ওমানৰ চুলতান মহামহিম চুলতান হাইথাম বিন তাৰিকৰ আমন্ত্ৰণমৰ্মে  ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১৭-১৮ ডিচেম্বৰলৈ ওমান  ভ্ৰমণ কৰে। ২০২৫ চনৰ ১৮ ডিচেম্বৰত তেওঁক মহামহিম চুলতান হাইথাম বিন তাৰিকে আল বাৰাকা প্ৰাসাদত আদৰণি জনায়। শ্ৰী মোদীৰ এই ভ্ৰমণৰ বিশেষ তাৎপৰ্য আছে।  কাৰণ প্ৰধানমন্ত্ৰী  ভ্ৰমণ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰীয়া জয়ন্তী উপলক্ষে এই ভ্ৰমণ কৰিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত মহামহিম চুলতান হাইথাম বিন তাৰিকৰ ভাৰত ভ্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণ কৰিছে।

 

মহামহিম চুলতান হাইথাম বিন তাৰিক আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আলোচনাত মিলিত হয় আৰু বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, প্ৰযুক্তি, শিক্ষা, শক্তি, মহাকাশ, কৃষি, সংস্কৃতি তথা মানৱীয় বিষয়ক সামৰি লোৱা দ্বিপাক্ষিক সম্পৰ্ককলৈ  সন্তুষ্টি প্ৰকাশ কৰে।২০২৩ চনৰ ডিচেম্বৰ মাহত মহামহিম ওমান চুলতানৰ ভাৰত ভ্ৰমণৰ সময়ত গ্ৰহণ কৰা যৌথ দৃষ্টিভংগী অনুসৰি চিনাক্ত কৰা ক্ষেত্ৰসমূহত চলি থকা পদক্ষেপ আৰু সহযোগিতাৰ বিষয়েও পৰ্যালোচনা কৰা হয় ।দুয়ো পক্ষই স্বীকাৰ কৰে যে দুয়োখন সামুদ্ৰিক প্ৰতিবেশী ৰাষ্ট্ৰ ওমান আৰু ভাৰতৰ মাজৰ সম্পৰ্ক এতিয়া সময়ৰ পৰীক্ষা হিচাবে  থিয় দিছে আৰু সেয়া বহুমুখী কৌশলগত অংশীদাৰিত্বলৈ ৰূপান্তৰিত হৈছে।ভাৰতে নিজৰ ভিজন ২০৪০ৰ অধীনত ওমানে লাভ কৰা অৰ্থনৈতিক বৈচিত্ৰ্য আৰু বহনক্ষম উন্নয়নৰ বাবে প্ৰশংসা প্ৰকাশ কৰে।ওমানে ভাৰতৰ স্থায়ী অৰ্থনৈতিক বিকাশ আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত (উন্নত ভাৰত)ৰ লক্ষ্যৰ বাবে প্ৰশংসা কৰে।দুয়ো পক্ষই দুয়োখন দেশৰ দৃষ্টিভংগীত থকা সহযোগিতা লক্ষ্য কৰি পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত একেলগে কাম কৰিবলৈ সন্মত হয়।দুয়োপক্ষই বাণিজ্যক দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ এক মূল স্তম্ভ হিচাপে পৰিগণিত হোৱা বুলি উল্লেখ কৰি দ্বিপাক্ষিক বাণিজ্যৰ অধিক বৃদ্ধি আৰু বৈচিত্ৰ্যৰ সম্ভাৱনাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে।দুয়োপক্ষই বস্ত্ৰ, অটোম’বাইল, ৰাসায়নিক পদাৰ্থ, সা- সঁজুলি, সাৰকে ধৰি বিভিন্ন ক্ষেত্ৰত বাণিজ্যক প্ৰসাৰিত কৰাৰ অপৰিসীম সম্ভাৱনাৰ কথা  স্বীকাৰ কৰে।দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হোৱা ভাৰত-ওমান সৰ্বাংগীন অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (CEPA)  স্বাক্ষৰক দুয়োপক্ষই আদৰণি জনায়। দুয়োগৰাকী  নেতাই স্বীকাৰ কৰে যে চিইপিএ চুক্তিয়ে  দুয়োখন দেশৰ বাবে পাৰস্পৰিকভাৱে লাভদায়ক হ’ব  আৰু তেওঁলোকে দুয়োখন দেশৰ ব্যক্তিগত খণ্ডক এই চুক্তিৰ পৰা লাভাৱান্বিত হ’বলৈ উৎসাহিত কৰিব।দুয়োগৰাকী নেতাই সহমতত উপনীত হয় যে চিইপিএ চুক্তিয়ে   দুয়োখন দেশৰ মাজত বাণিজ্যিক বাধা হ্ৰাস কৰি এক সুস্থিৰ কাঠামোৰ সৃষ্টি কৰিব আৰু  দুয়োখন দেশৰ মাজত বাণিজ্য বৃদ্ধি কৰিব।তেওঁলোকে লগতে উল্লেখ কৰে যে চিইপিএ চুক্তিয়ে   অৰ্থনীতিৰ সকলো খণ্ডতে সুযোগৰ পথ  মুকলি কৰিব, অৰ্থনৈতিক বৃদ্ধি সম্ভৱ কৰিব, চাকৰিৰ সৃষ্টি কৰিব আৰু দুয়োখন দেশৰ মাজত বিনিয়োগৰ প্ৰবাহ বৃদ্ধি কৰিব।ভাৰতক দ্ৰুতগতিত বৃদ্ধি পোৱা উদীয়মান অৰ্থনীতিসমূহৰ ভিতৰত অন্যতম বুলি স্বীকাৰ কৰি আৰু অৰ্থনৈতিক বৈচিত্ৰ্যৰ ক্ষেত্ৰত ওমানৰ অগ্ৰগতি স্বীকাৰ কৰি দুয়োপক্ষই আন্তঃগাঁথনি, প্ৰযুক্তি, উৎপাদন, খাদ্য সুৰক্ষা, লজিষ্টিক, আতিথ্য আৰু অন্যান্যকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ অগ্ৰাধিকাৰ খণ্ডসমূহত বিনিয়োগৰ সুযোগ বিচাৰি উলিওৱাৰ বিষয়ত আগ্ৰহ প্ৰকাশ কৰে।দুয়োপক্ষই লগতে উল্লেখ কৰে যে ওমান-ভাৰত যৌথ বিনিয়োগ পুঁজিৰ (অ’আইজিআইএফ) অতীতৰ সফল ট্ৰেক ৰেকৰ্ডৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিনিয়োগক প্ৰসাৰ আৰু সুবিধা প্ৰদান কৰাৰ শক্তিশালী সম্ভাৱনা আছে।স্থানীয় মুদ্ৰাৰ দ্বিপাক্ষিক বাণিজ্যৰ সুবিধাৰ বাবে ব্যৱস্থা অন্বেষণ কৰাৰ আলোচনাৰ লক্ষ্য লয় দুয়োগৰাকী নেতাই। তেওঁলোকে দ্বিপাক্ষিক বিনিয়োগ চুক্তিখনৰ বিষয়ত চলি থকা অগ্ৰগতিক আদৰণি জনায়, ইয়াৰ অৰ্থনৈতিক সহযোগিতা আৰু এক শক্তিশালী, বিনিয়োগকাৰী-বন্ধুত্বপূৰ্ণ পৰিৱেশক সমৰ্থন কৰাৰ সম্ভাৱনাক স্বীকাৰ কৰে।দুয়োপক্ষই শক্তি খণ্ডত দ্বিপাক্ষিক অংশীদাৰিত্ব বৃদ্ধিৰ উপায়ৰ বিষয়েও আলোচনা কৰে। দ্বিপাক্ষিক শক্তি বাণিজ্যৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তেওঁলোকে এই কথাত একমত প্ৰকাশ কৰে যে ইয়াক আৰু অধিক বৃদ্ধিৰ বিপুল সম্ভাৱনা আছে।ভাৰতৰ  লগতে বিশ্বজুৰি  ই এণ্ড পিৰ সুযোগ, গ্ৰীণ এমোনিয়া, আৰু গ্ৰীণ হাইড্ৰজেনৰ ক্ষেত্ৰত নতুন আৰু নবীকৰণযোগ্য শক্তিৰ সহযোগিতাকে ধৰি শক্তি সহযোগিতা বৃদ্ধিৰ বাবে তেওঁলোকৰ কোম্পানীসমূহক সহায় কৰাৰ বাবে দুয়োপক্ষই আগ্ৰহ প্ৰকাশ কৰে। দুয়োপক্ষই ইয়াৰ বহনক্ষম শক্তিৰ লক্ষ্যৰ সৈতে সহযোগিতাৰ কথা  স্বীকাৰ কৰে আৰু যৌথ বিনিয়োগ, প্ৰযুক্তি হস্তান্তৰ, আৰু দীৰ্ঘম্যাদী সহযোগিতাৰ প্ৰস্তাৱ আগবঢ়ায়।দুয়োপক্ষই প্ৰতিৰক্ষা খণ্ডত গভীৰ হৈ অহা সহযোগিতাৰ প্ৰশংসা কৰে আৰু এই ক্ষেত্ৰত যৌথ অনুশীলন, প্ৰশিক্ষণ, আৰু উচ্চ পৰ্যায়ৰ ভ্ৰমণকে ধৰি একেলগে কাম কৰি যাবলৈ সন্মত হয় যাতে ভাগ-বতৰা কৰা লক্ষ্যত উপনীত হ’ব পাৰে আৰু আঞ্চলিক নিৰাপত্তা আৰু স্থিতিশীলতা বজাই ৰখাৰ দিশত অৰিহণা যোগাব পাৰে। সামুদ্ৰিক ক্ষেত্ৰৰ  সজাগতা বৃদ্ধি আৰু তথ্য বিনিময় অব্যাহত ৰখাৰ সুবিধা প্ৰদান কৰি সামুদ্ৰিক অপৰাধ আৰু পাইৰেচি প্ৰতিৰোধৰ বাবে যৌথ পদক্ষেপ গ্ৰহণ কৰিবলৈও সন্মত হয়।এই ভ্ৰমণৰ সময়ত দুয়োপক্ষই সামুদ্ৰিক সহযোগিতাৰ বিষয়ত  যুটীয়া দৃষ্টিভংগীৰ নথি গ্ৰহণ কৰে, যিয়ে আঞ্চলিক সামুদ্ৰিক সুৰক্ষা, নীলা অৰ্থনীতি, আৰু সাগৰীয় সম্পদৰ বহনক্ষম ব্যৱহাৰৰ প্ৰতি তেওঁলোকৰ ভাগ-বতৰা দায়বদ্ধতাক প্ৰতিফলিত কৰে।দুয়োপক্ষই স্বাস্থ্য খণ্ডৰ সহযোগিতাক তেওঁলোকৰ অংশীদাৰিত্বৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে স্বীকাৰ কৰি এই ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত সহযোগিতাৰ সুবিধাৰ বাবে ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত আয়ুষৰ অধ্যক্ষ আৰু ওমানত তথ্য কোষ স্থাপনৰ প্ৰস্তাৱকে ধৰি চলি থকা আলোচনা আৰু পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়।

দুয়োপক্ষই কৃষি সহযোগিতাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰাৰ লগতে কৃষি বিজ্ঞান, পশুপালন আৰু জলজ কৃষিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিয়াৰ বাবে কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ ক্ষেত্ৰত বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায়। দুয়োপক্ষই আৰু প্ৰশিক্ষণ আৰু বৈজ্ঞানিক আদান-প্ৰদানৰ জৰিয়তে বাজৰা খেতিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে।দুয়োপক্ষই আই টি সেৱা, ডিজিটেল আন্তঃগাঁথনি আৰু মহাকাশ প্ৰয়োগকে ধৰি প্ৰযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ ক্ৰমবৰ্ধমান সহযোগিতাৰ কথা উল্লেখ কৰে।দুয়োপক্ষই সন্তুষ্টিৰে লক্ষ্য কৰিলে সাংস্কৃতিক সহযোগিতা আৰু মানুহৰ লগত মানুহৰ সম্পৰ্ক শক্তিশালী হোৱাটো ভাল কথা। তেওঁলোকে যৌথ প্ৰদৰ্শনী "ভাৰত-ওমান সম্পৰ্কৰ লিগেচি"ক আদৰণি জনায় আৰু সংস্কৃতিৰ ডিজিটেলাইজেচনৰ পদক্ষেপৰ বিষয়ত  চলি থকা প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰে। দুয়োপক্ষই সোহাৰ বিশ্ববিদ্যালয়ত আইচিচিআৰৰ অধ্যক্ষ প্ৰগ্ৰেম অৱ ইণ্ডিয়ান ষ্টাডিজ স্থাপনৰ বাবে সহযোগিতা আগবঢ়োৱাৰ পদক্ষেপৰ কথা আলোচনা কৰে , যিয়ে দুয়োখন দেশৰ মাজত সাংস্কৃতিক আৰু শৈক্ষিক আদান-প্ৰদানক প্ৰসাৰিত কৰিব।উভয় পক্ষই সামুদ্ৰিক ঐতিহ্য আৰু সংগ্ৰহালয়ৰ বুজাবুজি চুক্তিক আদৰণি জনায়, যাৰ ফলত সংগ্ৰহালয়সমূহৰ মাজত সহযোগিতা সম্ভৱ হ’ব, যৌথ প্ৰদৰ্শনী আৰু গৱেষণায়ো গতি লাভ কৰিব।  তেওঁলোকে আই এন এছ ভি কাউণ্ডিনিয়াৰ আগন্তুক প্ৰথম যাত্ৰাৰ কথা আলোচনা কৰে, ইয়াৰ লক্ষ্যে হৈছে ওমানলৈ আমাৰ ভাগ-বতৰা কৰা সামুদ্ৰিক পৰম্পৰাক উজ্জ্বল কৰি তোলা।আগন্তুক ভাৰত ওমান জ্ঞান আলোচনাকে ধৰি শিক্ষা আৰু বৈজ্ঞানিক বিনিময়ৰ ক্ষেত্ৰত দুয়োপক্ষই চলি থকা সহযোগিতাৰ কথা  স্বীকাৰ কৰে।উচ্চ শিক্ষাৰ বুজাবুজি চুক্তিখনে অধ্যাপক, আৰু ছাত্ৰ-ছাত্ৰীৰ আদান-প্ৰদান, প্ৰতিষ্ঠানিক সহযোগিতা আৰু যৌথ গৱেষণাক প্ৰসাৰিত কৰাত এক মূল সহায়ক  হ’ব। দুয়োপক্ষই আইটিইচি (ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা) কাৰ্যসূচীৰ অধীনতকে ধৰি চলি থকা সামৰ্থ্য বিকাশৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে।ওমানে  গন্তব্যস্থানৰ সংখ্যা আৰু ক’ড-শ্বেয়াৰিঙৰ বিধানকে ধৰি বিমান সেৱাৰ যাতায়তৰ অধিকাৰৰ বিষয়ে আলোচনা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। ভাৰতে  এই অনুৰোধৰ প্ৰতি সঁহাৰি জনায়। দুয়োপক্ষই স্বীকাৰ কৰে যে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত  থকা শতিকা প্ৰাচীন  সম্পৰ্ক ওমান-ভাৰতৰ সম্পৰ্কৰ মূল স্তম্ভ হৈয়েই আছে। ভাৰতে ওমানত বাস কৰা প্ৰায় ৬ লাখ ৭৫ হাজাৰ লোকৰভাৰতীয় সম্প্ৰদায়ৰ কল্যাণ আৰু মংগল নিশ্চিত কৰাৰ বাবে ওমানৰ নেতৃত্বক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। ওমানে দেশখনৰ  উন্নয়নত ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ মূল্যৱান অৱদানক স্বীকৃতি দিয়ে।দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত মত বিনিময় কৰে।দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশক গৰিহণা দি পুনৰ দৃঢ়তাৰে কয় যে এনে কাৰ্যক  ন্যায্যতা প্ৰদান কৰাটো কেতিয়াও মানি ল’ব নোৱাৰি। এই ক্ষেত্ৰত সহযোগিতা অব্যাহত ৰখাৰ গুৰুত্বৰ বিষয়ত তেওঁলোকে আলোকপাত কৰে।গাজাৰ মানৱীয় পৰিস্থিতিক লৈ দুয়োপক্ষই উদ্বেগ প্ৰকাশ কৰি সাধাৰণ নাগৰিকক নিৰাপদ আৰু সময়মতে মানৱীয় সাহায্য প্ৰদানৰ আহ্বান জনায়। তেওঁলোকে গাজা শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ৰ স্বাক্ষৰক আদৰণি জনাই এই পৰিকল্পনাৰ প্ৰতি সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে। শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ প্ৰচেষ্টাক সমৰ্থন কৰা বুলিও তেওঁলোকে পুনৰ দৃঢ়তাৰে কয় আৰু সাৰ্বভৌম আৰু স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ স্থাপনকে ধৰি আলোচনা তথা কূটনীতিৰ জৰিয়তে ন্যায়সংগত আৰু স্থায়ী সমাধানৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে।

এই ভ্ৰমণৰ সময়ত তলত উল্লেখ কৰা চুক্তি আৰু বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

১) ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি

২) সামুদ্ৰিক ঐতিহ্য আৰু সংগ্ৰহালয়ৰ ক্ষেত্ৰত বুজাবুজি চুক্তি

৩) কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ ক্ষেত্ৰত বুজাবুজি চুক্তি

৪) উচ্চ শিক্ষাৰ ক্ষেত্ৰত বুজাবুজি চুক্তি

৫) ওমান চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী আৰু কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ মাজত বুজাবুজি চুক্তি

৬) সামুদ্ৰিক সহযোগিতাৰ বিষয়ত  যৌথ দৃষ্টিভংগীৰ নথি গ্ৰহণ

৭) বাজৰা খেতি আৰু কৃষি খাদ্য উদ্ভাৱনত সহযোগিতাৰ বাবে কাৰ্যবাহী কাৰ্যসূচী

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে মহামহিম চুলতান হাইথাম বিন তাৰিক আৰু তেওঁৰ প্ৰতিনিধি দলে  আগবঢ়োৱা উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ মহামহিম চুলতানক  সুবিধাজনক সময়ত ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message

Media Coverage

'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the importance of fostering beneficial thoughts, words, and actions
July 24, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how continuous practice in thought, word, and action shapes one's character and direction in life.

The Prime Minister wrote on X;

"कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।

तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥"

Whatever a person continuously practices through their actions, thoughts, and words ultimately shapes their personality and draws them in that very direction; therefore, one should always give space only to beneficial subjects in one's thoughts and conversations.