Kolkata port represents industrial, spiritual and self-sufficiency aspirations of India: PM
I announce the renaming of the Kolkata Port Trust to Dr. Shyama Prasad Mukherjee Port: PM Modi
The country is greatly benefitting from inland waterways: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তীৰ স্মাৰক হিচাপে প’ৰ্ট জেটিছত এক ফলকো অনাৱৰণ কৰে৷

দেশ জলশক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সেৱা আগবঢ়োৱা কেঅ’পিটিৰ ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহত উপস্থিত থাকিবলৈ পাই প্ৰধানমন্ত্ৰীয়ে নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে৷

‘‘এই বন্দৰটোৱে দেশৰ বহু ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰৈছে৷ সত্যাগ্ৰহৰ পৰা আৰম্ভ কৰি স্বচ্ছাগ্ৰহলৈ এই বন্দৰটোৱে দেশ পৰিৱৰ্তিত হোৱা দেখা পাইছে৷ কলকাতাৰ এই বন্দৰটোৱে ভাৰতৰ ঔদ্যোগিক, আধ্যাত্মিক আৰু স্ব–নিৰ্ভৰশীলতাৰ প্ৰত্যাশাক প্ৰতিফলিত কৰিছে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানটোত প’ৰ্টৰ এক বন্দনা গীতো মুকলি কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ গুজৰাটৰ লোথাল বন্দৰৰ পৰা কলকাতা বন্দৰলৈ এই বন্দৰৰ শাৰীয়ে কেৱল বাণিজ্য তথা ব্যৱসায়কে প্ৰতিনিধিত্ব কৰাই নহয়, ই বিশ্বৰ সভ্যতা তথা সংস্কৃতিকো প্ৰতিনিধিত্ব কৰে৷

‘‘আমাৰ চৰকাৰে বন্দৰসমূহ বিকাশৰ দুৱাৰমুখ বুলি বিশ্বাস কৰে৷ এইবাবেই চৰকাৰে বন্দৰসমূহৰ আন্তঃগাঁথনিৰ বিকাশৰ বাবে সাগৰমালা প্ৰকল্পৰ সূচনা কৰিছে৷ এই আঁচনিৰ অধীনত ৬ লাখ কোটি টকাতকৈও অধিক পুঁজি ৩৬০০ প্ৰকল্পলৈ আৱণ্টিত কৰা হৈছে৷ ইয়াৰে ২০০ত কৈও অধিক প্ৰকল্পৰ ব্যয় ৩ লাখ কোটি টকা ব্যয় কৰা হৈছে আৰু প্ৰায় ১২৫টা প্ৰকল্পৰ কাম সমাপ্ত হোৱাৰ দিশত আগবাঢ়িছে৷ কলকাতা বন্দৰ পূব ভাৰতৰ ঔদ্যোগিক কেন্দ্ৰৰ সৈতে সংযোজিত আৰু সেয়ে ইয়াৰ পৰা নেপাল, ভূটান, বাংলাদেশ তথা ম্যানমাৰলৈ বাণিজ্য কৰিবলৈ সূচল হয়’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

ডঃ শ্যমাপ্ৰসাদ প্ৰসাদ মুখাৰ্জী পৰ্ট ন্যাস

প্ৰধানমন্ত্ৰীয়ে কলকাতা প’ৰ্ট ন্যাসক ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামত উচৰ্গা কৰি কয় যে ডঃ মুখাৰ্জী আছিল বংগৰ সন্তান যিয়ে দেশত ঔদ্যোগিকতাৰ ভেঁটি স্থাপন কৰিছিল আৰু চিত্তৰঞ্জন লক’ম’টিভ কাৰখানা, হিন্দুস্তান এয়াৰক্ৰাফ্ট কাৰখানা, সিন্ধ্ৰী সাৰ কাৰখানা আৰু দামোদৰ উপত্যকা নিগম স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷

ডঃ শ্যমাপ্ৰসাদ প্ৰসাদ মুখাৰ্জী পৰ্ট ন্যাস

প্ৰধানমন্ত্ৰীয়ে কলকাতা প’ৰ্ট ন্যাসক ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামত উচৰ্গা কৰি কয় যে ডঃ মুখাৰ্জী আছিল বংগৰ সন্তান যিয়ে দেশত ঔদ্যোগিকতাৰ ভেঁটি স্থাপন কৰিছিল আৰু চিত্তৰঞ্জন লক’ম’টিভ কাৰখানা, হিন্দুস্তান এয়াৰক্ৰাফ্ট কাৰখানা, সিন্ধ্ৰী সাৰ কাৰখানা আৰু দামোদৰ উপত্যকা নিগম স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷

কেঅপিটিৰ পেঞ্চনাৰসকলৰ বাবে কল্যাণমূলক আঁচনি

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতা প’ৰ্ট ট্ৰাষ্টৰ অৱসৰপ্ৰাপ্ত তথা বিদ্যমান কৰ্মচাৰীসকলৰ পেঞ্চনৰ বাবে ৫০১ কোটি টকাৰ এখন চেক প্ৰদান কৰে৷ তেওঁ দুগৰাকী অৱসৰপ্ৰাপ্ত বৰ্ষীয়ান পেঞ্চনাৰক সম্বৰ্ধনাও জনায়৷

প্ৰধানমন্ত্ৰীয়ে সুন্দৰবনৰ ২০০ আদিবাসী ছোৱালী শিক্ষাৰ্থীসকলৰ বাবে কৌশল বিকাশ কেন্দ্ৰ আৰু প্ৰীতিলতা ছাত্ৰ আবাসো মুকলি কৰে৷  

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hosts Commonwealth Games 2026 medal winners
August 09, 2026

The Prime Minister, Shri Narendra Modi today hosted India’s outstanding medal winners from the Commonwealth Games 2026 at 7 Lok Kalyan Marg. Shri Modi interacted with the athletes and heard about their experiences from the Games.

The Prime Minister said that the athletes’ achievements are a source of immense pride for the entire country and will inspire many youngsters to take up sports.

Shri Modi posted on X:

Delighted to host our outstanding medal winners from the Commonwealth Games 2026 at 7, Lok Kalyan Marg. Heard about their experiences from the Games.

Each one of them has made our nation proud through their exceptional performances. Their success will motivate many youngsters.