প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ত প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত-বিনিময়ত ভাগ লয়৷ ভাষণত তেওঁ ভাৰত-জাপান সম্পৰ্কৰ কেইবাটাও দিশ আলোকপাত কৰে৷
শ্ৰী মোদীয়ে তেওঁলৈ আগবঢ়োৱা উষ্ম আদৰণি আৰু সম্ভাষণৰ বাবে জাপানীজ প্ৰধানমন্ত্ৰী শ্বিনজো আবে আৰু দেশখনৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে৷ জাপানত থকা ভাৰতীয় সমূদায়ক প্ৰধানমন্ত্ৰীয়ে দেৱালীৰ শুভেচ্ছা জনায়৷
প্ৰৱাসী ভাৰতীয়সকলক জাপানত ভাৰতৰ এম্বেছাদৰ আখ্যা দি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক আহ্বান জনায় ভাৰতত বিনিয়োগ কৰিবলৈ আৰু মাতৃভূমিৰ সৈতে সাংস্কৃতিক সম্পৰ্ক অটুট ৰাখিবলৈ৷

বিগত চাৰি বছৰৰ চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জন ধন যোজনা, মোবাইল, আধাৰ কাৰ্ডৰ সংমিশ্ৰণ আৰু ডিজিটেল লেনদেন আৰ্হি আদিৰ দৰে বিত্তীয় অন্তৰ্ভুক্তিক সমগ্ৰ বিশ্বই আকোৱালি লৈছে৷
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সফল মহাকাশ অভিযান আৰু শক্তিশালী ডিজিটেল আন্তঃগাথনিৰ কথা প্ৰৱাসী ভাৰতীয়সকলৰ সন্মুখত দৃষ্টিগোচৰ কৰায়৷ তেওঁ কয় যে মেক ইন ইণ্ডিয়া আঁচনিয়ে ভাৰতক ইলেক্ট্ৰনিকছ আৰু অ’টোমোবাইল নিৰ্মাণৰ এক গোলকীয় কেন্দ্ৰস্থলত পৰিণত কৰাইছে৷

প্ৰধানমন্ত্ৰীয়ে ‘নিউ ইণ্ডিয়া’ নিৰ্মাণৰ ক্ষেত্ৰত জাপানীজ অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ ভাৰত আৰু জাপানৰ মাজত সম্পৰ্ক উন্নত কৰিবলৈ প্ৰৱাসী ভাৰতীয়সকলে কঠোৰ পৰিশ্ৰমৰে চেষ্টা চলাই যাবলৈ তেওঁ আহ্বান জনায়৷
প্ৰধানমন্ত্ৰী শ্ৰী মোদী দুদিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ গৈছে৷


