Growth story of India depends on its achievements in the science and technology sector: PM Modi
We are continuing our efforts to ensure ‘Ease of doing Science’ and effectively using Information Technologies to reduce red tape: PM
We aim to develop India as a world-class, US$100 billion bio-manufacturing hub by 2024: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংগালুৰুৰ ইউনিভাৰ্ছিটী অব্ এগ্ৰিকালচাৰেল ছায়েন্সেত ১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ (আইএছচি) মুকলি কৰে৷

মুকলি ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ভাৰতৰ উত্থানৰ গাঁথা বিজ্ঞান আৰু প্ৰযুক্তিখণ্ডৰ সাফল্যৰ ওপৰত নিৰ্ভৰ কৰে৷ ভাৰতীয় বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনখণ্ডত এক ব্যাপক নৱজাগৰণৰ আৱশ্যক৷’’

‘‘এই দেশৰ যুৱ বিজ্ঞানীসকলৰ প্ৰতি মই এটা মূলমন্ত্ৰ প্ৰদান কৰিব বিচাৰিছো আৰু সেয়া হ’ল-‘‘উদ্ভাৱন, পেটেণ্ট, উৎপাদন আৰু উন্নতি’’’’৷ তেওঁ কয় যে এই চাৰিটা পৰ্যায়ে ভাৰতৰ বিকাশ দ্ৰুত কৰি তুলিব৷‘‘জনসাধাৰণৰ দ্বাৰা আৰু জনসাধাৰণৰ বাবে উৎপাদনে আমাৰ ‘‘নতুন ভাৰত’’ক পথ প্ৰদৰ্শিত কৰিব’’, তেওঁ এইদৰে কয়৷

তেওঁ কয়, ‘‘নতুন ভাৰতক প্ৰযুক্তিও লাগে আৰু লজিকেল টেম্পাৰমেণ্টো, যাতে আমাৰ সামাজিক আৰু আৰ্থিক জীৱনৰ বিকাশক এক নতুন দিশ প্ৰদৰ্শিত কৰিব পাৰো৷’’

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘এতিয়া যিদৰে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ বিকাশে ভাৰততেই নিৰ্মিত কম ব্যয়ৰ স্মাৰ্টফোন আৰু কম ব্যয়ৰ ডাটাই এক বৃহৎ অভাৱ পূৰণ কৰিছে৷ ইয়াৰ জৰিয়তে সাধাৰণতকৈও সাধাৰণ নাগৰিকৰো মনত এই বিশ্বাসৰ উদয় হৈছে যে তেওঁলোক পৃথক নহয়, তেওঁলোকে চৰকাৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত, তেওঁলোকে চৰকাৰৰ ওচৰত প্ৰত্যক্ষভাৱে দাবী উত্থাপন কৰিব পাৰিছে৷’’

প্ৰধানমন্ত্ৰীয়ে যুৱ বিজ্ঞানীসকলক গ্ৰামোন্নয়নৰ বিভিন্ন দিশত কাম কৰিবলৈ আহ্বান জনায়৷

১০৭তম আইএছচিৰ বিষয়বস্তু-‘‘বিজ্ঞান আৰু প্ৰযুক্তিঃ গ্ৰামীণ বিকাশ’’ৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱল বিজ্ঞান আৰু প্ৰযুক্তিৰ ফলতেই চৰকাৰী কাৰ্যসূচীসমূহ হিতাধিকাৰীসকলৰ কাষলৈ গৈ পোৱাত সফল হৈছে৷

তেওঁ কয় যে ভাৰকে এতিয়া বিশ্বজনীনভাৱে বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰকাশনত তৃতীয় স্থান লাভ কৰিছে৷ ‘‘মোক কোৱা হৈছে যে ভাৰতে বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰকাশনসমূহত বিশ্বজনীনভাৱে তৃতীয় স্থান লাভ কৰিছে৷ এয়া বিশ্বৰ ৪% গড়ৰ তুলনাত আমাৰ ১০% উত্থান হৈছে’’, তেওঁ এইদৰে কয়৷

ভাৰতে উদ্ভাৱনী সূচাংকত ৫২নং স্থান প্ৰাপ্ত কৰাৰ বিষয়ক আঙুলিয়াই দি তেওঁ কয় যে তেওঁলোকৰ কাৰ্যসূচীয়ে বিগত ৫০ বছৰৰ তুলনাত যোৱা পাঁচ বছৰত যথেষ্ট সংখ্যক প্ৰযুক্তি ব্যৱসায়ৰ সূচনা কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সুশাসন লাভৰ দিশত প্ৰযুক্তিয়ে বৃহৎ ভূমিকা পালন কৰিছে৷‘‘কালি আমাৰ চৰকাৰে দেশৰ ৬ কোটি কৃষকক পিএম কিষাণ সন্মান নিধিৰ ধন প্ৰদান কৰি এক অভিলেখৰ সৃষ্টি কৰিছে৷ এয়া সম্ভৱ কিদৰে হ’ল? আধাৰ সমৰ্থিত প্ৰযুক্তিৰ সহায়ৰ জৰিয়তে’’, তেওঁ এইদৰে কয়৷ তেওঁ কয় যে জিঅ’ টেগিং আৰু ডাটা ছায়েন্সৰ ফলত বহু গ্ৰামীণ আৰু নগৰীয়া প্ৰকল্প সময়মতে সম্পূৰ্ণ হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আমি নিৰৱচ্ছিন্নভাৱে ‘ইজ অব্ ডুয়িং ছায়েন্স’ৰ নিশ্চিতিৰ বাবে তথা ৰঙা ফিটাৰ মেৰপাক নোহোৱা কৰিবলৈ কাৰ্যকৰীভাৱে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ দিশত অগ্ৰসৰ হৈছো৷’’

তেওঁ ভাষণ প্ৰসংগত ডিজিটেলাইজেছন, ই কমাৰ্চ, ইণ্টাৰনেট বেংকিং আৰু ম’বাইল বেংকিঙৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে৷

তেওঁ প্ৰতিজন যুৱ বিজ্ঞানীকে পৰালি জ্বলোৱা, ভূমিজল প্ৰতিপালন, সংক্ৰামক ৰোগ প্ৰতিৰোধ, পৰিবেশ অনুকূল পৰিবহণ ইত্যাদিৰ বাবে প্ৰযুক্তিগত সমাধান উলিয়াবলৈ আহ্বান জনায়৷ তেওঁ কয় যে বিজ্ঞান আৰু প্ৰযুক্তিয়ে ভাৰতক ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ ৰূপান্তৰ কৰাত বৃহৎ ভূমিকা পালন কৰিব লাগিব৷

প্ৰধানমন্ত্ৰীয়ে মোদীয়ে অনুষ্ঠানটোত আই-ষ্টেম প’ৰ্টেলো মুকলি কৰে৷

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG

Media Coverage

India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Abelardo de la Espriella on his victory in the Colombian presidential elections
June 26, 2026

Prime Minister Shri Narendra Modi congratulated Abelardo de la Espriella on his victory in the Colombian presidential elections.

The Prime Minister noted that India deeply values its close friendship with Colombia which continues to grow in all areas. “I convey my best wishes for a successful tenure and look forward to working together to further deepen our bilateral relations in the years ahead”, Shri Modi added.

Shri Modi posted on X;

Heartiest congratulations, Abelardo de la Espriella, on your victory in the Colombian presidential elections.

India values its close friendship with Colombia which continues to grow in all areas. I convey my best wishes for a successful tenure and look forward to working together to further deepen our bilateral relations in the years ahead.

@ABDELAESPRIELLA