প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে নিৰ্বিনিয়োগ আৰু সম্পত্তিৰ মুদ্ৰাকৰণ সন্দৰ্ভত বাজেট ব্যৱস্থাৰ ফলপ্ৰসু ৰূপায়নক লৈ এখন ৱেবিনাৰ সম্বোধন কৰে।

ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাজেটে ভাৰতক উচ্চ বিকাশৰ পথলৈ উভতাই আনিবলৈ এক স্পষ্ট ৰোডমেপ তৈয়াৰ কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতৰ উন্নয়নত ব্যক্তিগত খণ্ডৰ শক্তিশালী অৱদানৰ ওপৰতো বাজেটে গুৰুত্ব আৰোপ কৰিছে। তেওঁ নিৰ্বিনিয়োগ আৰু সম্পত্তি মুদ্ৰাকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰতো জোৰ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া ৰাজহুৱা খণ্ডৰ উদ্যোগ মুকলি হৈছিল তেতিয়া সময় এতিয়াতকৈ যথেষ্ট পৃথক আছিল। এই সংস্কাৰৰ প্ৰধান লক্ষ্য হ’ল ৰাজহুৱা ধনৰ সঠিক ব্যৱহাৰ। বহুতো ৰাজহুৱা খণ্ডৰ উদ্যোগ লোকচানৰ সন্মুখীন হৈ আছে আৰু কৰদাতাৰ ধনৰ পৰা সাহায্য লাভ কৰি আছে। ইয়াৰ বাবে দেশৰ অৰ্থনীতিত বোজাৰ সৃষ্টি হৈছে।

 

 

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ লক্ষ্য হোৱা উচিত জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নমূলক প্ৰকল্পসমূহ। তেওঁ উল্লেখ কৰে যে চৰকাৰে বহুতো সীমাবদ্ধতাৰ মাজত কাম কৰে আৰু সেয়ে ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ কৰাটো সহজ নহয়। আমাৰ চৰকাৰৰ প্ৰচেষ্টা হ’ল জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰা আৰু জনসাধাৰণৰ জীৱনৰ পৰা চৰকাৰৰ অপ্ৰয়োজনীয় হস্তক্ষেপ হ্ৰাস কৰা। তেওঁ কয় যে দেশত বহুতো অব্যৱহৃত সম্পত্তি মজুত আছে আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় সম্পত্তি মুদ্ৰাকৰণ পাইপলাইন ঘোষণা কৰা হৈছে। চৰকাৰে ‘মুদ্ৰাকৰণ’ আৰু ‘আধুনিকীকৰণ’ৰ মন্ত্ৰৰে আগবাঢ়িছে আৰু যেতিয়া চৰকাৰে মুদ্ৰাকৰণ কৰে তেতিয়া সেই খালী স্থান পূৰণ কৰে দেশৰ ব্যক্তিগত খণ্ডই। তেওঁ উল্লেখ কৰে যে ব্যক্তিগত খণ্ডই তেওঁলোকৰ সৈতে বিনিয়োগ আৰু শ্ৰেষ্ঠ গোলকীয় কাৰ্যব্যৱস্থা কঢ়িয়াই আনে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজহুৱা সম্পত্তিৰ মুদ্ৰাকৰণ আৰু ব্যক্তিগতকৰণৰ পৰা অহা ধনসমূহ চৰকাৰী কল্যাণমূলক আঁচনিত ব্যৱহাৰ কৰিব পৰা যায়। তেওঁ উল্লেখ কৰে যে ব্যক্তিগতকৰণে উন্নত কৰ্মসংস্থাপনৰ সুযোগেৰে যুৱ প্ৰজন্মক সৱল কৰিব। তেওঁ কয় যে সামৰিক ক্ষেত্ৰৰ বাহিৰে দেশৰ সকলো খণ্ডৰ ব্যক্তিগতকৰণৰ বাবে চৰকাৰ সংকল্পবদ্ধ। বিনিয়োগৰ বাবে এক স্পষ্ট ৰোডমেপ প্ৰস্তুত কৰা হ’ব। ই প্ৰতিটো খণ্ডত নতুন বিনিয়োগ সুযোগ আৰু ব্যাপক কৰ্মসংস্থাপন সৃষ্টি কৰিব।

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2026
July 21, 2026

Self-Reliance Is No Longer a Slogan — It’s Happening Across Engines, UPI, Vaccines & FDI Under the Leadership of PM Modi