প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সেৰ জৰিয়তে আইআইটি খড়গপুৰৰ ৬৬তম সমাৱর্তনত ভাষণ দিয়ে। অনুষ্ঠানত কেন্দ্রীয় শিক্ষামন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’ আৰু শিক্ষা ৰাজ্যমন্ত্রী শ্রী সঞ্জয় ধোত্ৰে উপস্থিত থাকে।

 

অনুষ্ঠানত প্রধানমন্ত্রীয়ে কয়, আজিৰ দিনটো কেৱলমাত্র আইআইটি-ৰ অভিভাৱক অভিভাৱিকা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবেই গুৰুত্বপূর্ণ নহয়, এই দিনটো নতুন ভাৰতৰ বাবেও গুৰুত্বপূর্ণ, কাৰণ ছাত্র-ছাত্রীসকলে সমগ্ৰ দেশকে প্রতিনিধিত্ব কৰে। উত্তীর্ণ ছাত্র-ছাত্রীসকলৰ উদ্দেশ্যি তেওঁ কয়, তেওঁলোকে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ আগবাঢ়িছে। এই পৰিপ্রেক্ষিতত দেশৰ কোটি কোটি মানুহৰ জীৱনলৈ পৰিবর্তন আনিবলৈ ছাত্র-ছাত্রীসকলক নতুন উদ্যোগ আৰু উদ্ভাৱনীমূলক কামত মনোনিৱেশ কৰিবল প্রধানমন্ত্রীয়ে পৰামর্শ দিয়ে। আজি যি ডিগ্রী তেওঁলোকে অর্জন কৰিছে সেয়া লক্ষ লক্ষ মানুহৰ উচ্চাকাক্ষাৰ প্রতিফলন, তেওঁলোকে মানুহৰ সেই আকাক্ষা পূৰণ কৰিবই লাগিব।

 

প্রধানমন্ত্রীয়ে কয়, ভৱিষ্যতৰ চাহিদাৰ কথা বিবেচনা কৰি কাম কৰাৰ সময় আহি পৰিছে, আগন্তুক দিনৰ সৈতে সংগতি ৰাখি উদ্ভাৱনমূলক কামত নিয়োজিত হ’ব লাগিব। এজন ইঞ্জিনিয়াৰৰ যিকোনো বিষয়বস্তুক অধিক গভীৰলৈ চোৱাৰ ক্ষমতা আছে। আৰু এই বুজা-পৰাৰ বিষয়ৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নতুন নতুন আবিষ্কাৰৰ বাবে উদ্যোগী হব লাগিব আৰু ভবিষ্যতৰ বাবে নতুন কিবা কৰিব লাগিব। লক্ষ লক্ষ মানুহৰ জীৱন ৰক্ষা কৰা আৰু মানোন্নয়নৰ বাবে ছাত্র-ছাত্রীসকলৰ বিভিন্ন সমস্যা সমাধান কৰিব লাগিব আৰু একেলগে দেশৰ সম্পদকো ৰক্ষা কৰিব লাগিব।

 

প্রধানমন্ত্রীয়ে ছাত্র-ছাত্রীসকলৰ প্রত্যেককে তিনিটা মন্ত্র-আত্ম-সচেতনতা, আত্ম-বিশ্বাস আৰু নিঃস্বার্থ হোৱাৰ পৰামর্শ প্ৰদান কৰে যাতে ইয়াৰ সহায়ত তেওঁলোকে ভৱিষ্যতে যিকোনো সংশয় আৰু বাধা অতিক্রম কৰিব পাৰে। এই ছাত্র-ছাত্রীসকলে তেওঁলোকৰ সম্ভাৱনাৰ দিশটো চিহ্নিত কৰি আত্মপ্রত্যয়ৰ সৈতে নিঃস্বার্থভাৱে আৰু আগুৱাই যাব লাগিব।

 

প্রধানমন্ত্রীয়ে কয়, বিজ্ঞান আৰু প্রযুক্তিতত দ্রুততাৰ কোনো স্থান নাই। যি কাম কোনোবাই আৰম্ভ কৰিছে সেই উদ্ভাৱনৰ সম্পূর্ণ সাফল্য এজনে নাপাবও পাৰে। কিন্তু এই ব্যর্থতাকেই সাফল্য বুলি বিবেচনা কৰা উচিত। কাৰণ তাৰ পৰাও এজনে শিকিব পাৰে। একবিংশ শতাব্দীত আইআইটিসমূহৰ ভূমিকা ইণ্ডিয়ান ইন্সটিটিউট অৱ টেকনোলজিৰ পৰা ইন্সটিটিউট অৱ ইণ্ডিজিনিয়াছ টেকনোলজিলৈ পৰিৱর্তন কৰিব লাগিব, যাতে নতুন ভাৰতৰ চাহিদা আৰু আকাক্ষা পূৰণ কৰিব পৰা যায়।

 

শ্রী মোদীয়ে কয়, সমগ্ৰ বিশ্বই যেতিয়া জলবায়ু পৰিৱৰ্তনৰ সমস্যা মোকাবিলা কৰিছে, ভাৰতে তেতিয়া আন্তর্জাতিক সৌৰ জোটৰ ধাৰণা লৈ আহিছে। তেওঁ কয় যে আজি ভাৰত সেই দেশবোৰৰ ভিতৰৰ এখন য'ত প্ৰতি ইউনিটত সৌৰ শক্তিৰ ব্যয় অতি কম। কিন্তু এতিয়াও ঘৰে ঘৰে সৌৰ শক্তি প্ৰদান কৰিবলৈ বহুতো প্ৰত্যাহ্বান আছে। ভাৰতে এনে প্রযুক্তি উদ্ভাৱন কৰিব লাগিব যাৰ ফলত পৰিৱেশৰ ক্ষতি কম হয় আৰু সেই স্থিতিশীল প্রযুক্তি ব্যৱহাৰকাৰীসকলৰ পক্ষে সুবিধাজনক হয়।

 

প্রধানমন্ত্রীয়ে কয়, সমগ্ৰ বিশ্বই এতিয়া বিপর্যয় মোকাবিলাৰ ক্ষেত্রত ভাৰতৰ প্ৰতি লক্ষ্য ৰাখে। যিকোনো ডাঙৰ বিপর্যয়ৰ সময়ত জীৱন আৰু পৰিকাঠামো আটাইতকৈ বেছি ক্ষতিগ্রস্ত হয়। এই বিষয়টো উপলব্ধি কৰি ৰাষ্ট্রসংঘত কোৱালিচন ফৰ ডিজাস্টাৰ ৰেজিলিয়েন্ট ইনফ্ৰাষ্টাকচাৰ গঢ়ি তোলাৰ বাবে ভাৰতে উদ্যোগ গ্ৰহণ কৰিছিল।

 

চতুর্থ পর্বৰ উদ্যোগৰ বাবে উদ্ভাৱনৰ গুৰুত্বৰ তাৎপর্যৰ কথা শ্রী মোদীয়ে উল্লেখ কৰে। উদ্যোগ ক্ষেত্রত, ইন্টাৰনেটৰ প্রয়োগ আৰু আধুনিক নির্মাণ প্রযুক্তিতে কৃত্রিম মেধা সংক্রান্ত বিভিন্ন শিক্ষামূলক গৱেষণাৰ উদ্যোগৰ বিষয়ে আইআইটি খড়গপুৰৰ প্রয়াসৰ তেওঁ প্রশংসা কৰে। আইআইটি খড়গপুৰৰ উদ্ভাৱিত ছফ্টৱেৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত যথেষ্ট ফলপ্রসূ হৈছে। তেওঁ স্বাস্থ্য প্রযুক্তিত এই প্রতিষ্ঠানক বিভিন্ন উদ্ভাৱনমূলক কাম কৰাৰ আহ্বান জনায়। তেওঁ কয়, ব্যক্তিগত স্তৰত স্বাস্থ্য খণ্ডত ব্যৱহৃত বিভিন্ন সৰঞ্জামৰ বৃহৎ বজাৰ আছে। সুস্থ হৈ থকাৰ বাবে যিবোৰ সৰঞ্জামৰ প্রয়োজন সেইসমূহ বজাৰতো ক্রমশ বৃদ্ধি পাইছে। ভাৰতত স্বাস্থ্য সংক্রান্তীয় বিভিন্ন যন্ত্রপাতি প্ৰস্তুত কৰাৰ ক্ষেত্রত নতুন নতুন প্রযুক্তি উদ্ভাৱন কৰিব লাগিব, যিসমূহ যাতে কম মূল্যত লাভ কৰিব পাৰি আৰু নিখুঁতভাৱে কাম কৰে সেই দিশৰ প্ৰতি নজৰ ৰাখিব লাগিব।

 

প্রধানমন্ত্রীয়ে কয়, ক’ৰোনাৰ পাছত বিজ্ঞান, প্রযুক্তি, গৱেষণা আৰু উদ্ভাৱনত ভাৰতে আন্তর্জাতিক স্তৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰিছে। এই উচ্চাকাক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বাজেটত বিজ্ঞান আৰু প্রযুক্তিৰ বাবে বাজেট বৃদ্ধি কৰা হৈছে। কিছুদিন পূৰ্বে মানচিত্র আৰু ভূস্থানিক তথ্যক চৰকাৰে নিয়ন্ত্রণমুক্ত কৰিছে। ইয়াৰ ফলত প্রযুক্তিগত ক্ষেত্রত নতুন উদ্যোগৰ সুবিধা হ’ব। স্টার্টআপ আৰু উদ্ভাৱনক লৈ যিসকল তৰুণ-তৰুণীয়ে কাম কৰিছে তেওঁলোকে আৰু স্বাধীনতা লাভ কৰিব আৰু দেশ আত্মনির্ভৰতাৰ দিশত আগুৱাই যাব।

 

নতুন জাতীয় শিক্ষানীতি বাস্তৱায়নৰ বাবে আইআইটি খড়গপুৰৰ প্ৰচেষ্টাক প্রধানমন্ত্রীয়ে ভূয়সী প্রশংসা কৰে। এই প্রতিষ্ঠানে যিদৰে জ্ঞান-বিজ্ঞান চর্চা কৰে তাৰ ফলত ভৱিষ্যতৰ উদ্ভাৱনমূলক কামত শক্তিৰ সঞ্চাৰ হ’ব। শ্রী মোদীয়ে দেশৰ স্বাধীনতাৰ ৭৫তম বর্ষপূর্তিত ৭৫ ৰকমৰ উদ্ভাৱনমূলক কাম কৰাৰ বাবে এই প্রতিষ্ঠানক আহ্বান জনায়, যাৰ সুফল দেশ আৰু পৃথিৱীয়ে লাভ কৰিব। তেওঁ কয় যে এই অনুপ্ৰেৰণাবোৰে দেশক এক নতুন উৎসাহ প্ৰদান কৰিব আৰু আত্মবিশ্বাসক অনুপ্ৰাণিত কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's crude supply secure, LPG production increased: Hardeep Puri

Media Coverage

India's crude supply secure, LPG production increased: Hardeep Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress