প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে জলবায়ু ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে
২০০৫ চনৰ স্তৰৰ পৰা জিডিপিৰ নিৰ্গমন তীব্ৰতা ৩৩ ৰ পৰা ৩৫ শতাংশ হ্ৰাস কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ – প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে বিশ্ব বহনক্ষম উন্নয়ন সন্মিলন ২০২১ উদ্বোধন কৰে। সন্মিলনৰ থীম হৈছে ‘আমাৰ সাৰ্বজনীন ভৱিষ্যত পুনৰ্নিৰ্ধাৰণ কৰাঃ সকলোৰে বাবে নিৰাপদ আৰু সুৰক্ষিত পৰিৱেশ’।

অনুষ্ঠান সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই গতি বজাই ৰখাৰ বাবে টেৰি(TERI)ক অভিনন্দন জনায় আৰু কয় যে আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে এইধৰণৰ আন্তঃৰ্জাতিক মঞ্চবোৰ অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে আগন্তুক সময়ত মানৱতাৰ অগ্ৰগতি দুটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰথমটো হৈছে আমাৰ সাধাৰণ মানুহৰ স্বাস্থ্য। দ্বিতীয়টো হৈছে আমাৰ গ্ৰহটোৰ স্বাস্থ্য, দুয়োটা আন্তঃসংযোগযুক্ত।

তেওঁ কয় যে আমি গ্ৰহটোৰ স্বাস্থ্যৰ বিষয়ে কথা পাতিবলৈ ইয়াত একত্ৰিত হৈছোঁ। আমি সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ মাত্ৰা ব্যাপকভাৱে জনা যায়। কিন্তু, পৰম্পৰাগত পদ্ধতিয়ে আমি সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰিব নোৱাৰে। আমাৰ যুৱ প্ৰজন্মই উদ্ভাৱনমূলক কামৰ ক্ষেত্ৰত আৰু অধিক বিনিয়োগ কৰা আৰু বহনক্ষম উন্নয়নৰ দিশত কাম কৰাৰ ক্ষেত্ৰত আৰু অধিক নজৰ দিব লাগিব।

 

প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে জলবায়ু ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশ্বাসৰ ভিত্তিৰ ওপৰত জলবায়ুৰ প্ৰতি ন্যায় বিচাৰ প্ৰতিষ্ঠিত বুলি তেওঁ জনায়। তেওঁ কয়, উন্নয়নৰ গতিপথ নিৰ্ধাৰিত হয় আটাইতকৈ দৰিদ্ৰলোকৰ প্ৰতি অধিক সহানুভূতিশীল হোৱাৰ জৰিয়তে। উন্নয়নশীল দেশসমূহক উন্নয়নৰ সুযোগ কৰি কৰি দিয়াৰ অৰ্থ হল জলবায়ুৰ প্ৰতি ন্যায় বিচাৰ । যেতিয়া আমি প্ৰত্যেকজনে আমাৰ ব্যক্তি আৰু/সামূহিক কৰ্তব্যবোৰ বুজি পাম, তেতিয়াই জলবায়ুৰ ন্যায়বিচাৰে পূৰ্ণ ৰূপ পাব।

তেওঁ কয় এই সন্দৰ্ভত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাই হল ভাৰতৰ লক্ষ্য। মানুহৰ সক্ৰিয় ভূমিকাৰ দ্বাৰাই আমি পেৰিছৰ পৰা নিৰ্ধাৰণ কৰা আমাৰ প্ৰতিশ্ৰুতি আৰু লক্ষ্য অতিক্ৰম কৰাৰ পথত আছোঁ। আমি ২০০৫ চনৰ স্তৰৰ পৰা জিডিপিৰ নিৰ্গমনৰ তীব্ৰতা ৩৩ ৰ পৰা ৩৫ শতাংশ হ্ৰাস কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে ভূমি অৱক্ষয় ৰোধত ভাৰতৰ দায়বদ্ধতাৰ বিষয়টিও দাঙি ধৰে। তেওঁ কয়, ভাৰতত পুনঃনৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে। আমি ২০৩০ চনৰ ভিতৰত চাৰি পঞ্চাশ গিগাৱাট পুনঃনৱীকৰণযোগ্য শক্তি উৎপাদন ক্ষমতা স্থাপন কৰিবলৈ ভালদৰে আগুৱাই আছোঁ।

প্ৰধানমন্ত্ৰীয়ে কয় যে সম্পূৰ্ণ উপলব্ধি অবিহনে বহনক্ষম উন্নয়ন অসম্পূৰ্ণ। এই দিশতো ভাৰতে ভাল প্ৰগতি কৰিছে। ২০১৯ চনৰ মাৰ্চত, ভাৰতত প্ৰায় এশ শতাংশ বিদ্যুতীকৰণ সম্ভৱ হৈছে। এইটো বহনক্ষম প্ৰযুক্তি আৰু অভিনৱ মডেলৰ জৰিয়তে কৰা হৈছিল। তেওঁ আলোকপাত কৰে যে উজালা কাৰ্যসূচীৰ জৰিয়তে ৩৬৭ নিযুত এলইডি বাল্ব মানুহৰ জীৱনৰ অংশ হৈ পৰিছিল। ই প্ৰতি বছৰে ৩৮ নিযুত টনতকৈও অধিক কাৰ্বন ডাইঅক্সাইড হ্ৰাস কৰিছিল। জল জীৱন মিছনে প্ৰায় ১৮ মাহত টেপ সংযোগৰ সৈতে ৩৪ নিযুততকৈও অধিক ঘৰত পানীৰ সংযোগ কৰিছে। প্ৰধানমন্ত্ৰী উজালা যোজনাৰ জৰিয়তে দৰিদ্ৰসীমাৰেখাৰ তলত থকা ৮০ নিযুততকৈও অধিক গৃহত পৰিষ্কাৰ ৰন্ধন ইন্ধনৰ সুবিধা দিয়া হৈছে । ভাৰতৰ শক্তি ভাণ্ডাৰত প্ৰাকৃতিক গেছৰ অংশ ৬ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰিবলৈ আমি কাম কৰি আছোঁ বুলি তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰায়ে বহনক্ষমতাৰ ওপৰত আলোচনাত সেউজশক্তিৰ ওপৰত অত্যাধিক মনোনিবেশ কৰা হয় কিন্তু সেউজীয়া শক্তি কেৱল উপায়। আমি বিচৰা লক্ষ্য হৈছে এক সেউজীয়া গ্ৰহ। আমাৰ সংস্কৃতিত অৰণ্য আৰু সেউজীয়াৰ প্ৰতি গভীৰ সন্মান দিয়া হৈছে আৰু তাৰ ফল আমি লাভ কৰিছোঁ। তেওঁ লগতে কয় যে বহনক্ষম বিকাশ প্ৰাপ্ত কৰাৰ বাবে আমাৰ অভিযানত পশু সুৰক্ষাৰ প্ৰতি বিশেষ মনোযোগ অন্তৰ্ভুক্ত আছে। তেওঁ কয় যে যোৱা পাঁচৰ পৰা সাত বছৰত সিংহ, বাঘ, নাহৰফুটুকী আৰু গাংগেয় নদীৰ ডলফিনৰ জনসংখ্যা বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণকাৰীসকলক দুটা দিশৰ ওপৰত মনোযোগ আকৰ্ষণ কৰে, সেয়া হল-একতা আৰু উদ্ভাৱন। তেওঁ কয় যে বহনক্ষম বিকাশ কেৱল সামূহিক প্ৰচেষ্টাৰ দ্বাৰাহে সম্ভৱ হ'ব। যেতিয়া প্ৰতিজন ব্যক্তিয়ে ৰাষ্ট্ৰৰ ভালৰ কথা ভাবে, যেতিয়া প্ৰতিটো জাতিয়ে বিশ্বৰ ভালৰ কথা ভাবে, তেতিয়াই বহনক্ষম বিকাশ বাস্তৱত পৰিণত হ'ব। ভাৰতে আন্তৰ্জাতিক সৌৰ মিত্ৰজোঁটৰ জৰিয়তে এই দিশত এক প্ৰচেষ্টা কৰিছে। তেওঁ সকলো অংশগ্ৰহণকাৰীক আমাৰ মন আৰু ৰাষ্ট্ৰসমূহক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ বাবে মুকলি ৰাখিবলৈ আহ্বান জনায়।

উদ্ভাৱনৰ বিষয়ে তেওঁ কয় যে বহু ষ্টাৰ্ট আপ-এ পুনঃনৱীকৰণযোগ্য শক্তি, পৰিৱেশ অনুকূল প্ৰযুক্তিসহ বিভিন্ন বিষয়ৰ ওপৰত কাম কৰিছে। নীতি নিৰ্মাতা হিচাপে, আমি এই প্ৰচেষ্টাবোৰক সমৰ্থন কৰা উচিত। আমাৰ যুৱসকলৰ শক্তিয়ে নিশ্চিতভাৱে অসামান্য ফলাফলৰ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে দুৰ্যোগ ব্যৱস্থাপনা ক্ষমতাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ বাবে মানৱ সম্পদ বিকাশ আৰু প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। দুৰ্যোগ মোকাবিলা আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটৰ অংশ হিচাপে, আমি এই দিশত কাম কৰি আছোঁ। তেওঁ আশ্বাস দিয়ে যে ভাৰতে বহনক্ষম বিকাশৰ বাবে সম্ভৱপৰ সকলো কৰিবলৈ সাজু। আমাৰ মানৱকেন্দ্ৰিক পদ্ধতি বৈশ্বিক ভালৰ বাবে এক শক্তি গুণক হ'ব পাৰে।

কো-অপাৰেটিভ ৰিপাব্লিক অৱ গুয়েনাৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ ইৰফান আলী; পাপুৱা নিউ গিনিৰ প্ৰধানমন্ত্ৰী শ্ৰী জেমছ মাৰেপ; মালদ্বীপ গণৰাজ্যৰ পিপ’লছ মাজলিছৰ অধ্যক্ষ শ্ৰী মহম্মদ নাচিদ; ৰাষ্ট্ৰসংঘৰ উপ-সচিব শ্ৰীমতী আমিনা জে মহম্মদ আৰু কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী প্ৰকাশ জাভড়েকাৰো এই সন্মিলনত উপস্থিত আছিল।

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Strengthening India’s path to power leadership: How India is energising a new growth story - By Shri Manohar Lal, Union Minister of Power

Media Coverage

Strengthening India’s path to power leadership: How India is energising a new growth story - By Shri Manohar Lal, Union Minister of Power
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Madhya Pradesh meets Prime Minister
March 18, 2026

Governor of Madhya Pradesh, Shri Mangubhai Patel met Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office posted on X;

“Governor of Madhya Pradesh, Shri Mangubhai Patel met Prime Minister @narendramodi.

@GovernorMP”