Our judiciary has always interpreted the Constitution positively and strengthened it: PM Modi
Be it safeguarding the rights of people or any instance of national interest needed to be prioritised, judiciary has always performed its duty: PM

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ভাষণ দিয়ে। তেওঁ উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ ষাঠী বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এটা স্মাৰক ডাক টিকটো জাৰি কৰে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী, উচ্চতম ন্যায়ালয় আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু ল ফ্ৰেটাৰনিটিৰ সদস্যসকল এই উপলক্ষে উপস্থিত থাকে।

 

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ষাঠী বছৰৰ পৰিক্ৰমাত ভাৰতীয় ন্যায়িক প্ৰণালী আৰু ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰি তুলিবলৈ গুজৰাট উচ্চ ন্যায়ালয়ৰ খণ্ডপীঠ আৰু বাৰৰ দ্বাৰা আগবঢ়োৱা যোগদানৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰতো জোৰ দিয়ে যে ন্যায় পালিকাই সংবিধানৰ জীৱন শক্তিৰ ৰূপত নিজৰ দায়িত্ব সম্পূৰ্ণ কৰিছে। ন্যায়পালিকাই সদায় ৰচনাত্মক আৰু সকাৰাত্মক ব্যাখ্যাৰ দ্বাৰা সংবিধানক শক্তিশালী কৰিছে। ই নাগৰিকসকলৰ অধিকাৰ আৰু স্বাধীনতাৰ ক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰি আইনৰ শাসনৰ সেৱা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আইনৰ শাসনৰ এই ভাবনা আমাৰ সভ্যতা আৰু সামাজিক কাৰুকাৰ্যৰ আধাৰ। ই সুশাসনৰো আধাৰ। ই আমাৰ স্বাধীনতা সংগ্ৰামত নৈতিক সাহসকো প্ৰভাৱিত কৰিছিল। ইয়াক ভাৰতীয় সংবিধানৰ নিৰ্মাতাসকলৰ দ্বাৰা সৰ্বোচ্চ স্থান দিয়া হৈছিল। সংবিধানৰ প্ৰস্তাৱনা এই প্ৰতিজ্ঞাৰ অভিব্যক্তি। ন্যায়পালিকাই সদায়ে এই মহত্বপূৰ্ণ সিদ্ধান্তক শক্তি আৰু দিশ প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ন্যায়ৰ প্ৰাথমিক লক্ষ্যসমূহ সম্পূৰ্ণ কৰাৰ বিষয়ে বাৰৰ ভূমিকাৰো প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত জোৰ দিয়ে যে বিশ্ব স্তৰৰ ন্যায়িক প্ৰণালী স্থাপন কৰাটো কাৰ্যপালিকা আৰু ন্যায় পালিকা উভয়ৰে দায়বদ্ধতা, যাতে সমাজৰ সবাতোকৈ নিম্ন পৰ্যায়ত থিয় হৈ থকা ব্যক্তিকো সময় মতে ন্যায় লাভৰ নিশ্চয়তা প্ৰদান কৰিব পৰা যায়।

 

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কোভিড মহামাৰীৰ কঠিন সময়ত ন্যায়পালিকাৰ নিষ্ঠাকো প্ৰশংসা কৰে। গুজৰাট উচ্চ ন্যায়ালয়ে ভিডিঅ' কনফাৰেঞ্চিং, এছএমএছ কল-আউট, গোচৰৰ ই-ফাইলিং আৰু 'ই-মেইল মাই কেছ ষ্টেটাছ'ৰ দ্বাৰা শুনানি সোনকালে আৰম্ভ কৰি নিজৰ অনুকূল ক্ষমতা দৰ্শাইছে। ন্যায়ালয়ে ইউটিউবত নিজৰ ডিস্প্লে ব'ৰ্ডৰ ষ্ট্ৰিমিং আৰম্ভ কৰে আৰু ৱেবছাইটত নিজৰ সিদ্ধান্ত আৰু আদেশসমূহো আপলোড কৰিলে। গুজৰাট উচ্চ ন্যায়ালয় আদালতৰ কাৰ্যক্ৰম লাইভ-ষ্ট্ৰিম কৰা দেশৰ প্ৰথম ন্যায়ালয়। প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে যে আইন মন্ত্ৰালয়ৰ ই-ক'ৰ্ট ইণ্টেগ্ৰেটেড মিছন ম'ড প্ৰজেক্টৰ দ্বাৰা স্থাপিত প্ৰাথমিক আন্তঃগাঁথনিক ন্যায়ালয়ৰ দ্বাৰা বহুত দ্ৰুততাৰে প্ৰয়োগ কৰা হয়। তেওঁ কয় যে আজি ১৮,০০০তকৈ অধিক ন্যায়ালয়ৰ কম্পিউটাৰিকৰণ হৈ গৈছে আৰু টেলি-কনফাৰেঞ্চিং আৰু ভিডিঅ' কনফাৰেঞ্চিঙক উচ্চতম ন্যায়ালয়ৰ দ্বাৰা আইনী মঞ্জুৰী দিয়াৰ পিছত ন্যায়ালয়ত ই-প্ৰচেছিঙলৈ নতুন গতি আহে। প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া অত্যন্ত গৌৰৱৰ কথা যে আমাৰ উচ্চতম ন্যায়ালয়ে পৃথিৱীৰ সকলো উচ্চতম ন্যায়ালয়ৰ তুলনাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত সবাতোকৈ অধিক সংখ্যক গোচৰৰ শুনানি কৰে।

গোচৰৰ ই-ফাইলিং আৰু গোচৰৰ বিশেষ চিনাক্ত কৰণ সংহিতা আৰু কিউআৰ ক'ডৰ জৰিয়তে 'ইজ অফ জাষ্টিচ'য়ে এক নতুন গতি লাভ কৰে যাৰ ফলত ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰিডৰ প্ৰতিষ্ঠা উৎসাহিত হৈছে। এই গ্ৰিডে ভিডিঅ' আৰু অধিবক্তাসকলৰ নিজৰ গোচৰ সন্দৰ্ভত তথ্য উপলব্ধ হোৱাত সহায় কৰিব। এই 'ইজ অফ জাষ্টিচ' কেৱল জীৱনক সহজ কৰি তোলাতেই সহায়ক নহয়, বৰং কাম-কাজ সহজ কৰি তোলাতো সহায়ক, কিয়নো বিদেশী বিনিয়োগকাৰীয়ে নিজৰ ন্যায়িক অধিকাৰসমূহৰ বিষয়ে অধিক আত্মবিশ্বাস অনুভৱ কৰি আছে। বিশ্ববেংকেও ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰিডৰ প্ৰশংসা কৰিছে। উচ্চতম ন্যায়ালয়ৰ ই-কমিটী আৰু এনআইচিয়ে সুৰক্ষিত ক্লাউড-আধাৰিত প্ৰাথমিক আন্তঃগাঁথনিৰ সৃষ্টি কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ প্ৰণালীক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা (আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ)ৰ ব্যৱহাৰৰ সম্ভাৱনা চিনাক্ত কৰি থকা হৈছে। ইয়াৰ ফলত ন্যায়পালিকাৰ কুশলতা আৰু গতি বৃদ্ধি পাব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰ অভিযানে ন্যায়িক প্ৰণালীৰ আধুনিকীকৰণৰ প্ৰয়াসত ডাঙৰ ভূমিকা পালন কৰিব। এই অভিযানৰ জৰিয়তে ভাৰতে নিজৰ ভিডিঅ' কনফাৰেঞ্চ প্লেটফৰ্মক উদগণি দি আছে। উচ্চ ন্যায়ালয়সমূহ আৰু জিলা আদালতসমূহত ই-সেৱা কেন্দ্ৰই ডিজিটেল বিভাজন কম কৰাত সহায় কৰি আছে।

 

ই-লোক আদালতৰ বিষয়ে প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে ৩০-৪০ বছৰৰ আগতে জুনাগৰত প্ৰথম ই-লোক আদালতৰ উল্লেখ কৰে। আজি ই-লোক আদালতসমূহ সময় আৰু সুবিধাজনক ন্যায়ৰ স্ৰোত হৈ পৰিছে কিয়নো ২৪খন ৰাজ্যত লাখ লাখ গোচৰৰ শুনানি এই আদালতসমূহত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই গতি, বিশ্বাস আৰু সুবিধা আজিৰ ন্যায়িক প্ৰণালীৰ দাবী।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tirupati Begins First Mango Pulp Exports To UK Under India-UK FTA

Media Coverage

Tirupati Begins First Mango Pulp Exports To UK Under India-UK FTA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"