Govt's social security schemes help cope with uncertainties of life: PM Modi
Banking the unbanked, funding the unfunded and financially securing the unsecured are the three aspects our Government is focused on: PM Modi
The Jan Suraksha Schemes have very low premium which helps people of all age groups, especially the poor: PM
With Pradhan Mantri Jeevan Jyoti Bima Yojana, one can get coverage of upto Rs. 2 lakhs by paying a premium of just Rs. 330 per year: PM
Five and half crore people have benefitted from Pradhan Mantri Jeevan Jyoti Bima Yojana: PM
With Pradhan Mantri Suraksha Bima Yojana, one can get coverage of upto Rs. 2 lakhs by paying a premium of just Rs. 12 per year: PM
Our Government is committed to serve the elderly. That is why we have launched Pradhan Mantri Vaya Vandana Yojana; 3 lakh elderly people have been benefitted till now: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বিভিন্ন সামাজিক সুৰক্ষা আঁচনি হিতাধিকাৰীৰ সৈতে ভিডিঅ’ সংযোগেৰে বাৰ্তলাপ কৰে। এই বাৰ্তালাপত গুৰুত্ব লাভ কৰা চাৰিখন প্ৰধান সামাজিক সুৰক্ষা আঁচনি হ’ল ক্ৰমে- অটল বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু বয়োঃবন্দনা যোজনা। চৰকাৰী আঁচনিসমূহৰ বিভিন্ন হিতাধিকাৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ এয়া অষ্টম বাৰ্তালাপ।

জীৱনৰ প্ৰতিকূল পৰিস্থিতিৰ সৈতে সদায় যুঁজ দি অহা এনে হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰি সুখী অনুভৱ কৰা প্ৰধানমন্ত্ৰীয়ে কয় যে সামাজিক সুৰক্ষা আঁচনিয়ে এই লোকসকলক সবল কৰি তুলিছে। বর্তমানৰ কেন্দ্রীয় চৰকাৰৰ এনে আঁচনিসমূহে জীৱনৰ অনিশ্চয়তাৰ সৈত যুঁজ দিবলৈ মানুহক এফালে যেনেকৈ শক্তি যোগায়, আনফালে তেনেকৈয়ে পাৰিবাৰিক দিশৰ পৰা জটিল আর্থিক পৰিস্থিতি পাৰ কৰাতো তেওঁলোকক সবল কৰি তোলে।

দৰিদ্র আৰু অসহায় লোকসকলৰ আর্থিক নিৰাপত্তা নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বৈশিষ্ট্যসমূহো বাৰ্তালাপৰ সময়ত ব্যাখ্যা কৰে প্রধানমন্ত্রীয়ে। তেওঁ কয় যে বেংক ব্যৱস্থাৰ সুযোগৰ পৰা বঞ্চিত লোকসকলৰ বাবে বেংকৰ দুৱাৰ আজি মুক্ত। ক্ষুদ্র ব্যৱসায়ী আৰু উদ্যোগ স্থাপনৰ বাবে আগ্রহী লোকসকলৰ মূলধন সংগ্রহৰ পথো নিশ্চিত কৰা হৈছে। দৰিদ্র আৰু অসহায় লোকসকলক সামাজিক সুৰক্ষাৰ আওঁতালৈ অনা হৈছে, যাতে আর্থিক সুৰক্ষাৰ সুফল তেওঁলোকেও ভোগ কৰিব পাৰে।

হিতাধিকাৰীসকলৰ সৈতে কৰা বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্রধানমন্ত্রী জন ধন যোজনাৰ অধীনত ২০১৪-২০১৭ৰ সময়ছোৱাত দেশত ২৮ কোটি নতুন বেংক একাউণ্ট খোলা হৈছে। এই সংখ্যা সমগ্র বিশ্বৰ মুঠ বেংক একাউণ্টৰ প্রায় ৫৫ শতাংশ। কেৱল ইমানেই নহয়, দেশৰ মহিলাসকলে এতিয়া আৰু অধিক বেংক একাউণ্ট খুলিবলৈ আগ্রহী হৈছে। বেংক একাউণ্টৰ সংখ্যা ২০১৪ৰ ৫৩ শতাংশৰ পৰা বৰ্তমান ৮০ শতাংশলৈ বৃদ্ধি হৈছে।

সাধাৰণ লোকসকলৰ প্রতিকূল পৰিস্থিতিৰ কেইবাটাও কাহিনী শুনাৰ পাছত প্রধানমন্ত্রীয়ে কয় যে মৃত্যুৰ ঘটনাত কেৱল ক্ষতিপূৰণেই কোনো পৰিয়ালৰ দুখ দূৰ কৰিব নোৱাৰে। সেয়েহে ক্ষতিগ্রস্ত পৰিয়ালৰ অর্থনৈতিক নিৰাপত্তা নিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে সদায় চেষ্টা কৰি আহিছে। প্রধানমন্ত্রী জীবনজ্যোতি বীমা যোজনাৰ অধীনত উপকৃত লোকৰ সংখ্যা বর্তমান ৫ কোটিৰো অধিক। মাত্র ৩০০ টকা ব্যয় কৰি এই যোজনাত নাম অন্তর্ভূক্ত কৰিব পৰা যায়।

দুর্ঘটনা বীমা প্রসংগত প্ৰধানমন্ত্ৰীয়ে জনায় যে ১৩ কোটিৰো অধিক লোকে প্রধানমন্ত্রী সুৰক্ষা বীমা যোজনাত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে। এই যোজনাৰ অধীনত বছৰি মাত্র ১২ টকাৰ প্রিমিয়ামৰ বিনিময় ২ লাখ টকালৈকে দুর্ঘটনা বীমাৰ সুবিধা পোৱা যায়।

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে জ্যেষ্ঠ ব্যক্তিসকলৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ কথাও প্রসংগক্ৰমে উল্লেখ কৰে। তেওঁ কয় যে বয়োঃবন্দনা যোজনাৰ অধীনত বিগত বৰ্ষত প্রায় ৩ লাখ জ্যেষ্ঠ ব্যক্তি উপকৃত হৈছে। ৬০বছৰতকৈ ঊৰ্ধ্বৰ জ্যেষ্ঠ ব্যক্তিসকল এই যোজনাৰ অধীনত ৮ শতাংশ হাৰত ১০ বছৰৰ বাবে পেন্সন লাভ কৰিব। জ্যেষ্ঠ নাগৰিকসকলৰ আয়কৰৰ ক্ষেত্রত কিছু সুবিধা দিয়াৰ বাবে কৰ ৰেহাই পৰিমাণ আঢ়ৈ লাখ টকাৰ পৰা বৃদ্ধি কৰি ৩ লাখ টকা কৰা হৈছে। জ্যেষ্ঠ তথা বৃদ্ধলোকসকলৰ কল্যাণৰ দিশত তেওঁৰ চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি কয় প্রধানমন্ত্রীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে হিতাধিকাৰীসকলৰ সৈতে কৰা মত বিনিময়ৰ সময়ত কয় যে প্রধানমন্ত্রী সুৰক্ষা বীমা যোজনা, প্রধানমন্ত্রী জীৱনজ্যোতি বীমা যোজনা আৰু অটল পেন্সন যোজনাৰ অধীনত বিগত তিনি বছৰত ২০ কোটিৰো অধিক লোকক সামৰি লোৱা হৈছে। নাগৰিকসকলৰ কল্যাণত বিশেষকৈ দৰিদ্র, জ্যেষ্ঠ তথা অসহায় লোকসকলৰ সবলীকৰণৰ বাবে তেওঁৰ চৰকাৰে সাম্ভাব্য সকলোধৰণৰ প্রচেষ্টা হাতত লৈ যাব বুলি পুনৰ দোঁহৰে প্ৰধানমন্ত্ৰীয়ে।

ইফালে, হিতাধিকাৰীসকলেও দৰিদ্ৰ তথা অসহায় লোকসকলৰ জীৱন সলনি কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এনে আঁচনিৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
AI could contribute over $500 bn to India's economy by 2030: IBM-IndiaAI study

Media Coverage

AI could contribute over $500 bn to India's economy by 2030: IBM-IndiaAI study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam, emphasising that India’s growing strength driven by the resolve and dedication of its people
May 15, 2026

The Prime Minister, Shri Narendra Modi today shared Sanskrit Subhashitam emphasising that India’s continuous rise on the global stage is powered by the determination, hard work and collective spirit of its people.

The Prime Minister shared a Sanskrit verse-

“यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते।

न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः॥”

The Prime Minister wrote on X;

“देशवासियों के इन्हीं गुणों से भारत आज अपने सामर्थ्य को निरंतर बढ़ा रहा है…

यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते।

न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः॥”