গ্ৰীষ্ম প্ৰবাহ বা অগ্নিদগ্ধ হৈ মৃত্যু বৰণ কৰিবলগীয়া হোৱা দুৰ্ঘটনা ৰোধৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰক : প্ৰধানমন্ত্ৰী
দেশত বনজুইৰ সংকট প্ৰশমিত কৰাৰ বাবে সামগ্ৰিক প্ৰয়াসৰ প্ৰয়োজন : প্ৰধানমন্ত্ৰী
বান সতৰ্কতা পৰিকল্পনা যুগুতোৱাৰ বাবে ৰাজ্যক পৰামৰ্শ
বান-অধ্যুষিত ৰাজ্যত গোটসমূহৰ দ্ৰুত মোটায়েন সম্ভৱ কৰিব পৰাকৈ পৰিকল্পনা বিকশিত কৰিব এনডিআৰএফ-য়ে
উপকূলৱৰ্তি এলেকাত হ’ব পৰা দুৰ্যোগৰ আগলি বতৰা প্ৰচাৰকে ধৰি সকলোধৰণৰ সতৰ্কতামূলক পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ
জনসজাগতা সৃষ্টিৰ বাবে ছচিয়েল মিডিয়াৰ উচিত ব্যৱহাৰ কৰক : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গ্ৰীষ্ম প্ৰবাহৰ দৰে পৰিস্থিতিৰ প্ৰবন্ধন আৰু বাৰিষাৰ বাবে গ্ৰহণ কৰিবলগীয়ৈ সতৰ্কতামূলক ব্যৱস্থাৱলীৰ পৰ্যালোচনাৰ কৰে।

সভাত ‘ভাৰতীয় বতৰ বিজ্ঞান বিভাগ’(আইএমডি) আৰু ‘ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনী’(এনডিআৰএফ)য়ে দেশত চলিত বছৰৰ মাৰ্চ মাহৰ পৰা মে মাহ পৰ্যন্ত ধাৰাবাহিক ভাবে উচ্চ হাৰৰ তাপমান অব্যাহত থকা সন্দৰ্ভত বিষদ বাখ্যা দাঙি ধৰে। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাজ্য, জিলা আৰু মহানগৰ পৰ্যায়ত এনে পৰিস্থিতিৰে মুখামুখী হ’ব পৰাকৈ ‘হীট একশ্যন প্লান’ যুগুতাই ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। ইফালে, দক্ষিণ-পশ্চিম মৌচুমী প্ৰবাহৰ বাবে গ্ৰহণ কৰিবলগীয়া প্ৰস্তুতি সন্দৰ্ভত সকলো ৰাজ্যকে ‘বান-সতৰ্কতা পৰিকল্পনা’ যুগুতাই ৰখাৰ লগতে যথাযোগ্য সতৰ্কতামূলক পদক্ষেপ গ্ৰহণৰ বাবে সাজু হৈ থাকিবলৈয়ো পৰামৰ্শ দিয়া হয়। উপকূলৱৰ্তি এলেকাত হ’ব পৰা দুৰ্যোগৰ আগলি বতৰা প্ৰচাৰকে ধৰি সকলোধৰণৰ সতৰ্কতামূলক পদক্ষেপ গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্টসকলক নিৰ্দেশ দিয়ে।

সেইদৰে, বান অধ্যুষিত ৰাজ্যসমূহৰ বাবে বাহিনীটোৱে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপ সন্দৰ্ভত ‘মোটায়েন পৰিকল্পন’ বিকশিত কৰাৰ বাবে ‘এনডিআৰএফ’-ক নিৰ্দেশ দিয়া হয়। জন সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াৰ ব্যাপক ব্যৱহাৰতো গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনোৱা হয়।

গ্ৰীষ্ম প্ৰবাহ বা অগ্নিদগ্ধ হৈ মৃত্যু বৰণ কৰিবলগীয়া হোৱা দুৰ্ঘটনা ৰোধৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথাত বিশেষ গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। সেইদৰে, দেশত বনজুইৰ সংকট প্ৰশমিত কৰাৰ বাবে সামগ্ৰিক প্ৰয়াসৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে সকীয়াই দিয়ে। দেশৰ বিস্তৃত অঞ্চলত তাপমান বৃদ্ধিৰ পৰিণতিত হ’ব পৰা দুৰ্ঘটনাৰ হাৰ প্ৰশমিত কৰাৰ বাবেই ‘হাস্পটাল ফায়াৰ ছেফ্টী অ’ডিট’ৰ নিয়মীয়া পৰ্যালোচনাতো তেওঁ গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে বাৰিষা কালত খোৱা পানীৰ মান নিৰীক্ষণৰ দৰে ব্যৱস্থা গ্ৰহণৰ জৰিয়তে জল-সংক্ৰমিত ৰোগ প্ৰশমনৰ বাবে ল’বলগীয়া বিভিন্ন সতৰ্কতামূলক পদক্ষেপ  গ্ৰহণৰ বাবেও সংশ্লিষ্টসকলক সকীয়াই দিয়ে।

বাৰিষাৰ প্ৰাক প্ৰস্তুতিৰ লগতে এই সকলো পদক্ষেপ গ্ৰহণৰ সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট এজেন্সীসমূহৰ মাজত প্ৰভাশালীভাবে সমন্বয় সাধনৰ প্ৰসংগতো সভাত আলোচনা কৰা হয়।

সভাত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, প্ৰধানমন্ত্ৰীৰ পৰামৰ্শদাতা, কেবিনেট সচিব, গৃহ, স্বাস্থ্য, আৰু জল শক্তি মন্ত্ৰালয়ৰ সচিবকেইগৰাকীৰ লগতে ‘এনডিএমএ’, ‘ভাৰতীয় বতৰবিজ্ঞান বিভাগ’, আৰু ‘এনডিআৰএফ’-ৰ সঞ্চালক প্ৰধানকেইগৰাকীয়েও অংশগ্ৰহণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026

Media Coverage

'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 আগষ্ট 2026
August 15, 2026

Azadi Ka Amrit Mahotsav Continues: PM Modi’s Independence Day Vision Unites Growth, Youth Power & National Pride