কিৰ্গিস্তানৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুত জীনবেকভ,

বিনিয়োগ প্ৰচাৰ অভিকৰণৰ সঞ্চালক মাননীয় শ্ৰীযুত আদিলবেক উলু চুমকাৰবেক,

এফআইচিচিআইৰ অধ্যক্ষ শ্ৰী সন্দীপ ছোমানি,

ভাৰত আৰু কিৰ্গিস্তানৰ ব্যৱসায়, উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ বিশিষ্ট প্ৰতিনিধিবৃন্দ,

ভাৰত আৰু কিৰ্গিজ ব্যৱসায়িক গোষ্ঠীৰ মাজত এই ব্যৱসায়িক ফ’ৰাম আয়োজন কৰাটো অতি আনন্দৰ কথা৷ তদুপৰি, মোৰ বিছকেক যাত্ৰাৰ দ্বিপাক্ষিক কাৰ্যসূচীও এই ব্যৱসায়িক ফ’ৰামৰ জৰিয়তে আৰম্ভ হৈছে৷ ই আমাৰ অগ্ৰাধিকাৰকে সূচাইছে৷ ভাৰত আৰু কিৰ্গিস্তানৰ মাজত প্ৰাচীন কালৰ পৰাই নিবিড় সাংস্কৃতিক আৰু আৰ্থিক সম্বন্ধ আছে৷ এই ঐতিহাসিক সম্পৰ্কক আধূনিক সময়ত আৰু অধিক সম্প্ৰসাৰণ কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে৷ ৰাষ্ট্ৰপতি জীনবেকভ আৰু মই বিভিন্ন ক্ষেত্ৰত ভাৰত–কিৰ্গিজৰ মাজৰ সম্পৰ্কক সম্প্ৰসাৰিত কৰিব বিচাৰিছো৷ বিশেষকৈ ব্যৱসায় আৰু বিনিয়োগ ক্ষেত্ৰত অধিক সুদৃঢ় কৰিব বিচাৰিছো৷ ৰাষ্ট্ৰপতি ডাঙৰীয়াই এই ফ’ৰামৰ প্ৰতি নিজৰ মাগদৰ্শন দিছে আৰু ব্যক্তিগতভাৱেও ইয়াত অংশগ্ৰহণ কৰিছে৷ সেইবাবে মই তেওঁক ধন্যবাদ জনাইছো৷

বন্ধুসকল,

বিশ্ব অৰ্থনীতিত দ্ৰুতগতিত পৰিৱৰ্তন আহিছে৷ স্বাভাৱিকতে ভাৰতৰ দৰে বৃহৎ অৰ্থনীতি আৰ্থিক বৃদ্ধি আৰু প্ৰযুক্তিগত বিকাশ, বিশ্বত স্থায়িত্ব আৰু আশাৰ মুখ্য কাৰক৷ ভাৰতৰ এখন বিশাল বজাৰ ব্যৱস্থা আছেই৷ আমাৰ দেশৰ যুৱ প্ৰতিভা আৰু উৎসাহী ইন’ভেটৰসকলে ৫ ত্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

বন্ধুসকল,

এইটো স্পষ্ট যে বৰ্তমান আমাৰ দ্বিপাক্ষিক বাণিজ্য আৰু বিত্তীয় অংশগ্ৰহণৰ সম্ভাৱনা কম৷ সেইবাবে ব্যৱসায়িক ফ’ৰামৰ এই প্ৰচেষ্টা অতি উপযুক্ত সময়ত কৰি থকা হৈছে৷ মোৰ ধাৰণা মতে ব্যৱসায় আৰু বিনিয়োগত উৎসাহ যোগাবলৈ তিনিটা অনুঘটক আছে, সেইকেইটা হৈছে—উপযুক্ত পৰিৱেশ, যোগাযোগ আৰু ব্যৱসায়ৰ পৰা ব্যৱসায় অৰ্থাৎ বি২বি আদান–প্ৰদান৷ মই ক’ব বিচাৰিছো যে উপযুক্ত পৰিৱেশ গঢ়ি তোলাৰ বাবে আমি দ্বৈত কৰ পৰিত্যাগ চুক্তিক চূড়ান্ত ৰূপ দিছো৷ ইয়াৰ সমান্তৰালভাৱে, দ্বিপাক্ষিক বিনিয়োগ চুক্তিক সৈ আমি সক্ৰিয়ভাৱে আলোচনা কৰি আছো৷ ইয়াৰ দ্বাৰা বিনিয়োগৰ বাবে শক্তিশালী ভেঁটী গঢ় লৈ উঠিব৷ আমি দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰাৰ বাবে পঞ্চবৰ্ষীয় ৰোডমেপ প্ৰস্তুত কৰিছো৷ কিৰ্গিজ গণৰাজ্য ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ সদস্য৷ আমি ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ সৈতে ব্যৱসায় বৃদ্ধিৰ বাবে অগ্ৰাধিকাৰমূলক বাণিজ্য চুক্তিৰ দিশতো কাম কৰি আছো৷

ব্যৱসায় সুগম কৰি তোলাৰ ক্ষেত্ৰত উন্নত যোগাযোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ চাবাহাৰ বন্দৰে ভাৰত আৰুআফগানিস্তানৰ মাজৰ সম্পৰ্কত এক নতুন দিশৰ সূচনা কৰিছে৷ ভাৰত আৰু মধ্য এছিয়াৰ মাজত যোগাযোগ ব্যৱস্থাৰউন্নত বিকল্প হিচাপে গঢ়ি তোলাত আমি অধিক গুৰুত্ব আৰোপ কৰিব লাগিব৷ বি২বি আদান–প্ৰদান বৃদ্ধি কৰিবলৈ আমিএকাধিক প্ৰচেষ্টা হাতত লৈছো৷ চলিত বৰ্ষৰ বিছকেকত ‘নমস্কাৰ ইউৰেছিয়া’ বাণিজ্য প্ৰদৰ্শনীৰ আয়োজন কৰা হ’ব৷ ভাৰতআৰু কিৰ্গিস্তানৰ বিভিন্ন উৎপাদিত সামগ্ৰীৰ ব্যৱসায়ৰ ক্ষেত্ৰত ইখন দেশ সিখনৰ পৰিপূৰক৷ এই সকলো সূযোগ সদ্ব্যৱহাৰকৰিব লাগে৷ বজাৰত কিৰ্গিস্তানৰ জৈৱিক সামগ্ৰীৰ ভাল চাহিদা আছে৷ ইয়াৰ পাহাৰীয়া মৌ, কাঠ বাদাম আৰু দুগ্ধজাতসামগ্ৰীৰ পৰিৱেশগত শুদ্ধতা আৰু প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ব্যৱস্থা বিশ্ববিখ্যাত৷ সেইদৰে, কিৰ্গিস্তানত ভাৰতৰ ব্যৱসায়ীতথা বিনিয়োগকাৰীৰ বাবে ঔষধ, বস্ত্ৰশিল্প, ৰে’লৱে, জলবিদ্যুৎ, খনি আৰু খনিজাত দ্ৰব্য তথা পৰ্যটন খণ্ডত বিনিয়োগৰ ভালসূযোগ আছে৷

বন্ধুসকল,

মই আপোনালোকৰ সকলো আলোচনা সাৰ্থক হোৱাটো কামনা কৰিছো৷ মই কিৰ্গিস্তানৰ ব্যৱসায়িক খণ্ডৰ মুৰব্বীসকলক ভাৰতীয় উদ্যোগপতিসকলৰ সৈতে কাম কৰিবলৈ উৎসাহিত কৰিছো৷

আপোনাক সকলোকে ভাৰতলৈয়ো এনেকৈয়ে স্বাগতম জনাইছো৷ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগেভাৰতীয়সকলৰ মনত এনে ভাৱ হয় যে আমি অতি ঘনিষ্ঠ আৰু আমি পুৰণি বস্তুবোৰৰ ওপৰত অধিক নিবিড় হৈ পৰো৷ যদিভাষাৰ ক্ষেত্ৰতো অলপ ধ্যান দিও তেতিয়া কিছুমান শব্দৰ বহু সাদৃশ্য যেন লাগিব, যাৰবাবে ঘনিষ্ঠতা আৰু সহজ হৈ পৰে৷ইয়াৰ সূযোগ দুয়োপক্ষই লওঁক আৰু দুয়োখন দেশৰ বিকাশত উদ্যোগজগত আৰু ব্যৱসায়জগতৰ বন্ধুসকলে যোগদানআগবঢ়াওক৷ এই আশাৰে আপোনালোক সকলোকে বহুত বহু শুভেচ্ছা জনালো৷

আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনালো৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India