Atal Tunnel will transform the lives of the people of the region: PM
Atal Tunnel symbolizes the commitment of the government to ensure that the benefits of development reach out to each and every citizen: PM
Policies now are not made on the basis of the number of votes, but the endeavour is to ensure that no Indian is left behind: PM
A new dimension is now going to be added to Lahaul-Spiti as a confluence of Dev Darshan and Buddha Darshan: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ লাহুল আৰু স্পিতিৰ শিশুত ‘অভৰ সমাৰোহ’ত অংশগ্ৰহণ কৰে।

সুৰংগটোৰ ৰূপান্তৰমূলক প্ৰভাৱ

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰি কয় যে যেতিয়া তেখেতে কাৰ্যকৰ্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলে, ৰোহটং হৈ দীঘলীয়া পথেৰে যাত্ৰা কৰিবলগীয়া হৈছিল আৰু শীতকালত ৰোহটং পাছ বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেখেতে তদুপৰি সেই দিন বিলাকত শ্ৰী ঠাকুৰ সেন নেগীৰ সৈতে মত-বিনিময় কৰাৰ কথা সোঁৱৰণ কৰে। তেখেতে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে এই অসুবিধাসমূহৰ কথা ভালদৰেই অৱগত হৈছিল, যাৰ বাবে তেখেতে ২০০০ চনত এই সুৰংগটো নিৰ্মাণৰ কথা ঘোষণা কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৯ কিঃমিঃৰ এই সুৰংগটোৰ জৰিয়তে, ৪৫-৪৬ কিঃমিঃ দূৰত্ব হ্ৰাস হৈ পৰিল। তেখেতে উল্লেখ কৰে যে সুৰংগটোৰ ৰূপান্তৰমূলক প্ৰভাৱৰ বাবে এই অঞ্চলটোৰ জনসাধাৰণৰ জীৱন-যাত্ৰা সলনি হৈ পৰাৰ উপক্ৰম হৈছে। তেখেতে কয় যে এই সুৰংগটো লাহুল-স্পিতি আৰু পাংগীৰ ভিন্ন ব্যক্তি তথা কৃষক, উদ্যানশস্য আৰু পশু পালনেৰে জড়িত লোক, ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী আদিৰ বাবে লাভজনক উপায় হিচাপে প্ৰমাণিত হ’ব। ক্ষীপ্ৰতাৰে বজাৰ পোৱাৰ পৰিপ্ৰেক্ষিতত ই অঞ্চলটোৰ কৃষিজাত পণ্য নষ্ট হোৱাৰপৰা ৰক্ষা কৰিব। ই অঞ্চলটোৰ চন্দ্ৰমুখী আলুয়ে নতুন বজাৰ আৰু নতুন ক্ৰেতা লাভ কৰাত সহায় কৰিব। এই সুৰংগটোৱে তদুপৰি লাহুল-স্পিতিত শ্ৰীবৃদ্ধি হোৱা বনৌষধি গছ আৰু মছলাৰ সহজ প্ৰাপ্তিত সহায় আগবঢ়াব আৰু অঞ্চলটোৱে ইয়াৰ বাবেই বিশ্বত পৰিচিতি লাভ কৰিব। তদুপৰি, এই সুৰংগটোৱে পৰিয়ালসমূহক তেওঁলোকৰ সন্তানৰ শিক্ষা লাভৰ ক্ষেত্ৰত অধিক সুবিধা আগবঢ়াবলৈ সহায় কৰিব, তেখেতে কয়।

পৰ্যটন আৰু নিয়োগৰ সুযোগ বৃদ্ধি

প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ অসামান্য পৰ্যটনৰ সম্ভাৱনা সন্দৰ্ভত ব্যক্ত কৰে। তেখেতে কয়, এতিয়া, দেৱ দৰ্শন আৰু বৌদ্ধ দৰ্শনৰ সংগমস্থল হিচাপে লাহুল-স্পিতিত এটা নতুন মাত্ৰাৰ সংযোজন হ’বলৈ আগবাঢ়িছে। এতিয়া সমগ্ৰ বিশ্বৰ লোকৰ বাবেই স্পিতি উপত্যকাৰ টেব’ মনেষ্ট্ৰীত উপস্থিত হোৱাটো সহজতৰ হৈ উঠিল। তেখেতে উল্লেখ কৰে যে সমগ্ৰ অঞ্চলটোৱেই পূব এছিয়া আৰু সমগ্ৰ বিশ্বখনৰ ভিন্ন দেশৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে বৃহৎ কেন্দ্ৰ হৈ উঠিব। পৰ্যটনৰ বৰ্ধনে যুৱ প্ৰজন্মৰ বাবে বহু নিয়োগৰ সুযোগ মুকলি কৰি দিব, তেখেতে কয়।

অন্তিম মাইললৈকে প্ৰসাৰিত

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অটল সুৰংগই প্ৰতিজন নাগৰিকেই উন্নয়নৰ লাভা-লাভ প্ৰাপ্ত হোৱাটো নিশ্চিত কৰিবলৈ চৰকাৰখনৰ অংগীকাৰকে প্ৰতিফলিত কৰিছে। তেখেতে কয় যে পূৰ্বে, লাহুল-স্পিতি আৰু এনে আন বহু অঞ্চলে একাংশ লোকৰ ৰাজ্যনৈতিক স্বাৰ্থ পূৰণ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত, তেওঁলোকৰ দৃষ্টিৰপৰা এনে অঞ্চলসমূহ বাদ পৰি ৰৈছিল। কিন্তু, এতিয়া নতুন ভাৱনাৰে দেশখনত কাম কৰি থকা হৈছে আৰু এতিয়া ভোটৰ সংখ্যাৰ ভিত্তিত নীতি নিৰ্ধাৰণ কৰা নহয়, ইয়াৰ লক্ষ্য মাথো কোনো ভাৰতীয়ই যাতে বাদ পৰি নাযায়, সেয়া সুনিশ্চিত কৰাহে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে লাহুল-স্পিতি হৈছে এই পৰিৱৰ্তনৰ এটা বৃহৎ উদাহৰণ, ইয়াত হৰ ঘৰ পাইপ চে জল ব্যৱস্থাও নিশ্চিত কৰি তোলা হৈছে।

প্ৰধানমন্ত্ৰীয়ে দলিত, জনজাতীয় লোক, ভুক্তভোগী আৰু অৱহেলিতসকলৰ কাৰণে সকলো প্ৰাথমিক প্ৰয়োজনীয় সুবিধা উপলব্ধ কৰি তুলিবলৈ চৰকাৰখনৰ অংগীকাৰৰ কথা সদৰী কৰে। তেখেতে চৰকাৰখনৰ এনে প্ৰচেষ্টাৰ অংশ হিচাপে গ্ৰাম্য বৈদ্যুতিকৰণ, এলপিজি গেছ সংযোগ উপলব্ধ কৰি তোলা, শৌচালয়ৰ দৰে সুবিধা সুচল কৰি তোলা, আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে চিকিৎসা ব্যৱস্থাক সুচল কৰি তোলাৰ কথা কয়। তেখেত ক’ৰোনাভাইৰাছৰ বিৰুদ্ধে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই ভাষণৰ সামৰণি মাৰে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A partnership forged in India’s industrial south

Media Coverage

A partnership forged in India’s industrial south
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to participate in Centenary Celebrations of Shri Ram College of Commerce on 5th September
September 04, 2026

Prime Minister Shri Narendra Modi will participate in centenary celebrations of Shri Ram College of Commerce (SRCC) on 5th September at 7 PM. Prime Minister will also address the gathering on the occasion.

Shri Ram College of Commerce, University of Delhi, is one of India’s premier institutions of higher education and a distinguished centre of learning in the fields of Commerce, Economics and Management. Established in 1926 by eminent industrialist and philanthropist Sir Shri Ram, the College has, over the course of a century, nurtured generations of scholars, professionals, administrators, entrepreneurs, policymakers and nation-builders.

The Centenary Celebrations coincide with Teachers’ Day, making the occasion particularly significant as the nation honours the contribution of teachers and educators in shaping generations and strengthening the foundations of society.