India has a long tradition of handicrafts and Varanasi has played a key role in this regard: PM Modi
We want our weavers and artisans belonging to the carpet industry to prosper and get global recognition: PM Modi
For the carpet sector, our mantra is Farm to Fibre, Fibre to Fabric, Fabric to Fashion and Fashion to Foreign: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত অনুষ্ঠিত ইণ্ডিয়া কাৰ্পেট এক্সপ’ত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ আগবঢ়ায়।

ভাৰতৰ লগতে বিদেশৰ পৰা অহা অতিথিসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে দীনদয়াল হস্তকলা সংকুলৰ দ্বাৰা বাৰাণসীত আয়োজিত এয়া হৈছে প্ৰথম ইণ্ডিয়া কাৰ্পেট এক্সপ’। তেওঁ উল্লেখ কৰে যে বাৰাণসী, ভাদোহী আৰু মিজাপুৰ হৈছে দেশৰ গুৰুত্বপূৰ্ণ কাৰ্পেট উদ্যোগৰ কেন্দ্ৰস্থল। তেওঁ কয় যে এই ধৰণৰ প্ৰচেষ্টাই হস্তশিল্প, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক উৎসাহিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ হস্তকলা পৰম্পৰা বহু পুৰণি আৰু এই ক্ষেত্ৰত বাৰাণসীয়ে মুখ্য ভূমিকা পালন কৰিছে। প্ৰসংগক্ৰমে তেওঁ বিখ্যাত মনীষী কবি, কবীৰৰ কথা উল্লেখ কৰে, যিগৰাকীয়ে সেই অঞ্চলতে জন্মগ্ৰহণ কৰিছিল।
তেওঁ কয় হস্তশিল্পসমূহ স্বাধীনতা আন্দোলন আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰেৰণা উৎস। প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে মহাত্মা গান্ধী, সত্যাগ্ৰহ আৰু যঁতৰৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত হৈছে কাৰ্পেটৰ সৰ্ববৃহৎ উৎপাদনকাৰী আৰু বিশ্বৰ বজাৰত ভাৰতে ৩৫ শতাংশ অৱদান আগবঢ়াইছে। তেওঁ এই খণ্ডটোৰ ব্যাপক ৰপ্তানিৰ সফলতাৰ প্ৰসংগতো কয়। তেওঁ কয় মধ্যবিত্ত শ্ৰেণীৰ সংখ্যা বৃদ্ধি আৰু কাৰ্পেট উদ্যোগৰ প্ৰতি সমৰ্থন হৈছে এই খণ্ডটোৰ বিকাশৰ দুটা মুখ্য কাৰণ। প্ৰধানমন্ত্ৰীয়ে কাৰ্পেটৰ বজাৰত ইয়াৰ দক্ষতাক প্ৰশংসা কৰে, যিটোৱে ‘মেড ইন ইণ্ডিয়া কাৰ্পেট’ৰ ডাঙৰ ব্ৰেণ্ড গঢ়ি তুলিছে। তেওঁ কাৰ্পেট ৰপ্তানিকাৰীসকলক প্ৰদান কৰা আইনী সাহায্য আৰু কাৰ্পেটৰ মানদণ্ড নিশ্চিত কৰিব পৰাকৈ বিশ্বমানৰ গৱেষণাগাৰ নিৰ্মাণ সন্দৰ্ভতো ভাষণত উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে অন্যান্য সা-সুবিধা যেনে-অত্যাধূনিক লুম আৰু খণ্ডটোৰ বাবে ঋণৰ সুবিধাৰ কথাও সদৰি কৰে।

প্ৰধানমন্ত্ৰীয়ে দেশৰ শক্তি হৈ পৰা কাৰ্পেট নিৰ্মাতাসকলৰ দক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি সজোৰে কয়।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From school to PG, girls now outnumber boys

Media Coverage

From school to PG, girls now outnumber boys
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মে’ 2026
May 01, 2026

From Stolen Treasures to Smart Trains: PM Modi’s Blueprint for a Proud, Connected, Self-Reliant India