প্ৰতিষেধক গ্ৰহণ, প্ৰতিষেধকৰ প্ৰতি থকা শংকা নিবাৰণৰ বাবে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰৰে একেলগে কাম কৰিবলৈ নেতৃবৃন্দক আহ্বান
মহামাৰীৰ সময়ত আগবঢ়োৱা সাহায্যৰ মনোভাৱ হৈছে ‘এক ভাৰত একনিষ্ঠ প্ৰয়াস’ৰ উত্কৃষ্ট নিদৰ্শন : প্ৰধানমন্ত্ৰী
নেতাসকলক ‘আজাদী কা অমৃত মহোত্সৱ’ৰ অংশীদাৰ হোৱাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
স্বাধীনতাৰ ৭৫সংখ্যক জয়ন্তী উপলক্ষত ‘ভাৰত জোড়ো আন্দোলন’ৰে দেশক একত্ৰিত কৰাৰ হকে কাম কৰো আহক : প্ৰধানমন্ত্ৰী
ক’ভিড-১৯ বিৰোধী যুঁজখনক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক নেতৃবৃন্দই জনালে ধন্যবাদ; ক’ভি়ড-ৰ তৃতীয় লহৰ প্ৰতিহত কৰাৰ ক্ষেত্ৰত আন্তৰিক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান

ক’ভিড-১৯ সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত ধৰ্মীয় আৰু সামাজিক সংগঠনসমূহৰ প্ৰতিনিধিবৰ্গৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক আলোচনাত মিলিত হয়।

‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে অনুষ্ঠিত সভাখনত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ কল্যাণৰ বাবে সমাজ আৰু চৰকাৰে যে একত্ৰিত হৈ কাম কৰি আহিছে আজিৰ এই আলোচনাই তাকেই আকৌ এবাৰ প্ৰতিপন্ন কৰিছে। ক’ভিড-১৯য়ে সৃষ্টি কৰা প্ৰত্যাহ্বান প্ৰতিহত কৰাৰ ক্ষেত্ৰত সংগঠনসমূহে আগবঢ়োৱা সহযোগিতাৰ তেওঁ শলাগ লয়। জাতি-ধৰ্ম নিৰ্বিশেষে ৰাইজলৈ আগবঢ়োৱা সহযোগিতাই ‘এক ভাৰত একনিষ্ঠ প্ৰয়াস’ৰ নিদৰ্শনকে আকৌ এবাৰ প্ৰতিস্থা কৰিছে বুলিও তেওঁ উল্লেখ কৰে। দেশৰ সমগ্ৰ প্ৰান্তৰ মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰাসমূহে চিকিত্সালয় তথা ‘আইছ’লেশ্যন কেন্দ্ৰ’ৰ সংখ্যা দুগুণে বঢ়াই তোলাৰ লগতে ভুক্তভোগীসকললৈ খাদ্য আৰু ঔষধ আদি আগবঢ়াই আহিছে বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

দেশত সম্পন্ন হোৱা ‘দ্ৰুত টীকাকৰণ অভিযান’ সন্দৰ্ভত আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে ‘সকলোকে প্ৰতিষেধক, বিনামূলীয়া প্ৰতিষেধক’-অভিযানক ক’ৰোনাৰ বিৰুদ্ধে ৰক্ষা কৱচ বুলি’ অভিহিত কৰে। তেওঁ প্ৰতিষেধক গ্ৰহণ,  প্ৰতিষেধকৰ প্ৰতি থকা শংকা নিবাৰণৰ বাবে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰৰে একেলগে কাম কৰিবলৈ নেতৃবৃন্দক আহ্বান জনায়।

প্ৰসংগক্ৰমে তেওঁ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক জয়ন্তীৰ কথা আলোচনা কৰিবলৈ গৈ উপস্থিত নেতাসকলক ‘আজাদী কা অমৃত মহোত্সৱ’ৰ অংশীদাৰ হোৱাৰ বাবে আগবাঢ়ি অহাৰ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাই কয়, “স্বাধীনতাৰ ৭৫সংখ্যক জয়ন্তী উপলক্ষত ‘ভাৰত জোড়ো আন্দোলন’ৰে দেশক একত্ৰিত কৰাৰ হকে কাম কৰো আহক”। তেওঁ এক ভাৰত শ্ৰেষ্ঠ ভাৰত গঢ়ি তোলাৰ পৰকাষ্ঠা প্ৰদৰ্শনতো গুৰুত্ব প্ৰদান কৰে।

সভাত ‘কেন্দ্ৰীয় ধাৰ্মিক জন মৰ্চা’ৰ ‘আহ্বায়ক’ তথা ‘জামাত-ঈ-ইছলামী হিন্দ’ৰ ‘উপাধ্যক্ষ’ অধ্যাপক ছেলিম ইঞ্জিনিয়াৰ, উত্তৰ প্ৰদেশস্থিত ‘ভাৰতীয় সৰ্ব ধৰ্ম সংসদ’ৰ ‘ৰাষ্ট্ৰীয় আহ্বায়ক’ ‘মহাঋষি পীঠাধীশ্বৰ’ গোস্বামী সুশীল মহাৰাজ, নতুন দিল্লীৰ ‘ওংকাৰ ধাম’ৰ ‘পীঠাধীশ্বৰ’ স্বামী ওংকাৰানন্দ সৰস্বতি, নতুন দিল্লীৰ ‘গুৰুদ্বাৰা বাংলা চাহিব’ৰ ‘মুখ্য গ্ৰন্থী’ সিং চাহিব গিয়ানী ৰঞ্জিত সিং, ‘ইনষ্টিটিউট অব হাৰমনি এণ্ড পীচ ষ্টাডিজ’-নতুন দিল্লীৰ ‘প্ৰতিস্থাপক সঞ্চালক’ ড০ এম ডি থমাছ, ‘অখিল ভৰত ৰবিদাসীয়া ধৰম সংগঠন’ৰ সভাপতি স্বামী বীৰ সিং হিতকাৰী, জয়পুৰৰ ‘গল্টা পীঠ’-ৰ স্বামী সম্পট কুমাৰ, নতুন দিল্লীৰ ‘আন্তঃৰাষ্ট্ৰীয় মহাবীৰ জৈন মিছন’ৰ ‘সভাপতি’ আচাৰ্য বিবেক মুনি, নতুন দিল্লীস্থ ‘লোটাছ টেম্পল এণ্ড ইণ্ডিয়ান বাহাই কমিউনিটী’-ৰ ‘ৰাষ্ট্ৰীয় ন্যাসৰক্ষী তথা সম্পাদক’ ড০ এ কে মাৰ্চেণ্ট, নতুন দিল্লীৰ ‘ৰামকৃষ্ণ মিছন’ৰ সভাপতি স্বামী শান্তত্মানন্দ আৰু হাৰিয়াণাৰ ‘ওঁম শান্তি ৰিট্ৰীট চেণ্টাৰ’ৰ ছিষ্টাৰ বি কে আশা আদিয়ে অংশগ্ৰহণ কৰে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government