প্ৰধানমন্ত্ৰীয়ে কৈছে যে বৰ্তমান চৰকাৰৰ অধীনত পিএম আৱাস যোজনা দ্ৰুত গতিত আগবাঢ়িছে আৰু উত্তৰ প্ৰদেশত দুখীয়াক সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ জৰিয়তে ৬ লাখতকৈ অধিক লাভাৰ্থীক বিত্তীয় সাহায্য জাৰি কৰাৰ পিছত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ভাষণ দিয়ে।

 

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে আত্মনিৰ্ভৰ ভাৰত দেশৰ নাগৰিকৰ আত্ম-বিশ্বাসৰ সৈতে পোনপটীয়াকৈ সংযুক্ত আৰু নিজৰ এটা ঘৰ হোৱাটোৱে এই আত্মবিশ্বাসক কেইবাগুণো বঢ়াই দিছে। নিজৰ-স্বামীত্বযুক্ত ঘৰে জীৱনত বিশ্বাস জন্মোৱাৰ লগতে দৰিদ্ৰতাৰ পৰা ওলাই অহাৰ আশাও দিয়ে।

 

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে যোৱা চৰকাৰৰ সময়ত, দুখীয়া লোকসকলৰ এই ভৰষা নাছিল যে চৰকাৰে তেওঁলোকৰ ঘৰ সজাত সহায় কৰিব পাৰে। তেওঁ লগতে কয় যে আগতে যোজনাত বনোৱা ঘৰ ভাল অৱস্থাত নাছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে দুখীয়া লোকসকলে ভুল নীতিৰ পৰিণাম ভূগিবলগা হ'ল। এই দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি, স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে প্ৰতিটো দুখীয়া পৰিয়ালক ঘৰ যোগান ধৰাৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰম্ভ কৰা হৈছে। গ্ৰামীণ ক্ষেত্ৰসমূহত শেহতীয়া বছৰবিলাকত ২ কোটি আৱাস নিৰ্মাণ কৰা হৈছে, পিএম আৱাস যোজনাত ১.২৫ কোটি গৃহৰ সংযোগ হৈছে, য'ত কেন্দ্ৰীয় চৰকাৰৰ যোগদান প্ৰায় ১.৫ লাখ কোটি টকা।

 

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যত যোৱা চৰকাৰসমূহৰ প্ৰতিক্ৰিয়াৰ অভাৱো স্মৰণ কৰে। তেওঁ কয় যে উত্তৰ প্ৰদেশত ২২ লাখ গ্ৰামীণ আৱাস নিৰ্মাণ কৰা হ'ব, য'ৰ পৰা ২১.৫ লাখ নিৰ্মাণৰ বাবে স্বীকৃতি দিয়া হৈছে। বৰ্তমান চৰকাৰৰ জৰিয়তে ১৪.৫ লাখ পৰিয়ালে নিজৰ ঘৰ লাভ কৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Apple exports record $2 billion worth of iPhones from India in November

Media Coverage

Apple exports record $2 billion worth of iPhones from India in November
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চাজিবু চেৰোবা উপলক্ষে মণিপুৰৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
April 13, 2021

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ জনসাধাৰণলৈ চাজিবু চেৰোবাৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত, শ্ৰী মোদীয়ে কয়

“মণিপুৰৰ জনসাধাৰণক চাজিবু চেৰোবাৰ শুভেচ্ছা জ্ঞাপন কৰিলো। এটি আনন্দপূৰ্ণ আৰু সুস্থ বৰ্ষৰ কামনা কৰিছো।”