰ সম্বন্ধৰ সৈতে জড়িত৷ আমি প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা বৃদ্ধি কৰাৰ বাবে নতুন পদ্ধতিসমূহত গুৰুত্ব প্ৰদান কৰিছো৷ প্ৰতিৰক্ষা সহযোগিতাত আমি ব্ৰবেছড্ সহযোগিতা বিচাৰিছো৷ এই সম্ভাৱনাসমূহ প্ৰত্যক্ষ কৰি আমি সুখী হৈছো যে অহা মাহত লক্ষ্ণৌত ডেফএক্সপ’ ২০২০ত ব্ৰাজিলৰ এক বৃহৎ প্ৰতিনিধিৰ দলে অংশগ্ৰহণ কৰিব৷ মই সুখী হৈছো যে জৈৱশক্তিআয়ুৰ্বেদ আৰু অত্যাধুনিক কম্পিউটিঙত গৱেষণাত সহযোগিতা বৃদ্ধিৰ বাবে শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা সম্পন্ন হৈছে৷

মহোদয়,

ভাৰতৰ অৰ্থনৈতিক ৰূপান্তৰণত ব্ৰাজিলে এক গুৰুত্বপূৰ্ণ সহযোগীত ভূমিকাত অৱতীৰ্ণ হৈছে৷ খাদ্য আৰু শক্তিখণ্ডত আমাৰ আৱশ্যকতাসমূহৰ বাবে আমি ব্ৰাজিক এক বিশ্বাসযোগ্য স্ৰোতৰ ৰূপত দেখিবলৈ পাইছো৷ আমাৰ দ্বিপাক্ষিক ব্যৱসায়ো বৃদ্ধি হবলৈ ধৰিছে৷ দুয়োখন বৃহৎ অৰ্থব্যৱস্থাৰ মাজত পূৰকতাসমূহ প্ৰত্যক্ষ কৰি আমি ইয়াক অধিক সংবৰ্ধিত কৰাৰ অৱকাশ দেখিবলৈ পাইছো৷ আপোনাৰ সৈতে ব্ৰাজিলৰ প্ৰভাৱশালী ব্যৱসায়িক প্ৰতিনিধিমণ্ডলক ভাৰতত আদৰণি জনাবলৈ পাই সুখী অনুভৱ কৰিছো৷ মোৰ বিশ্বাস যে ভাৰতীয় উদ্যমী আৰু ব্যৱসায়ীসকলৰ সৈতে তেওঁলোকৰ সাক্ষাতে উন্নত ফলাফল প্ৰদৰ্শন কৰিব৷

বন্ধুসকল,

দুয়োখন দেশৰ তৰফৰ পৰা বিনিয়োগক সুগম কৰি তোলাৰ আৱশ্যকীয় আইনী পৰিকাঠামো প্ৰস্তুত কৰা হৈছে৷ আজিৰ আন্তঃসংযোগী বিশ্বত ভাৰত আৰু ব্ৰাজিলৰ মাজত সামাজিক প্ৰতিৰক্ষা চুক্তি প্ৰণালীক সুগম কৰি তোলাৰ ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে৷

বন্ধুসকল,

দুয়োখন দেশেই বৃহৎ গণতান্ত্ৰিক দেশ হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বজনীন তথা বহুমুখী বিষয়সমূহত ভাৰত আৰু ব্ৰাজিলৰ মৰ্যাদা সমান৷ সেয়া লাগিলে সন্ত্ৰাসবাদ অথবা পৰিবেশৰ দৰে গুৰুত্বপূৰ্ণ সমস্যাই নহওক কিয়৷ বিশ্বৰ সন্মুখত দেখা দিয়া কঠিন প্ৰত্যাহ্বানসমূহক লৈ আমাৰ দৃষ্টিভংগীৰ সাদৃশ্যতা আছে৷ বিশেষকৈ ব্ৰিকছ আৰু আইবিএছএত আমাৰ সহযোগিতাতভাৰতে বৈদেশিক নীতিত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে দুয়োখন দেশেই বহুমুখী বিষয়সমূহত নিজৰ সহযোগিতা অধিক দৃঢ় কৰিব৷ আৰু নিৰাপত্তা পৰিষদৰাষ্ট্ৰসংঘ আৰু অন্য আন্তৰ্জাতিক সংস্থাসমূহত প্ৰয়োজনীয় সংশোধনৰ বাবে একত্ৰিতভাৱে প্ৰয়াস কৰিম৷

বন্ধুসকল,

মই পুনৰবাৰ ৰাষ্ট্ৰপতি বল্সনাৰো আৰু তেওঁৰ প্ৰতিনিধিমণ্ডলক ভাৰতলৈ স্বাগতম জনাইছো৷ তেওঁৰ এই যাত্ৰাই ভাৰতব্ৰাজিলৰ সম্পৰ্কৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে৷

মুইট’ অব্ৰিগাড

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi