প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি গৃহ সমষ্টি বাৰাণসীত স্কুলীয়া শিক্ষাৰ্থীৰ সৈতে প্রায় ৯০ মিনিট সময় ধৰি বার্তালাপত মিলিত হয়।


|

প্রধানমন্ত্রী নৰউৰ গাঁৱত উপস্থিত হোৱাৰ সময়ত তাৰে এখন প্রাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অত্যন্ত উৎসাহেৰে তেওঁক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়েও ছাত্র-ছাত্রীসকলক বিশ্বকর্মা জয়ন্তীৰ শুভেচ্ছা জনোৱাৰ লগতে কয় যে বিভিন্ন ক্ষেত্ৰত দক্ষতা অর্জন কৰাটো অতি গুৰুত্বপূর্ণ কথা।

|

প্রধানমন্ত্রীয়ে তেওঁলোকক শিক্ষাৰ্থী হিচাপে প্রশ্ন কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি কয়। তেওঁ শিক্ষাৰ্থীসকলক প্রশ্ন কৰিবলৈ কেতিয়াও ভয় নকৰিবলৈ পৰামর্শ আগবঢ়ায়। প্রশ্ন কৰাটো শিক্ষাগ্রহণৰ এটি মূল বৈশিষ্ট্য বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে এনে একাংশ কন কন শিশুৰ সৈতে সময় কটায়, যিসকলক ‘ৰুম টু ৰিড’ শীৰ্ষক স্বেচ্ছাসেৱী সংস্থাই সাহায্য আগবঢ়াই আহিছে।

|

ইয়াৰ পাছতে তেওঁ বাৰাণসীৰ ডিজেল ল’ক’মোটিভ ৱর্কছ(ডিএনডব্লিউ)ত দৰিদ্র আৰু পিছপৰা শ্ৰেণী শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে। কাশী বিদ্যাপীঠৰ শিক্ষাৰ্থীসকলে এওঁলোকক সহায় আগবঢ়ায় আহিছে।

|

 

|

প্রধানমন্ত্রীয়ে তেওঁলোকক মন দি পঢ়া-শুনা কৰাৰ লগতে খেলাধূলাৰ প্ৰতি অধিক আগ্রহী কৰি তোলাৰ পৰামর্শ আগবঢ়ায়।
১৭ ছেপ্টেম্বৰৰ সন্ধিয়া প্রধানমন্ত্রীয়ে বাৰাণসীৰ ৰাষ্টা-ঘাট পৰিদর্শন কৰি চহৰখনৰ উন্নয়নমূলক কাম-কাজ প্ৰত্যক্ষ কৰে। কিছু সময় কাশী বিশ্বনাথ মন্দিৰত ৰৈ তেওঁ প্রার্থনা জনায়। প্রধানমন্ত্রীয়ে হথাৎ মান্দুয়াদি ৰে’ল ষ্টেচনো পৰিদর্শন কৰে।

|
|
|
|
  • ARUNKUMAR P October 01, 2022

    Jai Viswakarma and Jai Bharat
  • ARUNKUMAR P September 28, 2022

    Good
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Goli unhone chalayi, dhamaka humne kiya': How Indian Army dealt with Pakistani shelling as part of Operation Sindoor

Media Coverage

'Goli unhone chalayi, dhamaka humne kiya': How Indian Army dealt with Pakistani shelling as part of Operation Sindoor
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 মে’ 2025
May 20, 2025

Citizens Appreciate PM Modi’s Vision in Action: Transforming India with Infrastructure and Innovation