PM thanks the medical fraternity for the exemplary fight against the extraordinary circumstances of the second wave of Covid
Strategy of starting vaccination programme with front line warriors has paid rich dividends in second wave: PM
Home Based Care of patients must be SOP driven: PM
Imperative to expand telemedicine service in all tehsils and districts of the country: PM
Psychological care as well as physical care important: PM

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে এদল চিকিৎসকৰ সৈতে ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে৷

ক’ভিডৰ দ্বিতীয় লহৰৰ ফলত অভূতপূর্ব পৰিস্থিতিৰ বিৰুদ্ধে যি অনুকৰণীয় যুঁজ চিকিৎসক আৰু পেৰামেডিকেল কর্মীসকলে কৰি আহিছে প্রধানমন্ত্রীয়ে তাৰ বাবে সকলোকে ধন্যবাদ জনায়৷ ইয়াৰ বাবে সমগ্ৰ দেশ তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিব৷ নমুনা পৰীক্ষা, ঔষধ যোগান অথবা নতুন আন্তঃগাঁথনি ক্ষিপ্ৰতাৰে প্ৰস্তুত কৰাৰ দৰে প্রতিটো বিষয় তেওঁ বৈঠকত উল্লেখ কৰে৷ অক্সিজেন উৎপাদনৰ লগতে যোগানৰ বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰা হৈছে। দেশত মানৱ সম্পদৰ ঘাটি পুৰণত ক’ভিডৰ চিকিৎসাত এমবিবিএছ ছাত্র-ছাত্রীসকলক যুক্ত কৰাৰ দৰে পদক্ষেপ লোৱা হৈছে। তদুপৰি, গ্রামাঞ্চলত আশা আৰু অংগনৱাড়ী কর্মীসকলে এই কামত চামিল হোৱাত স্বাস্থ্য সেৱাৰ ক্ষেত্রত যথেষ্ট সুবিধা হৈছে।

প্রধানমন্ত্রীয়ে কয় যে টিকাকৰণ অভিযান, আগশাৰীৰ যোদ্ধাসকলৰ জৰিয়তে আৰম্ভ কৰাৰ ফলত দ্বিতীয় লহৰ মোকাবিলা কৰাত ইয়াৰ সুফল পোৱা গৈছে। স্বাস্থ্য সেৱাৰ সৈতে যুক্ত প্রায় ৯০ শতাংশ বৃত্তিধাৰকক টিকাৰ প্রথম ড’জ ইতিমধ্যে দিয়া হৈছে। অধিকাংশ চিকিৎসকক টিকাৰ জৰিয়তে সুৰক্ষিত হৈছে৷

প্রধানমন্ত্রীয়ে চিকিৎসকসকলক প্রতিদিনে অক্সিজেনৰ হিচাপ ৰখাৰ বাবে অনুৰোধ কৰে৷ বিপুল সংখ্যক ৰোগী হোম আইছ’লেচনত থাকি চিকিৎসা কৰাইছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে চিকিৎসকসকলক অনুৰোধ কৰে যে ঘৰত থকা ৰোগীসকলৰ বাবে সাধাৰণ পৰিচালন পদ্ধতি মানি প্রয়োজনীয় ব্যৱস্থা যাতে লোৱা হয় তেওঁলোকে সেই বিষয়টো নিশ্চিত কৰিব৷ হোম আইছ’লেচন থকা ৰোগীসকলৰ ক্ষেত্রত টেলি-মেডিচিনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। গ্রামাঞ্চলত এই ব্যৱস্থাকে প্ৰসাৰিত কৰা উচিত। গাঁৱত টেলি-মেডিচিন সেৱা দিয়াৰ বাবে যিসকল চিকিৎসক, দল গঠন কৰি এই কাম কৰিছে প্রধানমন্ত্রীয়ে তেওঁলোকৰ প্ৰচেষ্টাৰ প্রশংসা কৰে৷ চিকিৎসকসকলে যাতে বিভিন্ন ৰাজ্যত এই ধৰণৰ উদ্যোগ লয়, চূড়ান্ত বর্ষৰ এমবিবিএছৰ ছাত্র-ছাত্রী আৰু ইণ্টাৰ্ণৰ প্রশিক্ষণ দিয়ে আৰু দেশৰ সকলো তহচিল আৰু জিলাত টেলি-মেডিচিন সেৱা আৰম্ভ কৰাৰ উদ্যোগ লয়, তাৰ বাবে তেওঁ অনুৰোধ জনায়৷

মিউকোৰমাইকোছিচৰ প্ৰত্যাহ্বানক লৈও বৈঠকত আলোচনা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই ৰোগৰ বিষয়ত সজাগতা বৃদ্ধি আৰু প্রয়োজনীয় পদক্ষেপ লোৱাৰ বাবে চিকিৎসকক অধিক প্ৰচেষ্টা ল’বলৈ অনুৰোধ জনায়৷ শাৰীৰিক যত্নৰ লগতে মনস্তাত্বিক যত্নৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্রধানমন্ত্রীয়ে কয়ে যে দীর্ঘদিন ধৰি এই ভাইৰাছৰ বিৰুদ্ধে অবিৰত যুঁজ দি আহিছে৷ ইয়াৰ ফলত চিকিৎসা সেৱাৰ সৈতে জড়িত ব্যক্তিসকল মানসিকভাৱে যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তাৰ পৰা ওলাই অহাৰ বাবে নাগৰিকসকলৰ বিশ্বাসত তেওঁলোকে শক্তি যোগাব।

চিকিৎসকসকলে সংক্রমণ বৃদ্ধিৰ এই পৰিস্থিতিত প্রধানমন্ত্রীৰ পৰামর্শ আৰু নেতৃত্বৰ বাবে তেওঁক ধন্যবাদ জনায়৷ স্বাস্থ্য সেৱাৰ সৈতে জড়িত ব্যক্তিসকলক প্রথম টিকাকৰণৰ সিদ্ধান্তৰ গ্রহণৰ বাবেও তেওঁলোকে প্রধানমন্ত্রীকে ধন্যবাদ জনায়৷ ক’ভিডৰ প্রথম লহৰৰ সময়ৰ পৰা যি প্রস্তুতি তেওঁলোকে লৈছে আৰু দ্বিতীয় লহৰত যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই বিষয়ে চিকিৎসকসকলে প্রধানমন্ত্রীক অৱগত কৰে৷ তদুপৰি, তেওঁলোকে তেওঁলোকৰ অভিজ্ঞতা, বিভিন্ন অভ্যাস আৰু উদ্ভাৱনমূলক প্ৰচেষ্টাৰ বিষয়টো বৈঠকত আলোচনা কৰে৷ ক’ভিডৰ বিৰুদ্ধে যুঁজৰ সময়ত যিসকলে ক’ভিড আক্রান্ত ৰোগী নহয় তেওঁলোকৰ চিকিৎসাৰ বাবেও উপযুক্ত ব্যৱস্থা লোৱা হৈছে। মানুহৰ মাজত সজাগতা বৃদ্ধি আৰু যথেষ্ট ঔষধ কোৱাৰ বিৰুদ্ধে মানুহক সজাগ কৰি তোলাৰ বিষয়ত কি কি অভিজ্ঞতা তেওঁলোকে সঞ্চয় কৰিছে সেই বিষয়ে বৈঠকত আলোচনা হৈছে।

বৈঠকত নিটী আয়োগৰ স্বাস্থ্য বিষয়ক সদস্য, স্বাস্থ্য সচিব, ফার্মাচিউটিকেল সচিব আৰু প্রধানমন্ত্রীৰ কাৰ্যালয়কে ধৰি বিভিন্ন কেন্দ্রীয় মন্ত্ৰালয়ৰ বিষয়াসকল উপস্থিত থাকে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Nanded
September 11, 2026
Prime Minister announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed grief over the loss of lives due to a mishap in Nanded, Maharashtra.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

In a post on X, the Prime Minister’s Office said;

“Saddened by the loss of lives due to a mishap in Nanded, Maharashtra. My thoughts are with the bereaved families in this hour of grief. Praying for the speedy recovery of the injured.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”