প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত ৰাজ্যপালৰ অভিৱৰ্তনৰ সমাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰীয়ে অভিৱৰ্তনত আলোচিত হোৱা বিভিন্ন বিষয়ক প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যপালসমূহক ‘‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’’ পদক্ষেপক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায়, যিয়ে দেশখনৰ ৰাজ্যসমূহৰ মাজত বন্ধুত্ব, সাংস্কৃতিক বিনিময় আৰু জনসাধাৰণৰ সৈতে ব্যক্তিকেন্দ্ৰিক যোগাযোগ বৃদ্ধি কৰিব৷ তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ মাজত ঐক্যতান আৰু সংবদ্ধতা সৃষ্টিৰ বাবে গুৰুত্ব প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰী ৰাজ্যপালসমূহক আচাৰ্য হিচাপে বিশ্ববিদ্যালয়সমূহত শৈক্ষিক দিশত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে ভাৰতীয় বিশ্ববিদ্যালয়সমূহ বিশ্বৰ শ্ৰেষ্ঠসমূহৰ মাজত সমাদৃত হোৱাটো আৱশ্যক, ৰাজ্যপালে এই পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ অনুঘটকৰ কাম কৰিব পাৰে৷ এই সংক্ৰান্তত তেওঁ আইআইএমৰ স্বায়ত্বৰ উত্তৰণ, ১০খন ৰাজহুৱা আৰু ১০খন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ উত্তৰণত কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ কথা দোহাৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ জনতাৰ বাবে ‘‘ইজ অৱ লিভিং’’ৰ উত্তৰণৰ ক্ষেত্ৰত কাম কৰি আছে৷ তেওঁ কয় যে ৰাজ্যপালে তেওঁলোকৰ ৰাজহুৱা জীৱনৰ ব্যাপক অভিজ্ঞতাৰ দ্বাৰা নাগৰিক সংস্থা আৰু চৰকাৰী বিভাগসমূহক উল্লিখিত উদ্দেশ্যটোৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ বাবে উৎসাহ প্ৰদান কৰিব পাৰে৷

তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী স্বাস্থ্য নিশ্চিতি আঁচনি আয়ুস্মান ভাৰতৰ বিষয়েও মন্তব্য প্ৰদান কৰে৷
শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০২২ চনত স্বতন্ত্ৰতাৰ ৭৫তম বাৰ্ষিকী, ২০১৯ চনত মহাত্মা গান্ধীৰ ১৫০তম জন্ম জয়ন্তী আদি উপলক্ষসমূহে লক্ষ্য উত্তৰণ আৰু প্ৰাপ্তিত উৎসাহ প্ৰদানকাৰী মাইলষ্টোন হিচাপে কাম কৰে৷ তেওঁ কয় যে অনাগত কুম্ভ মেলাইও ৰাষ্ট্ৰীয় উদ্দেশ্যসমূহক প্ৰণোদিত কৰাৰ বাবে সহায়ক বিবেচিত হ’ব পাৰে৷

 

  • Ayush Kannojiya August 04, 2024

    new India Naya Bharat pm Narendra Modi ji h to mumkin hai sab 🙏 change India 10 year
  • R N Singh BJP June 16, 2022

    jai hind
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Independence Day and Kashmir

Media Coverage

Independence Day and Kashmir
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM hails India’s 100 GW Solar PV manufacturing milestone & push for clean energy
August 13, 2025

The Prime Minister Shri Narendra Modi today hailed the milestone towards self-reliance in achieving 100 GW Solar PV Module Manufacturing Capacity and efforts towards popularising clean energy.

Responding to a post by Union Minister Shri Pralhad Joshi on X, the Prime Minister said:

“This is yet another milestone towards self-reliance! It depicts the success of India's manufacturing capabilities and our efforts towards popularising clean energy.”