Police, forensic science and judiciary are integral parts of criminal justice delivery system: Prime Minister
Greater technological intervention in forensic science can help tackle challenges of cyber security: PM Modi
In order to deal with rapidly changing crime scenario we have to develop newer techniques to make it clear that criminals will not be spared: PM

দুদিন পিছতে ৰক্ষা বন্ধনৰ উৎসৱ আৰু আপোনালোক ভগ্নীসকলে ইমান ডাঙৰ ৰাখী লৈ আহিছে, মই আপোনালোকৰ প্ৰতি কৃতজ্ঞ৷ আৰু দেশৰ মাতৃ-ভগ্নীসকলে আশীৰ্বাদ প্ৰদান কৰি মোক যি ৰক্ষা কৱচ প্ৰদান কৰিছে ইয়াৰ বাবে মই সকলো মাতৃ-ভগ্নীলৈ হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

ৰক্ষা বন্ধন উৎসৱৰ প্ৰাক্-মুহূৰ্তত গুজৰাটত এক লাখতকৈও অধিক পৰিয়ালক, ভগ্নীসকলে নিজৰ নামৰ ঘৰ পাব, মই ভাবোঁ ৰক্ষা বন্ধনত ইয়াতকৈ ডাঙৰ উপহাৰ একো হ’ব নোৱাৰে৷

যিসকল ভগ্নীয়ে আজি ঘৰ পাইছে; ঘৰ নাথাকিলে সেই পীড়া কেনে হয়, জীৱন কিদৰে অতিবাহিত হয়, ভৱিষ্যত কেনে অন্ধকাৰময় হয়; প্ৰতিটো পুৱা এটা সপোন দেখি সাৰ পায় আৰু সন্ধিয়া সেই সপোন মৰহি যায়, সেয়াই লাঞ্ছিত জীৱন৷

কিন্তু যেতিয়া নিজৰ ঘৰ থাকে তেতিয়া সপোনেও বাস্তৱ ৰূপ পায় আৰু এই সপোন পূৰণ কৰিবলৈ সমগ্ৰ পৰিয়াল; আবাল-বৃদ্ধ-বনিতা সকলোৱে শ্ৰম কৰে, পুৰুষাৰ্থ কৰে আৰু জীৱন পৰিৱৰ্তন হোৱা আৰম্ভ কৰে৷

এই ৰক্ষা বন্ধনৰ পবিত্ৰ উৎসৱৰ পূৰ্বে এই মাতৃ-ভগ্নীসকলক, এক লাখতকৈও অধিক পৰিয়ালক এই ঘৰ প্ৰদান কৰি আপোনালোকৰ ভাতৃৰ ৰূপত মই বৰ সন্তোষ লাভ কৰিছোঁ৷

আজি আৰু এটা ৬০০ কোটি টকাৰ অন্য যোজনা, এই যোজনাটোও এইদৰে ৰক্ষা বন্ধনৰ পবিত্ৰ উৎসৱৰ পূৰ্বে আমাৰ মাতৃ-ভগ্নীসকললৈ উপহাৰ স্বৰূপ৷ পানীৰ সংকট যদি পৰিয়ালৰ লোকে ভুগিবলগীয়া হয় তেন্তে পৰিয়ালটোৰ ভিতৰত মাতৃ-ভগ্নীসকলে অধিক ভুগিবলগীয়া হয়৷ ঘৰখনৰ বাবে পানীৰ ব্যৱস্থা আমাৰ মাতৃ-ভগ্নীসকলে কৰিবলগীয়া হয়৷ আৰু বিশুদ্ধ পানীৰ অভাৱত সেই ঘৰ ৰুগীয়াৰ ঘৰলৈ পৰিৱৰ্তিত হয়৷ পৰিষ্কাৰ পানীয়ে ঘৰখনক বহু বেমাৰৰ পৰা উদ্ধাৰ কৰে৷

এক প্ৰকাৰে আমূল পৰিৱৰ্তন অনাৰ দিশত কাম চলি আছে৷ আপোনালোকে প্ৰত্যক্ষ কৰিছে যে দক্ষতা বিকাশৰ দ্বাৰা, দূৰ-দুৰণিৰ আদিবাসী হাবিত থকা কন্যাসকলৰ দক্ষতা বিকাশৰ পিছত নিয়োজনৰ সুবিধা প্ৰদান কৰা হৈছে৷ ইয়াৰ প্ৰমাণ পত্ৰ দিয়াৰ অৱকাশ মই পাইছোঁ৷

আমাৰ দেশক সমস্যাৰ পৰা মুক্ত কৰিবলৈ, দেশৰ সাধাৰণ জনতাৰ সপোন পূৰণ কৰিবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰি আছোঁ৷

বলছাড়ৰ মোৰ ভাই-ভনীসকল, অৱশ্যে ইয়ালৈ অহাৰ মোৰ কাৰ্যসূচী কিছুদিন পূৰ্বেই কৰা হৈছিল যদিও বাৰিষাৰ বাবে সেই কাৰ্যসূচী বাতিল কৰিবলগীয়া হৈছিল৷ আৰু বৰষুণো যেতিয়া আহে, তেতিয়া তীব্ৰ গতিত আহে আৰু নাহিলে সপ্তাহটোলৈ নাহে৷ গুজৰাটৰ কিছুমান স্থানত পানী অহা নাই৷ কিন্তু বিগত কিছুদিন ধৰি গুজৰাটত যি বৰষুণ হৈছে, তাৰবাবে গুজৰাটৰ বহু স্থানত বৰ্ষাৰ কৃপাধন্য হৈছে৷ অনাগত বৰ্ষটোও উত্তম হ’ব৷ কৃষি ক্ষেত্ৰত বহুত লাভ হ’ব, এয়া মোৰ বিশ্বাস৷

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2026
July 21, 2026

Self-Reliance Is No Longer a Slogan — It’s Happening Across Engines, UPI, Vaccines & FDI Under the Leadership of PM Modi