মন কী বাতৰ শেহতীয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে পালন কৰা হ’ব৷ তেওঁ কয় যে দেশ আৰু পুষ্টিৰ মাহত ওতঃপ্ৰোত সম্পৰ্ক আছে৷ তেওঁ ‘যথা অন্নম, তথা মান্নম’ শীৰ্ষক প্ৰবাদৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰ অৰ্থ হৈছে মানসিক আৰু বৌদ্ধিক বিকাশ প্ৰত্যক্ষভাৱে আমাৰ মানসম্পন্ন খাদ্যৰ সৈতে সম্পৰ্ক আছে৷ তেওঁ কয় যে উপযুক্ত পুষ্টিয়ে শিশু আৰু শিক্ষাৰ্থীসকলক তেওঁলোকৰ সুক্ষ্মতা প্ৰদৰ্শনৰ বাবে সৰ্বোত্তম সম্ভাৱনা গঢ়ি তোলাত ডাঙৰ ভূমিকা পালন কৰে৷ তেওঁ শিশুৰ পুষ্টিৰ বাবে মাতৃগৰাকীয়েও উপযুক্ত পুষ্টিকৰ খাদ্য পোৱাটো দৰকাৰ বুলি গুৰুত্ব আৰোপ কৰে৷ তেওঁ লগতে কয় যে পুষ্টি মানে কেৱল অত্যাৱশ্যকীয় পুষ্টি, নিমখ আৰু ভিটামিন ইত্যাদিকে নুবুজায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত কেইটামান বছৰত দেশত বিশেষকৈ গাঁওসমূহত জনসাধাৰণৰ সহযোগত পুষ্টি সপ্তাহ আৰু পুষ্টি মাহ পালনেৰে পুষ্টি সজাগতাক এক জন আন্দোলনত পৰিণত কৰিলে৷ তেওঁ লগতে কয় যে বিদ্যালয়সমূহক এই জন আন্দোলনত একত্ৰিত কৰি শিশুসকলৰ মাজত পুষ্টি সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এটা শ্ৰেণীকোঠা এগৰাকী নিৰীক্ষক থকাৰ দৰে পুষ্টিৰ ক্ষেত্ৰতো এগৰাকী নিৰীক্ষক থকা উচিত৷ একেদৰে ৰিপ’ৰ্ট কাৰ্ডৰ দৰে পুষ্টি কাৰ্ডো থকা উচিত বুলি সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে পুষ্টি কাৰ্ড আৰম্ভ কৰিবলৈ কয়৷ তেওঁ উল্লেখ কৰে যে পুষ্টি মাহৰ লগত সংগতি ৰাখি মাই গভ প’ৰ্টেলত এক খাদ্য আৰু পুষ্টি কুইজৰ লগতে মিম প্ৰতিযোগিতা আয়োজন কৰা হ’ব৷ তেওঁ তাত আগ্ৰহীসকলক অংশগ্ৰহণৰ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে জনায় যে ষ্টেচু অব্ ইউনিটীৰ সমীপত এখন ব্যতিক্ৰমী পুষ্টি পাৰ্ক গঢ় দিয়া হৈছে৷ এই পাৰ্কত খেলৰ মাজেৰে পুষ্টিৰ শিক্ষা আনন্দ–প্ৰমোদৰ সৈতে তাত দৰ্শকসকলে উপভোগো কৰিব পাৰিব বুলি কয়৷

ভাৰতৰ বৈতিত্ৰপূৰ্ণ খাদ্য আৰু পানীয়ৰ সন্দৰ্ভত সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন ক্ষেত্ৰৰ জলবায়ু অনুসৰি ভিন্ন ভিন্ন শস্য উৎপাদন হয়৷ সেয়ে এয়া অতিশয় গুৰুত্বপূৰ্ণ যে প্ৰতিটো অঞ্চলৰ জলবায়ু সেই স্থানৰ স্থানীয় ভোজন আৰু তাত উৎপাদিত অন্ন, ফল, শাক–পাচলি অনুসৰি পোষক, পুষ্টিসমৃদ্ধ খাদ্যাভ্যাস গঢ়ি উঠক৷ তেওঁ ‘ভাৰতীয় কৃষি কোষ’ প্ৰস্তুত কৰাৰ সন্দৰ্ভত সদৰি কৰি ইয়াত এখন জিলাত কি কি ফচল উৎপাদন হয়, সেইসমূহৰ পুষ্টিগত মূল্য কেনে এই সকলোবোৰ তথ্য থাকিব বুলি কয়৷ তেওঁ শ্ৰোতাসকলক  পোষণ মাহত পুষ্টিদায়ক খাদ্য খোৱা আৰু সুস্থ হৈ থকাৰ  আহ্বান জনায়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How Bigger, Quieter & Deadlier INS Aridhaman Is A Game-Changer For India's Nuclear Deterrence

Media Coverage

How Bigger, Quieter & Deadlier INS Aridhaman Is A Game-Changer For India's Nuclear Deterrence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
April 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, April 26th. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.