প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত আয়োজিত ক্ৰেডাই যুৱ সন্মিলন ২০১৯ ত উপস্থিত হৈ ভাষণ প্ৰদান কৰে।




উপস্থিত অভ্যাগতক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২২ চনৰ ভিতৰত যাতে দেশৰ প্ৰতিগৰাকী গৃহহীন লোকেই ঘৰ পাবলৈ সক্ষম হয় তাৰ বাবে অতি ক্ষীপ্ৰতাৰে কামসমূহ কৰি থকা হৈছে। তেওঁ কয় যে ইতিমধ্যেই প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত ১.৫ কোটি গৃহ নিৰ্মাণ কৰি উলিওৱা হৈছে, আৰু ইয়াৰ ভিতৰত ১৫ লাখ ঘৰ নগৰাঞ্চলৰ দৰিদ্ৰ লোকক নিৰ্মাণ কৰি দিয়া হৈছে। তেওঁ কয় যে চলিত কেন্দ্ৰীয় চৰকাৰখনৰ অধীনত সমগ্ৰ প্ৰক্ৰিয়া নিকা ভাৱে সম্পন্ন হৈ আছে। তেওঁ উল্লেখ কৰে যে চৰকাৰে যেতিয়া নিকা ভাৱমূৰ্তি আৰু সত্ উদ্দেশ্যেৰে নীতি নিৰ্ধাৰণ কৰে তেতিয়া সমগ্ৰ প্ৰক্ৰিয়াটোৰ পৰা দুৰ্নীতি নিজেই আঁতৰ হৈ যায় আৰু সুন্দৰ ফলাফল আহে।

 

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি চমুকৈ ৰেৰাই গ্ৰাহক আৰু ৰিয়েল ইষ্টেট ডেভেলপাৰসকলৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তুলিছে। তেওঁ লগতে কয় যে ৰেৰাই ইতিমধ্যেই দেশৰ ২৮ খন ৰাজ্যকে জাননী জাৰি কৰি থৈছে। ৰেৰাৰ অধীনত এই পৰ্যন্ত ৩৫০০০ ৰো অধিক ৰিয়েল ইষ্টেট প্ৰকল্প আৰু ২৭০০০ ৰিয়েল ইষ্টেট এজেণ্ট পঞ্জীভুক্ত হৈ আছে, আৰু কেবা লাখ ফ্লেট নিৰ্মাণ হ’বলগীয়া হৈ আছে।

বিগত চাৰিটা বছৰত দেশত ব্যৱসায় কৰাৰ সুচলতাৰ দিশেৰে এক বৃহত্ পৰিৱৰ্তন অহা বিষয়টোক লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত ব্যৱসায় কৰাৰ বাবে এক সুন্দৰ পৰিৱেশ গঢ়ি দিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰ সদায়েই প্ৰতিজ্ঞাবদ্ধ। এই সন্দৰ্ভত, তেওঁ কয় যে নিৰ্মাণ খণ্ডৰ বাবে অনুমতি প্ৰদানকে ধৰি অন্যান্য চৰকাৰী অনুজ্ঞা, অনুমতিৰ ক্ষেত্ৰত সকলো দিশ পূৰ্বতকৈ ভালেখিনি ক্ষীপ্ৰতৰ কৰি তোলা হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে হাউছিং উদ্যোগ আৰু গৃহ ক্ৰেতাসকলক সহায় কৰাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় চৰকাৰে কৰ সংশোধন কৰাৰ বিষয়েও কয়। তেওঁ বিভিন্ন নিৰ্মাণ খণ্ডৰ সৈতে জড়িত সামগ্ৰীসমূহৰ বাবে জিএছটিৰ হাৰ হ্ৰাস কৰাৰ বিষয়েও এই ভাষণতে উল্লেখ কৰে। শেহতীয়া বাজেটত মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে আয়কৰৰ ৰেহাই সন্দৰ্ভতো কয়। তেওঁ কয় যে এই পদক্ষেপসমূহৰ সামগ্ৰিক প্ৰভাৱে হাউছিং খণ্ডৰ লগতে গৃহ ক্ৰেতাসকলক সহায় কৰাৰ লগতে লাভৱান্বিতও কৰিব। দেশৰ সৰ্বসাধাৰণ ৰাইজৰ গৃহক্ৰয়ৰ সপোনক সাকাৰ কৰাৰ বাবে ক্ৰেডাই আগবঢ়োৱা অৱদানৰ বাবে সংস্থাটোক প্ৰধানমন্ত্ৰীয়ে প্ৰসংশা কৰে। তেওঁ লগতে কয় যে নৱ ভাৰত গঠন প্ৰক্ৰিয়াই এক নিৰ্দ্দিষ্ট আকাৰ লোৱাৰ সময়তেই যুৱ সন্মিলনখন সম্পন্ন হৈছে। তেওঁ কয় যে এখন নৱ ভাৰত গঠনৰ ক্ষেত্ৰত দেশৰ যুৱ সমাজে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তালকাটোৰা ষ্টেডিয়ামতে ক্ৰেডাইয়ে আয়োজন কৰা এক প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One App For 2,400-Plus Government Services: How UMANG Is Changing Access In India

Media Coverage

One App For 2,400-Plus Government Services: How UMANG Is Changing Access In India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মাৰ্চ 2026
March 27, 2026

Relief, Revival & Rise: How PM Modi is Building a Modern, Rooted & Self-Reliant India