We are developing North East India as the gateway to South East Asia: PM
We are working towards achieving goals that used to appear impossible to achieve: PM
India is the world's biggest democracy and this year, during the elections, people blessed even more than last time: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ বেংককত ‘ছাৱাছডী পিএম মোদী’ শীৰ্ষক প্ৰৱাসী ভাৰতীয়ৰ এক অনুষ্ঠান সম্বোধন কৰে৷ সমগ্ৰ থাইলেণ্ডৰ পৰা অহা হাজাৰ হাজাৰ প্ৰৱাসী ভাৰতীয় লোকে অনুষ্ঠানটোত উপস্থিত থাকে৷

ভাৰত-থাইলেণ্ডৰ ঐতিহাসিক সম্পৰ্ক

প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডৰ প্ৰৱাসী ভাৰতীয়সকলৰ বৈচিত্ৰতাক প্ৰতিফলিত কৰি বিভিন্ন ভাৰতীয় ভাষাত প্ৰেক্ষাগৃহত উপস্থিত দৰ্শকক সম্ভাষণ জনায়৷ ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-আছিয়ান সন্মিলনত অংশ ল’বলৈ তেওঁ প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে থাইলেণ্ড ভ্ৰমণ কৰিছে৷ তেওঁ শতিকা পুৰণি ঐতিহাসিক ভাৰত-থাইলেণ্ডৰ সম্পৰ্কৰ কথা উল্লেখ কৰি কয় যে হাজাৰ হাজাৰ বছৰ আগতে ব্যৱসায়িক কাৰণত ভাৰতীয় উপকূলীয় ৰাজ্যসমূহৰ সৈতে দক্ষিণ-পূব এছিয়াৰ সম্পৰ্ক গঢ়ি উঠিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ভ্ৰমণ কৰা প্ৰতিখন দেশতে প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিবলৈ তেওঁ প্ৰয়াস কৰিছে৷ ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰকৃত দূত হিচাপে কাম কৰি থকা প্ৰৱাসী ভাৰতীয়সকলক তেওঁ প্ৰশংসা কৰে৷

 

‘তিৰুক্কুৰাল’ৰ থাই অনুবাদ গ্ৰন্থ আৰু গুৰু নানকৰ ৫৫০সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে স্মাৰক ডাক টিকট উন্মোচন

প্ৰধানমন্ত্ৰীয়ে ‘তিৰুক্কুৰাল’ৰ থাই অনুবাদ গ্ৰন্থ উন্মোচন কৰে৷ তেওঁ কয় যে গ্ৰন্থখনে মানুহ এজনক জীয়াই থকাৰ বাট পোহৰাই তুলিব৷ তেওঁ লগতে গুৰু নানকৰ ৫৫০সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে স্মাৰক ডাক টিকট উন্মোচন কৰে৷ অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গুৰু নানকৰ শিক্ষা হ’ল সমগ্ৰ মানৱ জাতিৰ বাবে এক ঐতিহ্য৷ অহা ৯ নৱেম্বৰৰ পৰা কাৰ্টাৰপুৰ কৰিড’ৰৰ মাজেৰে  পোনপটীয়াকৈ যোগাযোগ স্থাপন হ’বলগীয়া কাৰ্টাৰপুৰ ছাহিব দৰ্শন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়৷

পৰ্যটনক উদগণি আৰু এক্ট ইষ্ট পলিচীৰ প্ৰতি দায়বদ্ধতাঃ

প্ৰধানমন্ত্ৰীয়ে পৰ্যটনৰ প্ৰসাৰৰ বাবে বুদ্ধ চাৰ্কিট বিকশিত কৰিবলৈ লোৱা পদক্ষেপ সন্দৰ্ভত বিশ্লেষণ আগবঢ়ায়৷ ভাৰতে যোৱা চাৰি বছৰত ভ্ৰমণ আৰু পৰ্যটনৰ গোলকীয় সূচাংকত ১৮টা স্থান আগুৱাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে পৰ্যটনক উদগণি যোগাবলৈ যোগাযোগ ব্যৱস্থ্যা উন্নত কৰাৰ সমান্তৰালকৈ ঐতিহ্যমণ্ডিত, আধ্যাত্মিক আৰু চিকিৎসা পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰতো গুৰুত্ব দিছে৷

ভাৰতৰ এক্ট ইষ্ট পলিচীৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে থাইলেণ্ডৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিছে৷ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক দক্ষিণ-পূব এছিয়াৰ দূৱাৰমুখ হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথে দেশসমূহৰ মাজত মসৃণ যোগাযোগ ব্যৱস্থা নিশ্চিত কৰিব, য়িযে সমগ্ৰ অঞ্চলটোৰ উন্নয়নক উদগণি যোগাব৷

জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰ সংকল্পবদ্ধ

গণতন্ত্ৰৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰীয়ে বিগত লোকসভা নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰে, য’ত তেওঁৰ চৰকাৰে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লাভ কৰে৷

৩৭০নং অনুচ্ছেদ বিলুপ্ত কৰাকে ধৰি শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু সফলতাসমূহৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে যোৱা ৩ বছৰত ৮কোটি পৰিয়ালে এলপিজি সংযোগ লাভ কৰিছে৷ ইয়াৰ উপভোক্তাৰ পৰিমাণ হ’ল থাইলেণ্ডৰ মুঠ জনসংখ্যাতকৈও অধিক৷ প্ৰায় ৫০ কোটি ভাৰতীয়ক স্বাস্থ্যসেৱা আগবঢ়োৱাৰ লক্ষ্যৰে আয়ুস্মান ভাৰত আঁচনি মুকলি কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে এই কথাও কয় যে ২০২২ৰ ভিতৰত দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে খোৱা পানী উপলব্ধ কৰাবলৈ তেওঁৰ চৰকাৰ সংকল্পবদ্ধ৷

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s continuing tradition of celebrating its teachers

Media Coverage

India’s continuing tradition of celebrating its teachers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."