PM Modi, PM Sheikh Hasina jointy inaugurate India-Bangladesh Friendship Pipeline and Dhaka-Tongi-Joydebpur Railway Project
India-Bangladesh Friendship Pipeline will further energize, not just Bangladesh’s economy, but also the relationship between our two countries: PM
Dhaka-Tongi-Joydebpur Railway Project will strengthen national and urban transport in Bangladesh: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আজি যুটীয়াভাৱে ভিডিঅ’ কনফাৰেন্সযোগে দুটা প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানৰ ই–ফলক মুকলি কৰে৷ এই অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজ, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানো উপস্থিত আছিল৷

এই প্ৰকল্প দুটা হ’লঃ (ক) ভাৰত–বাংলাদেশ মৈত্ৰী পাইপলাইন (খ) ঢাকা–টংগি–জয়দেৱপুৰ ৰে’লৱে প্ৰকল্প

অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ সম্পৰ্ক বিশ্বৰ বাবে উদাহৰণ হ’ব পাৰে বুলি মন্তব্য কৰে৷ তেওঁ কয় যে দুয়োখন দেশ ভৌগোলিকভাৱে চুবুৰীয়া আৰু আৱেগিকভাৱে পৰিয়াল৷ তেওঁ কয় যে প্ৰস্তাৱিত পাইপলাইনে বাংলাদেশৰ অৰ্থনীতিক কেৱল উত্তৰণ কৰাই নহয়, দুয়োখন দেশৰ মাজত সম্বন্ধও বৃদ্ধি কৰিব৷ তেওঁ প্ৰস্তাৱিত ৰে’লৱে প্ৰকল্পটোৱে বাংলাদেশৰ ৰাষ্ট্ৰীয় আৰু নগৰ অঞ্চলৰ পৰিবহণ ব্যৱস্থা সুদৃঢ় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে৷

তলত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদটো উল্লেখ কৰা হ’লঃ

 

বাংলাদেশৰ প্ৰধানমন্ত্ৰী , শ্বেখ হাছিনা মহোদয়া,

ভাৰত আৰু বাংলাদেশৰ মন্ত্ৰীগণ

আৰু পোনপটীয়া সম্প্ৰচাৰৰ সৈতে জড়িত ভাৰত আৰু বাংলাদেশৰ বন্ধুসকল,

নমস্কাৰ৷

কেইদিনৰ মানৰ পিছতেই এইটো আমাৰ দ্বিতীয় ভিডিঅ’ কনফাৰেন্স৷

আমাৰ সম্পৰ্ক সহজ হোৱাৰ কাৰণ প্ৰযুক্তি নহয়৷ ইয়াৰ অন্তৰালত থকা ভাৰত–বাংলাদেশৰ সম্বন্ধৰ অবাধ গতি আৰু নিৰ্বাধ প্ৰগতিহে হয়৷ ভৌগোলিক ৰূপত আমি চুবুৰীয়া দেশ৷ কিন্তু ভাৱনাত্মক ৰূপত আমি একোটা পৰিয়াল৷ পৰস্পৰে পৰস্পৰৰ সুখ–দুখত সমভাগী হোৱা, পৰস্পৰে পৰস্পৰৰ বিকাশত হাত উজান দিয়া, এয়াই আমাৰ পাৰিবাৰিক মূল্য৷

কিছু বছৰ পূৰ্বে আমাৰ সহযোগিতাই বিশ্বক এয়া প্ৰদৰ্শিত কৰিছিল যে যদি দুখন চুবুৰীয়া দেশে দৃঢ় হয় তেন্তে কিবা এটা কৰি দেখুৱাব পাৰি৷ চাৰি দশকৰ পুৰণি সীমা বিবাদেই হওক, অথবা বিকাশৰ সহযোগিতাৰ প্ৰকল্প, আমি সকলো বিষয়তেই অতুলনীয় প্ৰগতি লাভ কৰিছোঁ৷ এই প্ৰগতিৰ শ্ৰেয় মহোদয়া, মই আপোনাৰ কুশল নেতৃত্বক দিছোঁ৷ আৰু ইয়াৰ বাবে আপোনাক আন্তৰিক অভিনন্দনো জনাইছোঁ৷

বন্ধুসকল,

আজি যি ভাৰত–বাংলাদেশৰ মৈত্ৰী পাইপলাইনৰ কাম আৰম্ভ হৈছে, সেয়া বিকাশৰ বাবে, পাৰস্পৰিক সহযোগিতাৰ মহাকাব্যত এক নতুন অধ্যায় সংযোজিত কৰিব৷

যিকোনো দেশৰ বিকাশৰ বাবে শক্তি এক আধাৰভূত প্ৰয়োজনীয়তা৷ আৰু মোৰ বিশ্বাস যে এই পাইপলাইনে বাংলাদেশৰ মহত্বকাংক্ষী বিকাশৰ লক্ষ্য প্ৰাপ্ত কৰাৰ আহিলাস্বৰূপ বিবেচিত হ’ব৷

বিশেষকৈ বাংলাদেশৰ উত্তৰ অংশত এই পাইপলাইনে কম খৰচত শক্তি প্ৰদান কৰিব৷ বাংলাদেশৰ অৰ্থব্যৱস্থাৰ সৈতে আমাৰ সম্বন্ধকো এই পাইপলাইনে দৃঢ়তা প্ৰদান কৰিব৷ যদিও এই পাইপলাইন ভাৰতৰ অনুদানেৰে নিৰ্মাণ কৰা হৈছে কিন্তু আমাৰ বাবে এয়া গৰ্বৰ বিষয় যে এই কাম সম্পূৰ্ণ হোৱাৰ পিছত ইয়াক বাংলাদেশৰ চৰকাৰ আৰু বাংলাদেশৰ জনসাধাৰণক সমৰ্পিত কৰা হ’ব৷ এইদৰে আজি আমি যি ৰেল’ৱে প্ৰকল্পৰ কাম আৰম্ভ কৰিছোঁ সেয়াই কেৱল ঢাকাৰ জনসাধাৰণক ট্ৰেফিকৰ পৰা মুক্তি দিয়াই নহয়, ই দুয়োখন দেশৰ বন্ধুত্বও বৃদ্ধি কৰিব৷ মোৰ বিশ্বাস যে এই ৰে’লৱে প্ৰকল্পই বাংলাদেশৰ ৰাষ্ট্ৰীয় আৰু নগৰ পৰিবহণ ব্যৱস্থাক উন্নত কৰাত সহায়ক হ’ব৷

মহোদয়া,

আমাৰ মাজত ১৯৬৫ চনৰ পূৰ্বৰ যোগাযোগ বাহাল ৰখাটোৱেই আপোনাৰ কাম্য৷ ইয়াৰ দ্বাৰা আমি প্ৰেৰণা পাওঁ৷ ঢাকা–টংগী–জয়দেৱপুৰৰ দৰে প্ৰকল্পই আমাৰ সংযোগক একবিংশ শতিকাৰ প্ৰয়োজনীয়তা অনুসৰি আকাৰ প্ৰদান কৰাত মই সুখী৷ মাত্ৰ ১০ দিনতে আমি ভিডিঅ’-কনফাৰেন্সযোগে ৫টা প্ৰকল্প জনসাধাৰণলৈ উৎসৰ্গিত কৰিছোঁ৷ এই গতি, এই সঞ্চালন, আপোনাৰ দৃঢ় আৰু কুশল নেতৃত্ব অবিহনে সম্ভৱ নহ’লহেঁতেন৷

মোৰ বিশ্বাস যে অনাগত সময়ত ভাৰত আৰু বাংলাদেশৰ জনসাধাৰণৰ উজ্বল ভৱিষ্যতৰ বাবে এই ভাৱনাৰ সৈতেই কাম কৰি থাকিম৷

মহোদয়া,

মোৰ ভাষণ সমাপ্ত কৰাৰ পূৰ্বে মই ২৮ ছেপ্টেম্বৰত আপোনাৰ জন্মদিন উপলক্ষে আন্তৰিক অভিনন্দন জনাইছোঁ৷ ভাৰত আমি সকলোৱে আপোনাৰ দীৰ্ঘায়ু, স্বাস্থ্য আৰু সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ, আৰু আশা প্ৰকাশ কৰিছোঁ যে বাংলাদেশৰ বিকাশৰ যাত্ৰাত তথা ভাৰত–বাংলাদেশৰ মৈত্ৰীৰ বাবে আপোনাৰ মাৰ্গদৰ্শন সদায়েই বাহাল থাকিব৷

ধন্যবাদ! 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FTAs boost global demand for Indian talent, expand mobility options

Media Coverage

FTAs boost global demand for Indian talent, expand mobility options
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi performs Darshan and Pooja at Baba Vishwanath Temple; prays for the prosperity and good health of all countrymen
April 29, 2026

 

Prime Minister Shri Narendra Modi today performed darshan and pooja at the Baba Vishwanath Temple in Kashi, where he prayed for the happiness, prosperity, and healthy lives of the people of the nation.

"हर हर महादेव !

काशी में बाबा विश्वनाथ मंदिर में दर्शन और पूजन का सौभाग्य मिला। यहां भगवान भोलेनाथ से समस्त देशवासियों के लिए सुख-समृद्धि और आरोग्यपूर्ण जीवन की कामना की।

माँ अन्नपूर्णा एवं माँ गंगा के दर्शन से असीम शांति मिली। उनकी कृपा से हर किसी में सकारात्मक ऊर्जा का संचार हो !

काशी की जनता को पुनः नमन