প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সহকাৰী সচিব (২০১৭ৰ আই এ এছ বেটচ)ৰ সমাপন অনুষ্ঠানত উপস্থিত থাকে৷

বিষয়াসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত বিভিন্ন উপস্থাপন প্ৰদৰ্শন কৰে৷ উপস্থাপনসমূহৰ বিষয়বস্তু আছিল প্ৰত্যাশী জিলাসমূহক নিকা আৰু দ্ৰুত প্ৰক্ৰিয়াৰে চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ সুবিধা প্ৰদান কৰোৱা৷

প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক নতুন চিন্তা–ধাৰা তথা উদ্দেশ্যৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যক্তি এজনে বিভিন্ন উৎসৰ পৰা প্ৰতিক্ৰিয়াসমূহ গ্ৰহণ কৰি তাক বিশ্লেষণ কৰিব লাগে আৰু সেয়া কাৰ্যকৰী কৰাৰ দিশত অগ্ৰসৰ হ’ব লাগে৷ তেওঁ বিষয়াসকলক নিৰৱচ্ছিন্ন শিক্ষণ গ্ৰহণ আৰু কৌতুহলী হ’বলৈ প্ৰয়াস কৰিবলৈ জনায়৷

বিষয়াসকলৰ সৈতে মত–বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিষয়াসকলৰ বাবে নিষ্ঠাপূৰ্ণ সেৱা অতিশয় গুৰুত্বপূৰ্ণ কিয়নো এই নিষ্ঠাই নিৰপেক্ষতা স্থাপন কৰিব৷

জনসাধাৰণৰ অংশীদাৰীত্বক গুৰুত্ব প্ৰদান কৰিবলৈ কৈ তেওঁ যুৱ বিষয়াসকলক চৰকাৰী আঁচনিসমূহৰ প্ৰণয়নৰ বাবে সামূহিক প্ৰয়াসৰ বাবে আহ্বান জনায়৷ তেওঁ বিষয়াসকলক সহকাৰী সচিব কাৰ্যকালৰ সময়ত লাভ কৰা অভিজ্ঞতাসমূহ প্ৰণয়ন কৰিবলৈ আহ্বান জনায়৷

প্ৰধামন্ত্ৰীয়ে যুৱ বিষয়াসকলক তেওঁলোকে প্ৰদৰ্শিত কৰা উপস্থাপনসমূহৰ প্ৰশংসা কৰে আৰু শুভেচ্ছা প্ৰদান কৰি কয়, ‘‘আপোনালোকৰ সাফল্য দেশৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ৷ আপোনালোকৰ সাফল্য দেশৰ জনসাধাৰণৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে৷’’

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Manufacturing to hit 25% of GDP as India builds toward $25 trillion industrial vision: BCG report

Media Coverage

Manufacturing to hit 25% of GDP as India builds toward $25 trillion industrial vision: BCG report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ডিচেম্বৰ 2025
December 12, 2025

Citizens Celebrate Achievements Under PM Modi's Helm: From Manufacturing Might to Green Innovations – India's Unstoppable Surge