প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কে.কৰুণানিধিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷
“কে.কুণানিধিৰ বিয়োগত ব্যথিত হৈছো৷ তেওঁ দেশৰ অন্যতম জেষ্ঠ নেতা আছিল৷ আমি এগৰাকী শক্তিশালী গণনেতা, চিন্তাবিদ, দক্ষ লেখক আৰু বলিষ্ঠ ব্যক্তিক হেৰুৱালো, যিয়ে সমগ্ৰ জীৱন দৰিদ্ৰ আৰু বঞ্চিতসকলৰ কল্যাণৰ বাবে উৎসৰ্গিত কৰিলে৷
আঞ্চলিক আশা-আকাংক্ষাসমূহ পূৰণ কৰিবলৈ তেওঁ যিমান দায়বদ্ধ আছিল, ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰতো সিমানেই সক্ৰিয় আছিল৷ তামিল জনসাধাৰণৰ কল্যাণৰ বাবে তেওঁ দৃঢ় প্ৰতিজ্ঞ আছিল আৰু তামিলনাডুৰ দাবী ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব সহকাৰে গ্ৰহণৰ ক্ষেত্ৰত আগভাগ লৈছিল৷
কেইবাবাৰো মই কৰুণানিধি মহোদয়ৰ সৈতে মত-বিনিময়ৰ সৌভাগ্য লাভ কৰিছিলো৷ ৰাজনীতিৰ প্ৰতি তেওঁৰ গভীৰ জ্ঞান আৰু সামাজিক কল্যাণক লৈ তেওঁৰ চিন্তা সকলোতকৈ পৃথক আছিল৷ গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি তেওঁ সম্পূৰ্ণৰূপে সমৰ্পিত আছিল আৰু দেশৰ জৰুৰীকালীন অৱস্থাৰ প্ৰতি কৰুণানিধিৰ শক্তিশালী বিৰোধিতা সদায় স্মৰণীয় হৈ ৰ’ব৷
এই দুখৰ ক্ষণত মই কৰুণানিধি মহোদয়ৰ পৰিয়ালবৰ্গ আৰু অগণন সমৰ্থকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ভাৰতবৰ্ষই বিশেষকৈ তামিলনাডুই তেওঁৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিব৷ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷
My thoughts are with the family and the countless supporters of Karunanidhi Ji in this hour of grief. India and particularly Tamil Nadu will miss him immensely. May his soul rest in peace. pic.twitter.com/7ZZQi9VEkm
— Narendra Modi (@narendramodi) August 7, 2018


