PM greets people across nation on various festivals

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে সকলোকে এইদৰে শুভেচ্ছা জনায়,

“সকলোকে বৈশাখীৰ অভিনন্দন জনাইছো। এই উৎসৱে সকলোৰে জীৱনলৈ আনন্দ কঢ়িয়াই আনক, তাকে কামনা কৰিছো। আমাৰ দেশবাসীৰ এমুঠি অন্নৰ বাবে যিসকলে নিৰলস কঠোৰ পৰিশ্ৰম কৰে, সেইসকল কৃষকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।

বৈচিত্ৰতাৰে আশীষপুষ্ট ভাৰতবৰ্ষক লৈ আমি গৌৰৱান্বিত। দেশৰ বিভিন্ন স্থানত বিভিন্ন লোকে নিজা নিজা উৎসৱ উদযাপন কৰিছে। এই বিশেষ ক্ষণত মই সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনাইছো।

পুথাণ্ডুৰ বিশেষ ক্ষণত মই তামিল লোকসকলক আন্তৰিক শুভকামনা জনাইছো। অনাগত বৰ্ষত আপোনালোক সকলোৰে আশা-আকাংক্ষা পৰিপূৰ্ণ হওঁক, তাকে প্ৰাৰ্থনা জনাইছো।

বিশুৰ শুভেচ্ছা জনাইছো! নতুন বছৰে সকলোৰে বাবে নতুন আশা, অধিক সমৃদ্ধি আৰু সু-স্বাস্থ্য কঢ়িয়াই আনক, তাকে প্ৰাৰ্থনা জনাইছো।

প্রত্যেকগৰাকী বাঙালীলোকক পহিলা বৈশাখৰ শুভেচ্ছা জনাইছো। এই নৱবর্ষই যেন প্রত্যেকৰে জীবনত শান্তি, সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনে, তাকে কামনা কৰিছো। শুভ নৱবর্ষ!

মোৰ অসমীয়া ভাই-ভনী সকললৈ বহাগ বিহুৰ শুভেচ্ছা যাঁচিছো। শক্তি আৰু উৎসাহৰ বৈশিষ্টৰে পৰিপূৰ্ণ এই উৎসৱে আমাৰ সমাজলৈ সুখ আৰু সু-স্বাস্থ্য কঢ়িয়াই আনক।

বিশ্বৰ বিভিন্ন প্রান্তত বসবাস কৰা আমাৰ ওড়িয়া বন্ধুসকলক মহাবিষুৱ সংক্রান্তিৰ শুভেচ্ছা জনালো! আগন্তুক বছৰটো আৰু অধিক সুন্দৰ হৈ উঠক। সমৃদ্ধশালী ওড়িয়া সংস্কৃতিক লৈ আমি অতিকে গৌৰৱান্বিত।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Odisha’s Dhenkanal farmers export 3 tonne of mango to London

Media Coverage

Odisha’s Dhenkanal farmers export 3 tonne of mango to London
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মে’ 2026
May 14, 2026

Kisan Kalyan to Viksit Bharat: PM Modi Delivers Jobs, Markets & Dignity Across Rural and Industrial India