প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উপলক্ষে নাৰ্ছিং ষ্টাফৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উপলক্ষে মই কঠোৰ পৰিশ্ৰমী নাৰ্ছিং ষ্টাফৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো, যিসকলে ক’ভিড-১৯ যুঁজত অগ্ৰণী ভূমিকা পালন কৰিছে৷ এখন সুস্থ ভাৰতৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য পৰায়ণতা, ধৈৰ্য আৰু প্ৰতিশ্ৰুতি উল্লেখযোগ্য৷”
International Nurses Day is a day to express gratitude to the hardworking nursing staff, who is at the forefront of fighting COVID-19. Their sense of duty, compassion and commitment towards a healthy India is exemplary.
— Narendra Modi (@narendramodi) May 12, 2021


