বৃহত্ নিৰ্মাণৰ বাবে বিজ্ঞানৰ ‘প্ৰমূল্য-সৃষ্টি চক্ৰ’ৰ উত্তৰণত মনোনিৱেশ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞানীসমাজক আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে আজি ‘ৰাষ্ট্ৰীয় মাপনবিজ্ঞান সন্মিলন ২০২১’ উপলক্ষে প্ৰদান কৰা ভাষণত এই আহ্বান জনাইছিল। এই সন্মিলনতে তেওঁ ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘ৰাষ্ট্ৰীয় আণবিক সময়মাপক’ আৰু ‘ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী’ ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰাৰ লগতে ‘ৰাষ্ট্ৰীয় পৰ্যাৱৰণ মানক প্ৰয়োগশালা’ৰো আধাৰশিলা স্থাপন কৰে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে বিজ্ঞানৰ উত্তৰণৰ প্ৰয়াসৰ সৈতে হাতত হাত ধৰিয়েই যিকোনো একোখন দেশৰ প্ৰগতিয়েও যে অগ্ৰগতি লাভ কৰে সেই সত্য ঐতিহাসিক ভাবেই সিদ্ধ হৈ আহিছে। তেওঁ ইয়াক বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগ ক্ষেত্ৰৰ ‘প্ৰমূল্য-সৃষ্টি চক্ৰ’ বুলি নামাংকিত কৰিছে। এই বিষয়ে ব্যাখ্যা দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, বিজ্ঞানৰ একোটা আৱিষ্কাৰে প্ৰযুক্তিৰ সৃষ্টি কৰে আৰু প্ৰযুক্তিয়ে উদ্যোগৰ উন্নয়ণৰ নেতৃত্ব দান কৰে। ইয়াৰ প্ৰত্যুত্তৰত উদ্যোগে নতুন গৱেষণাৰ লক্ষ্যৰে ভৱিষ্যতৰ বিজ্ঞানৰ ক্ষেত্ৰত বিনিয়োগ কৰে। এই চক্ৰই আমাক নতুন সম্ভাৱনাসমূহৰ দিশে আগুৱাই লৈ গৈ থাকে। ‘চিএছআইআৰ-এনপিএল’য়ে এই প্ৰমূল্য-চক্ৰক  আগুৱাই নিয়াৰ ক্ষেত্ৰত অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে।

তেওঁ কয়, ‘যি মুহূৰ্তত দেশে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ লক্ষ্য ধিঁযাই আগবঢ়াৰ পণ লৈছে সেই মুহূৰ্তত বৃহত্ নিৰ্মাণত ব্ৰতী হ’বলৈ বিজ্ঞানৰ ‘প্ৰমূল্য-সৃষ্টি চক্ৰ’ নিতান্তই গুৰুত্বপূৰ্ণ হৈ উঠিছে’।

মানৱসমাজৰ নামত আজি উত্সৰ্গা কৰা ‘চিএছআইআৰ-এনপিএল ৰাষ্ট্ৰীয় আণবিক সময়মাপক’ক লৈ প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে নেন’ ছেকেণ্ডৰ সীমাৰ মাজত সময়-মাপনত ভাৰতে আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিছে। ‘২.৮ নেন’ ছেকণ্ড পৰ্যায়’ৰ সময়-মাপনৰ শুদ্ধতা বাস্তৱিকতেই এক বৃহত্ সাফল্য বুলিও অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। ৩ নেন’ ছেকেণ্ডতকৈয়ো কম শুদ্ধতা-সীমাৰে এতিয়া ভাৰতৰ মান সময়ে আন্তঃৰাষ্ট্ৰীয় মান সময়ৰ সৈতে সমতা স্থাপন কৰিবলৈ সক্ষম হ’ল। ইয়ে অতি সুক্ষ্মাতিসুক্ষ্ম সময়-জোখৰে কামত ব্ৰতী থকা ‘ইছৰো’-ৰ দৰে সংস্থাসমূহক বাৰুকৈয়ে উপকৃত কৰিব। আনহাতে বেংক-ব্যৱস্থা, ৰে’ল, প্ৰতিৰক্ষা, স্বাস্থ্য, দূৰ-সংযোগ, বতৰৰ পূৰ্বানুমান, দুৰ্যোগ প্ৰবন্ধন আৰু এনেধৰণৰ অন্যান্য বহু খণ্ডও এই সাফল্যৰ দ্বাৰা উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে সময়মাপৰ ভূমিকাই ‘চতুৰ্থ উদ্যোগক্ৰান্তি’ত ভাৰতৰ ভূমিকাকো শক্তি প্ৰদান কৰিব বুলি অভিমত ব্যক্ত কৰে। পাৰিৱেশিক ক্ষেত্ৰত ভাৰতে এক নেতৃস্থানীয় ভূমিকা গ্ৰহণৰ দিশে আগবাঢ়িছে। তথাপি, বায়ুৰ মান আৰু কাৰ্বন নিৰ্গমণ আদি জোখাৰ বাবে প্ৰযুক্তি আৰু মাপক উপকৰণ আদিৰ বাবে কিন্তু আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈ আহিছিল। এতিয়া পিচে, প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে অধিক দক্ষ আৰু সুলভ উপকৰণৰ লগতে এই সাফল্যই আত্মনিৰ্ভৰশীলতাৰ দিশে ভাৰতক আগুৱাই নিব। ইয়ে বায়ুৰ মান আৰু নিৰ্গমণ প্ৰযুক্তি সম্পৰ্কীয় গোলকীয় বিপণন ক্ষেত্ৰত ভাৰতৰ অংশীদাৰিত্বৰ পৰিসৰো সম্প্ৰসাৰিত কৰিব। আমাৰ বিজ্ঞানীসকলৰ নেৰানেপেৰা প্ৰয়াসৰ সুবাদত আমি এই সাফল্য আহৰণ কৰিবলৈ সক্ষম হ’লো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches indigenous silicon photonics tech at IIT Madras in semiconductor self-reliance push

Media Coverage

India launches indigenous silicon photonics tech at IIT Madras in semiconductor self-reliance push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength