এই উপলক্ষে ভাষণত প্রধানমন্ত্রীয়ে কয় যে এই অনুষ্ঠানৰ পৰা স্বামীজীৰ ভাষণৰ প্রভাৱ, ভাৰতৰ সন্দৰ্ভত পশ্চিমীয়া দেশসমূহৰ ধ্যান-ধাৰণাৰ পৰিৱর্তন আৰু ভাৰতৰ চিন্তাভাৱনা তথা দর্শনৰ স্বীকৃতিৰ সন্দৰ্ভত শুদ্ধ ৰূপত জনাত সহায়ক হৈছে।

প্রধানমন্ত্রীয়ে কয় যে স্বামী বিবেকানন্দই বিশ্ববাসীৰ সন্মুখত বৈদিক দর্শনৰ ঐশ্বর্যক তুলি ধৰিছিল। চিকাগোত তেওঁ বিশ্বক বৈদিক দর্শনৰ সন্দৰ্ভত শিক্ষা প্ৰদান কৰিছিল। কেৱল ইমানে নহয়, ভাৰতৰ সমৃদ্ধ অতীত আৰু অতুল সম্ভাৱনাৰ বিষয়েও তেওঁ দেশৰ জনতাক সজাগ কৰি তুলিছিল। স্বামীজীয়ে আমাৰ আস্থা, গর্ব আৰু শিপাৰ প্রতি আকর্ষণক ঘুৰাই আনিলে।

 

শ্রী নৰেন্দ্র মোদীয়ে কয় যে স্বামী বিবেকানন্দৰ এই দৃষ্টিভংগীত ভাৰতে পূর্ণ বিশ্বাসেৰে আগুৱাই গৈছে। প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত কেন্দ্রীয় চৰকাৰৰ বিভিন্ন প্ৰচেষ্টা আৰু কার্যসূচীৰ কথাও উল্লেখ কৰে।

 

নিম্নোলিখিত কথাখিনি তেওঁ ভাষণৰ হুবহু উল্লেখ কৰা হ’ল-

 

এই অনুষ্ঠানত বক্তব্য আগবঢ়াবলৈ পাই নিজকে অত্যন্ত ভাগ্যবান বুলি অনুভৱ কৰিছো। এই অনুষ্ঠানত চাৰি হাজাৰ লোকৰ অংশগ্রহণৰ কথা উল্লেখ কৰিছে বুলি মই জানিব পাৰিছো।

 

ঘটনাক্রমে ১২৫ বছৰৰ পূৰ্বে চিকাগোৰ বিশ্ব ধর্ম মহাসন্মিলনতো চাৰ হাজাৰ লোকৰ সন্মুখত স্বামী বিবেকানন্দই ভাষণ আগবঢ়াইছিল।

 

প্ৰেৰণামূলক এনে ভাষণৰ বার্ষিকী উদযাপনৰ এনে অন্য উদাহৰণ আছে বুলি মই অৱগত নহয়।

 

সম্ভৱত নাই।

 

ভাষণৰ বার্ষিকী উদযাপনৰ পৰা স্বামীজীৰ ভাষণৰ প্রভাৱ প্রমাণিত হৈছে। ৰামকৃষ্ণ মঠ আৰু মিচন, তামিলনাড়ু চৰকাৰ আৰু এই অনুষ্ঠানত সমবেত হাজাৰ হাজাৰ যুৱক-যুৱতীক মই অভিনন্দন জনাইছো।

 

সাধু-মহাত্মাৰ অনন্য সাত্ত্বিক গুণ আৰু শক্তি তথা উপস্থিত যুববৃন্দৰ উৎসাহ হৈছে ভাৰতৰ প্রকৃত শক্তিৰ প্রতীক।

 

মই বহু দূৰৰ পৰা বক্তব্য আগবঢ়ালেও মই এই শক্তি অনুভৱ কৰিব পাৰিছো। মই শুনিছো যে আজিৰ দিনটো কেৱল ভাষণতে সীমাবদ্ধ ৰখা নাই। মঠৰ প্ৰচেষ্টাত কেতবোৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিভিন্ন স্কুল-কলেজে স্বামীজিৰ বার্তাকে ছড়িয়ে দিতে প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আমাৰ যুবসম্প্রদায়ে বিভিন্ন গুৰুত্বপূর্ণ বিষয়ক লৈ বিতর্ক-বিবেচনাৰ জৰিয়তে আজিৰ ভাৰতৰ বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানৰ সমাধান বিচাৰি উলিয়াব। জনসাধাৰণৰ অংশগ্রহণৰ এই ধ্যান-ধাৰণা, দেশৰ সন্মুখত বিভিন্ন প্ৰত্যাহ্বানৰ যৌথ মোকাবিলাৰ দৃঢ় প্ৰচেষ্টা আৰু ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ এই দর্শন–ইত্যাদিবোৰ হৈছে স্বামীজীৰ ভাষণৰ মূল কথা।

 

বন্ধুসকল,

 

স্বামী বিবেকানন্দৰ এই ভাষণৰ জৰিয়তে ভাৰতীয় সংস্কৃতি, দর্শন আৰু প্রাচীন ঐতিহ্যৰ ৰেঙণি সমগ্ৰ বিশ্বত সিঁচৰিত হৈছে। বহু লোকে তেওঁৰ এই চিকাগো ভাষণৰ বিষয়ে লিখিছিল। আজিৰ এই অনুষ্ঠানতো তেওঁৰ ভাষণৰ মূল বিষয়সমূহক লৈ আলোচনা হৈছে। আমি সকলোৱেই স্বামীজীৰ সেই বক্তব্যৰ শব্দাৱলীলৈ বাৰে বাৰে ঘুৰি যাব লাগে আৰু তাৰ পৰা নতুন কিছু শিকিব পাৰো। তেওঁৰ ভাষণৰ প্রভাৱৰ বিষয়ে চেন্নাইত স্বামীজীয়ে এটা প্রশ্নৰ উত্তৰত কৈছিল, “চিকাগো ধর্ম সন্মিলন ভাৰত আৰু ভাৰতীয় ধ্যান-ধাৰণাৰ বাবে এক বিৰাট সফলতা আনি দিছিল। এই ভাষণে বেদান্তৰ জোয়াৰ অনাত সহায় কৰিছিল, যি বর্তমান বিশ্বজুৰি প্ৰসাৰিত হৈছে।”

 

বন্ধুসকল, 

স্বামীজীৰ সময়ৰ নিৰিখত তেওঁৰ কামৰ জোখে তেওঁ বহু দূৰ আগুৱাই গৈছিল। সেই সময়ত আমাৰ দেশ বিদেশী শাসকৰ অধীনত আছিল।

 

আমি অতি দৰিদ্র আছিলো। পিছপৰা এক সমাজ হিচাপে আমাৰ নীচ বুলি ভবা হৈছিল। প্রকৃততে তেতিয়া বহু সামাজিক কু-প্রথা আমাৰ সমাজৰ অংগ আছিল।

 

বিদেশী শাসক, তেওঁলোকৰ বিচাৰ, তেওঁলোকৰ ধর্ম প্রচাৰ ইত্যাদিয়ে আমাৰ হাজাৰ হাজাৰ বছৰৰ জ্ঞান আৰু সাংস্কৃতিক ঐতিহ্যক নীচ প্রতিপন্ন কৰাৰ বাবে একোৱেই বাকী ৰখা নাছিল।

 

আমাৰ দেশৰ লোকসকলক আমাৰ নিজা ঐতিহ্য সম্পৰ্কে বেয়াকৈ দেখাইছিল। তেওঁলোকৰ শিপাৰ পৰা বিচ্ছিন্ন কৰা হৈছিল। স্বামীজীয়ে এই মানসিকতাক প্ৰত্যাহ্বান জনাইছিল। তেওঁ ভাৰতীয় সংস্কৃতি আৰু দার্শনিক চিন্তা তথা জ্ঞানৰ ওপৰত পৰি থকা শ শ বছৰৰ ধুলি-মাকতি পৰিষ্কাৰ কৰাৰ দায়িত্ব কান্ধ পাতি লৈছিল। স্বামীজীয়ে বৈদিক দর্শনৰ ঐশ্বর্যক বিশ্বৰ ওচৰত তুলি ধৰিছিল।

 

স্বামীজীয়ে আমাৰ মনত পেলাই দিছিল যে “এয়া হৈছে সেই ভূমি য’ৰ পৰা বানৰ ঢৌৰ দৰে ধর্ম আদর্শ আৰু দর্শন বাৰে বাৰে বিশ্বক উটুৱাই লৈ গৈছে। এয়া হৈছে সেই ভূমি য’ পৰা আদর্শৰ সেই ঢৌ, ক্ষয়িষ্ণু মানৱ সভ্যতাক প্রাণ আৰু শক্তি যোগাইছে।”

 

স্বামী বিবেকানন্দ যে কেৱল সমগ্র বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰিছিল, তেনে নহয়, আমাৰ দেশৰ স্বাধীনতা আন্দোলনতো তেওঁ নতুন শক্তি আৰু নতুন বিশ্বাস যোগাইছিল।

‘আমি কৰিব পাৰো, আমি কৰিব পাৰিম’–সেই অনুভূতিৰে তেওঁৰ দেশৰ জনতাক জগাই তুলিছিল। সেই যুৱ সন্ন্যাসীৰ প্রতি ৰক্তবিন্দুত এই বিশ্বাস, এই আত্ম-মর্যাদাবোধ আছিল। তেওঁ এই আত্ম-মর্যাদাবোধকে দেশলৈ ঘুৰাই আনে। তেওঁৰ মন্ত্র আছিল “নিজৰ ওপৰ বিশ্বাস ৰাখা, দেশক ভালপোৱা।”

বন্ধুসকল,

স্বামী বিবেকানন্দৰ এই দৃষ্টিভংগীৰে ভাৰতে পূর্ণ বিশ্বাসেৰে আগুৱাই গৈছে। আমি যদি নিজৰ ওপৰত বিশ্বাস ৰাখো আৰু কঠোৰ পৰিশ্রম কৰিব পাৰো, তেতিয়াহ’লে কোনো লক্ষ্যই অসম্ভৱ নহ’ব। স্বাস্থ্যৰ বাবে যোগ আৰু আয়ুর্বেদক ভাৰতৰ প্রাচীন ঐতিহ্য হিচাপে বিশ্বই স্বীকৃতি দিছে। ভাৰতে একেসময়তে আধুনিক প্রযুক্তিৰ শক্তিকো কাম লগাবলৈ শিকিছে। আজি যেতিয়া ভাৰতে একেবাৰে ১০০ উপগ্রহ উৎক্ষেপণ কৰে, যেতিয়া বিশ্ব মংগলযান আৰু গগনযানৰ কথা আলোচনা কৰে, যেতিয়া অন্যান্য দেশে আমাৰ ‘ভীম’ৰ দৰে ডিজিটেল এপ নকল কৰে, তেতিয়া আমাৰ দেশৰ আত্মমর্যাদা আৰু বৃদ্ধি পায়। ইয়াৰ প্রভাৱে আমাৰ যুৱক-যুৱতীসকলৰ মাজত বিশ্বাস জন্মায়। শেহতীয়া এছিয়ান গেম্‌ছত আমাৰ খেলুৱৈসকলে দেখুৱাই দিছে যে আমি যিমান দৰিদ্র নহওঁক কিয়, আমি যি পৰিয়ালৰ পৰাই নাহো কিয়, বিশ্বাস আৰু কঠোৰ পৰিশ্রমৰ জৰিয়তে আমি দেশক আমাৰ বাবে গর্ব অনুভৱৰ সুযোগ দিব পাৰো। আমাৰ দেশৰ শস্যৰ অভিলেখসংখ্যক উৎপাদনৰ জৰিয়তে কৃষকসকলৰ সেই একে ধৰণক বিশ্বাসৰ প্রতিফলন পৰিলক্ষিত হয়। আমাৰ দেশৰ উদ্যোগ-বাণিজ্যমহল আৰু শ্রমিকসকলে শিল্প উৎপাদনক আগুৱাই নিছে। যুৱ প্রযুক্তিবিদ, উদ্যোগপতি আৰু আপোনালোকৰ দৰে বিজ্ঞানীসকলে দেশক ষ্টার্ট-আপৰ ক্ষেত্রত এক নতুন বিপ্লৱৰ দিশে আগুৱাই নিছে।

 

বন্ধুসকল,

স্বামীজীয়ে দৃঢ়ভাবে বিশ্বাস কৰিছিল যে ভাৰতৰ ভৱিষ্যৎ তেওঁৰ যুৱকসকলৰ ওপৰতে নির্ভৰ কৰে। বেদৰ উদ্ধৃতি দি তেওঁ কয়, “যুৱক, শক্তিশালী, স্বাস্থ্যবান আৰু তীক্ষ্ণ মেধাৰ লোকসকলেই ভগবানৰ ওচৰ পাব।” মই অত্যন্ত সুখী যে আজিৰ যুৱসম্প্রদায়ে এটি উদ্দেশ্য লৈ আগুৱাই গৈছে। যুৱসম্প্রদায়ৰ আশা-আকাংক্ষাৰ কথা মনত ৰাখি চৰকাৰে এক নতুন কর্মসংস্কৃতি, এক নতুন দৃষ্টিভংগী লৈ আহিছে।

 

বন্ধুসকল,

স্বাধীনতাৰ ৭০ বছৰৰ পাছত সাক্ষৰতা বহু পৰিমাণে বৃদ্ধি পোৱাৰ পাছতো আমাৰ যুৱসম্প্রদায়ৰ বহুতেই এতিয়াও কামৰ যোগ্য হৈ উঠিব পৰাকৈ দক্ষতা অর্জন কৰিব পৰা নাই। এয়া অতি দুঃখৰ কথা যে আমাৰ শিক্ষা ব্যৱস্থাত দক্ষতাৰ ওপৰত পর্যাপ্ত জোৰ দিয়া হোৱা নাই। সেয়েহে, দক্ষতা বৃদ্ধিৰ গুৰুত্বক উপলব্ধি কৰি চৰকাৰে কেৱল দক্ষতা উন্নয়নৰ বাবেই এক নির্দিষ্ট মন্ত্রালয় স্থাপন কৰিছে।

তদুপৰি, আমাৰ চৰকাৰে যুৱকসকলৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ বেংকৰ দুৱাৰ তেওঁলোকৰ বাবে মুক্ত কৰি দিছে।

‘মুদ্রা’ যোজনাৰ অধীনত বৰ্তমানলৈকে ১৩ কোটিতকৈও অধিক টকা মূল্যৰ ঋণ দিয়া হৈছে। দেশৰ গাওঁ আৰু চহৰসমূহত স্ব-ৰোজগাৰ বৃদ্ধিৰ ক্ষেত্রত এই যোজনাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।

চৰকাৰে ষ্টার্ট-আপ ইণ্ডিয়া প্ৰচেষ্টাৰ জৰিয়তে উদ্ভাৱনী ধাৰণাৰ বাস্তবায়িত কৰাৰ বাবে উৎসাহ যোগাবলৈ এটি মঞ্চৰো ব্যৱস্থা কৰা হৈছে।

ফলস্বৰূপে, কেৱল যোৱা বছৰতে ৮ হাজাৰ ষ্টার্ট-আপ স্বীকৃতিৰ প্ৰশংসাপত্র লাভ কৰিছে। ২০১৬ চনত এই সংখ্যা আছিল মাত্র ৮০০। অৰ্থাৎ, এবছৰত এই সংখ্যা দহগুণ বৃদ্ধি পাইছে।

বিদ্যালয়ত উদ্ভাৱনী পৰিৱেশ গঢ়ি তোলাৰ বাবে “অটল উদ্ভাৱনী অভিযান”ৰ শুভাৰম্ভ কৰা হৈছে। এই আঁচনিৰ অধীনত আমি পৰৱৰ্তী ৫ বছৰত দেশত ৫০০০টা অটল টিংকাৰিং গৱেষণাগাৰ স্থাপনৰ দিশত কাম কৰি আছো। উদ্ভাৱনী ধ্যান-ধাৰণাক উৎসাহিত কৰিবলৈ চৰকাৰে ‘স্মার্ট ইণ্ডিয়া হেকাথন’ৰ দৰে কার্যসূচী ৰূপায়ণ কৰিছে।

বন্ধুসকল,

স্বামী বিবেকানন্দই আর্থ-সামাজিক সমস্যাসমূহৰ বিষয়েও বক্তব্য আগবঢ়াইছিল। তেওঁ কৈছিল যে যিসকল লোকে সমাজৰ শীর্ষস্থান বহি আছে, তেওঁলোকে সমাজৰ অতি দৰিদ্র ব্যক্তিসকলক তেওঁলোকৰ সম পৰ্যায়ৰ কৰি তুলিব পাৰিলেহে সমাজত সমতা আহিব। যোৱা চাৰি বছৰ ধৰি আমি এই লক্ষ্যৰে কাম কৰি আহিছো। দৰিদ্র লোকসকলৰ বাবে জন ধন একাউন্ট আৰু ভাৰতীয় ডাক বেংকৰ জৰিয়তে বেংকৰ সেৱা দিয়া হৈছে। দৰিদ্র গৃহহীন লোকসকলৰ বাবে আবাস, গেছ, বিদ্যুৎ সংযোগ, স্বাস্থ্য আৰু জীৱন বীমাৰ কার্যসূচী, অতি দৰিদ্রসকলৰ উন্নতিৰ ব্যৱস্থা কৰা হৈছে।

 

অহা ২৫ ছেপ্টেম্বৰত আমি সমগ্ৰ দেশত ‘আয়ুষ্মান ভাৰত’ আঁচনি আৰম্ভ কৰিবলৈ আগবাঢ়িছো। এই আঁচনিৰ অধীনত দেশৰ ১০ কোটিৰো অধিক দৰিদ্র পৰিয়ালৰ বাবে জটিল ৰোগৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ ৫ লাখ টকালৈকে বীমাৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনি যোগ দিয়াৰ বাবে মই তামিলনাডু চৰকাৰ আৰু সেই ৰাজ্যৰ জনসাধাৰণক অভিনন্দন জনাইছো।

 

আমাৰ দৃষ্টিভংগী কেৱল দাৰিদ্র্য দূৰীকৰণ নহয়, দেশৰ দৰিদ্ৰতাৰ প্রধান কাৰকবোৰেই নিৰ্মূল কৰা।

মই আপোনালোকক মনত পেলাই দিব বিচাৰো যে আজিৰ দিনটোতে ৯/১১ত মুম্বাইত সেই কুখ্যাত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল, যিটোৱে সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। বিশ্বৰ দেশসমূহে এই সমস্যাৰ সমাধান বিচাৰি আছে। কিন্তু প্রকৃত প্রস্তাৱত চিকাগো বক্তৃতাত স্বামীজীয়ে সমগ্র বিশ্বক যি পথ দেখুৱাইছিল, সেই সহিষ্ণুতা আৰু গ্রহণযোগ্যতাৰ জৰিয়তেএ ইয়াৰ প্রকৃত সমাধান নিহিত আছে।

স্বামীজীয়ে কৈছিল, “যি ধর্মই বিশ্বক সহিষ্ণুতা আৰু সার্বজনীন গ্রহণযোগ্যতাৰ আদর্শৰ শিক্ষা দিছে, সেই ধর্মৰ মানুহ হিচাপে মই গৌৰৱবোধ কৰো।”

বন্ধুসকল,

আমি এক মুক্ত আদর্শৰ দেশ। শতিকাৰ পাছত শতিকা ধৰি এই ভূমিত বিচিত্র আদর্শ আৰু সংস্কৃতিৰ জন্ম লৈছে। ‘আলোচনা’ আৰু ‘সিদ্ধান্ত’ৰ ঐতিহ্য আমাৰ আছে। আমাৰ চিৰস্থায়ী মূল্যবোধেই হৈছে গণতন্ত্র আৰু বিতর্ক।

কিন্তু বন্ধুসকল, আমাৰ সমাজ এতিয়াও সকলো কু-প্রথাৰ পৰা মুক্ত হোৱা নাই। ইমান এখন বিশাল দেশত, ইমান অনন্য বৈচিত্র্যৰ এই দেশত এতিয়াও আমাৰ সন্মুখত বহু প্ৰত্যাহ্বান আছে।

বিবেকানন্দই প্ৰায়ে কৈছিল, “যুগে যুগে সর্বত্রে চয়তান থাকে।” সমাজৰ সেই বেয়া দিশবোৰৰ পৰা আমিক সাৱধানে থাকি তাকে পৰাভূত কৰিব লাগিব। আমি মনত ৰাখিব লাগিব যে আমাৰ ইমান সম্পদ থকা সত্ত্বেও যেতিয়াই ভাৰতীয় সমাজত বিভাজন দেখা দিছে, যেতিয়াই আমি আভ্যন্তৰীণ সংঘাতত লিপ্ত হৈছো, তেতিয়াই বহিৰাগত শত্রুসকলে তাৰ সুবিধা লৈছে।

সংগ্রামৰ সেই সময়ত আমাৰ সাধু-সন্তসকলে, সমাজ সংস্কাৰ কৰাৰ সঠিক পথ দেখুৱাইছে– যি পথত আমি আকৌ একত্রিত হ’ব পাৰো।

আমি স্বামী বিবেকানন্দৰ অনুপ্রেৰণাত নতুন ভাৰত গঢ়ি তুলিব লাগিব।

 

মই আপোনালোক সকলোকে বহুত ধন্যবাদ জনাই মোৰ ভাষণৰ সামৰণী মাৰিছো। আপোনালোকে মোক এই ঐতিহাসিক অনুষ্ঠানত অংশগ্রহণৰ সুযোগ দিলে। বিভিন্ন স্কুল আৰু কলেজত যিসকলে ছাত্র-ছাত্ৰীয়ে স্বামীজীৰ বিষয়ে পঢ়িছে আৰু তেওঁৰ বার্তা অনুধাবন কৰিছে, বিভিন্ন প্রতিযোগিতাত অংশ লৈছে আৰু পুৰস্কাৰ লাভ কৰিছে, সেই সকলোকে মই অভিনন্দন জনাইছো।

 

আপোনালোক সকলোকে মই পুনৰ ধন্যবাদ জনাইছো।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's passenger vehicle sales expected to grow 4-6% in FY27: Report

Media Coverage

India's passenger vehicle sales expected to grow 4-6% in FY27: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the transformative impact of Yoga
June 22, 2026

The Prime Minister, Shri Narendra Modi, said that the remarkable success of the International Day of Yoga is proof that Yoga is not only helping millions of people across the world achieve physical well-being, but is also inspiring them to lead positive lives with confidence.

The Prime Minister shared a Sanskrit Subhashitam-

“चित्तप्रशमनोपायो योग इत्यभिधीयते। प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥”

The Subhashitam conveys that yoga is the means of completely calming and quieting the mind. To attain this goal, two principal methods of yoga are prescribed: calming the mind and regulating the flow of the breath.

The Prime Minister wrote on X;

“अंतर्राष्ट्रीय योग दिवस की बड़ी सफलता इस बात का प्रमाण है कि योग न केवल दुनियाभर में करोड़ों लोगों को शारीरिक रूप से स्वस्थ बना रहा है, बल्कि उन्हें आत्मविश्वास के साथ सकारात्मक जीवन जीने के लिए प्रेरित भी कर रहा है।

चित्तप्रशमनोपायो योग इत्यभिधीयते। प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥”