Plans of Megawatts to Gigawatts are Becoming Reality: PM
India’s Installed Renewable Energy Capacity Increased by Two and Half Times in Last six Years: PM
India has Demonstrated that Sound Environmental Policies Can also be Sound Economics: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত তৃতীয় আন্তৰ্জাতিক পুনৰ নবীকৰণযোগ্য বিনিয়োগ বৈঠক আৰু প্ৰদৰ্শনী (ৰি-ইনভেষ্ট ২০২০)ৰ উদ্বোধন কৰে। নতুন আৰু পুনৰ নবীকৰণ যোগ্য শক্তি মন্ত্ৰালয়ে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনৰ প্ৰধান বিষয়বস্তু হৈছে 'স্থিতিশীল শক্তিৰ পৰিৱৰ্তনৰ বাবে উদ্ভাৱন'।

 

প্ৰধানমন্ত্ৰীয়ে পুনৰ নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত কম সময়ৰ ভিতৰত উৎপাদন ক্ষমতা মেগাৱাটৰ পৰা গিগাৱাটলৈ বৃদ্ধি পোৱাত সন্তুষ্টি প্ৰকাশ কৰে। ইয়াৰ ফলত 'এক সূৰ্য, এক বিশ্ব, এক গ্ৰিড' নীতি বাস্তৱায়িত হৈছে। এই সকলো বিষয় ৰি-ইনভেষ্টৰ পূৰ্বৱৰ্তী সন্মিলনত আলোচিত হৈছে। শ্ৰী মোদীয়ে কয় যে যোৱা ৬ বছৰত ভাৰত এক অপ্ৰতিৰোধ্য গতিত আগবাঢ়ি গৈছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ উৎপাদন ক্ষমতা আৰু পৰিকাথামো বৃদ্ধি পাইছে। ইয়াৰ ফলত দেশৰ প্ৰতিজন নাগৰিকে বিদ্যুতৰ ব্যৱহাৰৰ জৰিয়তে তেওঁলোকৰ সকলো সম্ভাৱনাক কামত লগাব পাৰিছে। তেওঁ কয় যে পুনৰ নবীকৰণযোগ্য শক্তিৰ ক্ষমতাৰ নিৰিখত বিশ্বত ভাৰতৰ স্থান চতুৰ্থ আৰু সমস্ত ডাঙৰ ডাঙৰ দেশসমূহৰ মাজত এই বিকাশ দ্ৰুত হাৰত বৃদ্ধি পাইছে। বৰ্তমান ভাৰতত পুনৰ নবীকৰণযোগ্য শক্তিৰ ক্ষমতা ১৩৬ গিগাৱাট, যি আচলতে আমাৰ মুঠ ক্ষমতাৰ ৩৬%।

 

ভাৰতৰ বাৰ্ষিক পুনৰ নবীকৰণযোগ্য শক্তিৰ উৎপাদন ক্ষমতা কয়লাভিত্তিক তাপ বিদ্যুততকৈও ২০১৭ চনৰ পিছৰ পৰা অধিক হোৱাত প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে যোৱা ৬ বছৰত ভাৰতৰ পুনৰ নবীকৰণ যোগ্য শক্তিৰ ক্ষেত্ৰত যেতিয়া ই মূল্য বহনক্ষম নাছিল তেতিয়াও বিনিয়োগ কৰা হৈছে। ইয়াৰ ফলত উৎপাদনৰ ব্যয় হ্ৰাস পাইছে। শ্ৰী মোদীয়ে কয় যে আমি সমগ্ৰ বিশ্বক দেখুৱাইছো স্বাস্থ্যকৰ পৰিৱেশ অনুকূল নীতিয়ে স্বাস্থ্যকৰ অৰ্থনীতি গঢ়ি তোলাত সহায় কৰে। শক্তিৰ ক্ষেত্ৰত দক্ষতা কেৱল এটা মন্ত্ৰালয় বা দপ্তৰৰ ভিতৰত সীমাবদ্ধ ৰাখিলে নহ'ব। চৰকাৰ এই বিষয়ত সাৰ্বিকভাৱে উদ্যোগী হ'ব লাগিব। আমাৰ সকলো নীতিয়ে যাতে শক্তিৰ ক্ষেত্ৰত দক্ষতা অৰ্জন কৰে সেয়া নিশ্চিত কৰিব লাগিব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বৈদ্যুতিন সামগ্ৰীত উৎপাদনৰ লগতে উৎসাহ সংযুক্ত কৰাৰ প্ৰকল্পলৈ সাফল্য অহাত চৰকাৰে সিদ্ধান্ত লৈছে উচ্চ মানৰ সৌৰশক্তি যন্ত্ৰাংশ নিৰ্মাণতো এই উৎসাহভিত্তিক সুযোগ দিয়া হ'ব। তেওঁ সহজে ব্যৱসায় কৰাক চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ তালিকাত ৰখা হৈছে বুলি জনায়। বিনিয়োগকাৰীৰ সাহায্যৰ বাবে প্ৰকল্প উন্নয়ন কোষ গঠন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে অহা দশকত পুনৰ নবীকৰণযোগ্য শক্তিৰ বিপুল সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰখনৰ বাণিজ্যিক সম্ভাৱনা বছৰি ২০০০ কোটি ডলাৰৰ সমান। তেওঁ ভাৰতৰ পুনৰ নবীকৰণযোগ্য শক্তিৰ উৎপাদনৰ এই যাত্ৰাত বিনিয়োগকাৰী, উদ্ভাৱক আৰু ব্যৱসায়ীসকলক যুক্ত হ'বলৈ আহ্বান জনাইছে।

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12

Media Coverage

Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 আগষ্ট 2026
August 12, 2026

India Rising on Every Front: Economic Strength, Global Recognition & Self-Reliance Under PM Modi’s Vision