It is our Constitution that binds us all together: PM Modi
What is special about Indian Constitution is that it highlights both rights and duties of citizens: PM Modi
As proud citizens of India, let us think how our actions can make our nation even stronger: PM Modi

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি আমাৰ সংবিধানৰ অন্তৰ্নিহিত শক্তিৰ ওপৰত জোৰ দি কয় যে এই শক্তিয়ে দেশৰ ঐক্য আৰু সংহতি বজাই ৰাখি আমাৰ সকলোধৰণৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ শিকায়৷ সংবিধানৰ ৭০সংখ্যক বর্ষ উদযাপন উপলক্ষে সংসদৰ চেণ্ট্ৰেল হলত আয়োজিত যুটীয়া অধিৱেশনত প্ৰধানমন্ত্রীয়ে ভাষণ আগবঢ়ায়৷

সংবিধান দিৱসৰ তাৎপর্য ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “অতি কম সময় আৰু খুব কম দিনেই আছে যাৰ সৈতে আমাৰ অতীতৰ দৃঢ় সম্পর্ক আছে। তেওঁলোকে আমাৰ আৰু ভাল ভৱিষ্যৎ গঢ়াৰ অনুপ্রেৰণা যোগায়৷ আজি ২৬ নৱেম্বৰ, এক ঐতিহাসিক দিন। ৭০ বছৰৰ পূৰ্বে মই এই মহান সংবিধানক গ্ৰহণ কৰিছিলো৷”

প্ৰধানমন্ত্রীয়ে এই উপলক্ষে কয় যে গণপৰিষদৰ বহু বিতর্ক, আলাপ-আলোচনা আৰু বিশ্লেষণৰ ফচল হ’ল এই সংবিধান। দেশৰ এই সংবিধান প্ৰণয়নত যিসকলে নিৰৱচ্ছিন্নভাৱে পৰিশ্ৰম কৰিছিলেন তেওঁলোকৰ প্ৰতি তেওঁ সশ্ৰদ্ধ প্ৰণাম জনায়৷

 “সাত দশকৰ পূৰ্বে এই চেণ্ট্ৰেল হলত সংবিধানৰ প্ৰতিটো ধাৰাক লৈ আলোচনা হৈছিল আৰু আমাৰ সপোন, বাধা, সমৃদ্ধিক লৈ বহু বিতর্ক হৈছিল৷ ডঃ ৰাজেন্দ্ৰ প্ৰসাদ, ডঃ ভীমৰাও আম্বেদকাৰ, চর্দাৰ বল্লভভাই পেটেল, পণ্ডিত নেহৰু, আচার্য কৃপালিনী, মৌলানা আবুল কালাম আজাদ তথা অন্যান্য শীর্ষস্থানীয় নেতৃবৃন্দই এই বিষয়ত আলোচনা-বিতর্কত মিলিত হোৱাৰ পাছত এই ঐতিহ্য ৰাখি যায়৷ তাৰপাছৰ পৰাই আমাৰ বাবে এই মহান ঐতিহ্য তুলি ধৰে৷ এই সংবিধান প্ৰণয়নত যিসকলে দায়িত্ব সহকাৰে কাম কৰিছিল তেওঁলোকৰ প্ৰতি মই শ্ৰদ্ধা জনাইছো৷”

তেওঁ কয়, “গণপৰিষদৰ সদস্যবৰ্গৰ সপোন লিখিত আকাৰে আমাৰ সংবিধানৰ মূল্যবোধৰ ৰূপত প্ৰতিফলিত হৈছে৷”

প্ৰধানমন্ত্রীয়ে কয় যে বাবাচাহেব ভীমৰাও আম্বেদকাৰে ১৯৪৯ চনৰ ২৫ নৱেম্বৰত সংবিধানৰ ওপৰত তাঁৰ শেষ বক্তৃতাত কৈছিল, “অতীতত আমাৰ নিজৰ ভুলৰ বাবেই স্বাধীনতা আৰু দেশৰ গণতন্ত্ৰ আমি হেৰুৱাইছিলো৷”

প্ৰধানমন্ত্রীয়ে কয়, “আম্বেদকাৰে সাধাৰণ মানুহত সজাগ কৰি প্ৰশ্ন কৰিছিল যে এতিয়া আমাৰ দেশৰ স্বাধীনতা আৰু গণতন্ত্ৰ ৰক্ষা হ’বনে নহয়৷”

তেওঁ কয়, “বাবাচাহেব আম্বেদকাৰ আজি জীয়াই থকা হ’লে, তেওঁ হয়তো বহুত আনন্দিত হ’লহেতেন। ভাৰতে কেৱল তাৰ মূল্যবোধকে তুলি ধৰ নাই, ইয়াৰ সমান্তৰালভাৱে স্বাধীনতা আৰু গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰিছে।”

 “সেইবাবেই মই সংবিধানৰ তিনিটা স্তম্ভ-বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকৰ ওচৰত শিৰ নত কৰো যিসকলে সংবিধানত বর্ণনা কৰা আদর্শ আৰু মূল্যবোধক ৰক্ষা কৰি আহিছে।”

প্ৰধানমন্ত্রীয়ে সমগ্ৰ দেশবাসীক সংবিধানৰ মূল্যবোধ ৰক্ষা কৰাৰ প্ৰতি আহ্বান জনায়৷

“মই ১৩০ কোটি দেশবাসীকে বিনম্ৰ অনুৰোধ জনাইছো যে ভাৰতৰ গণতন্ত্রৰ প্ৰতি বিশ্বাস অটুট ৰাখক৷ সংবিধানৰ দৰে এই পবিত্ৰ গ্ৰন্থ আৰু জ্ঞানৰ পথ প্ৰদৰ্শকক সকলো সময়তে সংৰক্ষণ কৰি ৰখাটো প্ৰয়োজন।

৭০ বছৰ ধৰি সংবিধানে আমাৰ প্ৰসন্নতা, আধিপত্য আৰু সিদ্ধান্তত উপনীত হোৱাৰ জ্ঞান প্ৰদান কৰিছে৷

এই প্ৰসন্নতাই আমাৰ মাজত একতা নিশ্চিত কৰাৰ লগতে সংবিধানৰ মূল্যবোধ আৰু সত্ত্বাক সমৃদ্ধ কৰিছে। সংবিধানৰ প্ৰতি যি কোনো ধৰণৰ আক্ৰমণ আমাৰ দেশৰ জনসাধাৰণে প্ৰত্যাখান কৰিছে।”

প্ৰধানমন্ত্রীয়ে কয়, “সংবিধানৰ আদর্শসমূহে আমাৰ মাজত যি আধিপত্যৰ অনুভূতি আনি দিছে তাৰ জৰিয়তে আমি এক ভাৰত শ্রেষ্ঠ ভাৰতৰ পথত অগ্ৰসৰ হ’ব পাৰিছো৷

এই সত্ত্বা আমাৰ সংবিধানক লৈ আহিব লাগিব, যাতে এই বিশাল বৈচিত্র্যময় দেশত আমি আমাৰ প্ৰত্যাশা, সপোন আৰু উন্নতি অর্জন কৰিব পাৰো৷”

প্ৰধানমন্ত্রীয়ে সংবিধানক আমাৰ এক পবিত্ৰ গ্ৰন্থ বুলি বর্ণনা কৰে৷

তেওঁ কয়, “আমাৰ সংবিধান হ’ল এনে এক পবিত্ৰ গ্ৰন্থ যি আমাৰ জীৱন, আমাৰ সমাজ, আমাৰ সংস্কৃতি, আমাৰ মূল্যবোধ আৰু বিভিন্ন প্ৰত্যাহ্বান মোকাবিলা কৰাৰ ক্ষমতাৰ এক মিলিত ৰূপ।”

প্ৰধানমন্ত্রীয়ে কয় যে সন্মান আৰু একতাৰ দ্বৈত দর্শনৰ ওপৰত আমাৰ সংবিধানখন প্ৰস্তুত কৰা হৈছে৷ “ভাৰতবাসীৰ বাবে সম্মান’ তথা ‘ভাৰতৰ একতা’–এয়াই সংবিধানৰ মন্ত্ৰ৷ এই দুই মন্ত্ৰই আমাৰ নাগৰিকসকলৰ একতাক ধৰি ৰখাত সহায় কৰিছে৷”

প্ৰধানমন্ত্রীয়ে সংবিধানৰ তাৎপর্য ব্যাখ্যা কৰিবলৈ গৈ কয় যে সংবিধানক ৰক্ষা কৰাটো আমাৰ দায়িত্বই নহয়, কর্তব্যও।

তেওঁ কয়, “আমাৰ সংবিধানত নাগৰিকসকলৰ দায়িত্ব আৰু কর্তব্যৰ দিশতো প্ৰতিফলিত হয়। এয়াই আমাৰ সংবিধানৰ বিশেষত্ব। দায়িত্ব আৰু কর্তব্যৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ সম্পর্কে খুব ভালদৰে কৈছিল আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীজীয়ে।”

প্ৰধানমন্ত্রীয়ে সংবিধানত যিবোৰ কর্তব্যৰ কথা কোৱা আছে নাগৰিকসকলক সেইবোৰ পালন কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্রীয়ে কয়, “সংবিধানে যিদৰে আমাৰ দায়িত্বৰ কথা কোৱা হৈছে সেয়া কিদৰে পূৰণ কৰিব পৰা যায় তাক লৈ আজি চিন্তাচৰ্চা কৰা প্ৰয়োজন।

আমাৰ সেৱা আৰু কর্তব্যৰ মাজত পার্থক্য থকা উচিৎ৷ সেৱা হ’ল স্বেচ্ছাই কোনো কাম কৰা, যেনে কোনো অভাৱগ্ৰস্ত ব্যক্তিক সহায় কৰা হল সেৱা, কিন্তু, ট্ৰেফিক আইন মানি গাড়ী চলোৱাটো হ’ল কর্তব্য।

মানুহৰ সৈতে মতবিনিময়ৰ সময়ত কর্তব্যৰ ওপৰত জোৰ দিয়া প্ৰয়োজন।

এজন গর্বিত ভাৰতীয় হিচাপে কিদৰে আমাৰ দেশ আৰু অধিক শক্তিশালী হৈ উঠিব তাক লৈ আমি চিন্তা-চৰ্চা কৰা উচিৎ৷”

তেওঁ কয়, “আমাৰ সংবিধান এই কথাবোৰৰ মাজেৰে আৰম্ভ হয় – “আমি ভাৰতৰ নাগৰিকসকলে”৷ আমি অনুভৱ কৰা প্ৰয়োজন যে আমি ভাৰতৰ নাগৰিকসকল হৈছে ইয়াৰ শক্তি, ইয়াৰ অনুপ্রেৰণা আৰু ইয়াৰ উদ্দেশ্য।”

প্ৰধানমন্ত্রীয়ে ২০০৮ চনৰ মুম্বাই আক্ৰমণত নিহত শ্বহীদসকলৰ কথাও আজি স্মৰণ কৰে তথা কৃতজ্ঞ চিত্তে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনায়৷

তেওঁ কয়, “এই দিনটো এফালৰ পৰা বেদনাদায়কো৷ এই ২৬ নৱেম্বৰৰ দিনাই মুম্বাইত সন্ত্রাসবাদীয়ে আক্ৰমণ কৰিছিল। তেওঁলোকে শতিকা পুৰণি ভাৰতীয় দর্শন ‘বসুধৈৱ কুটুম্বকম’ ধ্বংস কৰিব বিচাৰিছিল। মই নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো৷”

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade

Media Coverage

Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived