PM Modi addresses Shree Kutchi Leva Patel Samaj in Nairobi via VC in Nairobi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেনিয়াৰ নাইৰোবিত শ্ৰী কচি লেভা পেটেল সমাজৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ আগবঢ়ায়। এই উপলক্ষে ভাষণত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন কল্যানমুলক কাম-কাজৰ লগতে পূব এছিয়াৰ উন্নয়নত কচি লেভা পেটেল সমাজৰ অৱদানৰ প্ৰশংসা কৰে। তেওঁ লগতে কেনিয়াৰ স্বাধীনতা আন্দোলনত ভাৰতীয় সমূদায়ৰ ভূমিকা কথাও দোঁহাৰে। প্ৰধানমন্ত্ৰীয়ে সামগ্ৰিক উন্নয়নৰ দিশত কচি সমাজৰ অৱদান, বিশেষকৈ ২০০১ চনত কচ্চৰ ভূমিকম্পৰ পাছত তাৰ পুনৰনিৰ্মাণ আৰু পীড়িতসকলৰ পুনঃসংস্থাপনৰ ক্ষেত্ৰত তেওঁলোকে পালন কৰা ভূমিকাৰ শলাগ লয়। তেওঁ কয়, ‘এসময়ত মৰুভূমি বুলি বিবেচনা কৰা কচ্চ এতিয়া পৰ্যটকৰ মুল গন্তব্য স্থানলৈ পৰিণত হ’ল।’

প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত নৰ্মদাৰ পানী সুদূৰ কচ্চলৈকে লৈ যোৱাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টা কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অঞ্চলটোৰ উন্নয়নৰ অৰ্থে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমুলক কামৰো আলোকপাত কৰে। তেওঁ কয় “বিগত বছৰসমূহত এই অঞ্চলটো কোটি কোটি টকা বিনিয়োগ কৰা হৈছে। তেওঁ লগতে গুজৰাটৰ কচ্চ আৰু যমনগৰৰ মাজত চলিব লগীয়া প্ৰস্তাৱিত আৰঅ’- আৰঅ’ সেৱাত হোৱা সমাগমৰ সন্দৰ্ভতো সদৰি কৰে।” প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু আফ্ৰিকাৰ দেশসমূহৰ মাজত ঘনিষ্ঠ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “শেহতীয়াকৈ ভাৰতত ভাৰত আফ্ৰিকা সন্মিলন আৰু আফ্ৰিকা ডেভেলপমেণ্ট বেংকৰ এখন বৈঠক অনুষ্ঠিত হয়”। তেওঁ লগতে উল্লেখ কৰে যে চলিত চৰকাৰৰ কাৰ্যকালতে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী হিচাপে তেওঁ নিজে বিভিন্ন কাৰণত ২০ বাৰতকৈ অধিক আফ্ৰিকাৰ বিভিন্ন দেশ ভ্ৰমণ কৰিছে। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত সমবেত লোকসকলৰ ভিতৰত যিসকলে এতিয়া ভাৰত ভ্ৰমণৰ বাবে অহা নাই, তেওঁলোকক ২০১৯ৰ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা কুম্ভমেলালৈ আমন্ত্ৰণ জনায় আু ভাৰতৰ সাংস্কৃতিত আৰু আধ্যাত্মিক দিশৰ অভিজ্ঞতা অৰ্জন কৰিবলৈ কয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাইৰোবিৰ শ্ৰী কচি লেভা পেটেল সমাজৰ ৰূপালী জয়ন্তী উদযাপন উপলক্ষে পশ্চিম চৌহদত সমবেত লোকসকলক অভিনন্দন জ্ঞাপন কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hosts Commonwealth Games 2026 medal winners
August 09, 2026

The Prime Minister, Shri Narendra Modi today hosted India’s outstanding medal winners from the Commonwealth Games 2026 at 7 Lok Kalyan Marg. Shri Modi interacted with the athletes and heard about their experiences from the Games.

The Prime Minister said that the athletes’ achievements are a source of immense pride for the entire country and will inspire many youngsters to take up sports.

Shri Modi posted on X:

Delighted to host our outstanding medal winners from the Commonwealth Games 2026 at 7, Lok Kalyan Marg. Heard about their experiences from the Games.

Each one of them has made our nation proud through their exceptional performances. Their success will motivate many youngsters.