আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম সুগা ইয়োশিহিদেৰে টেলিফোনিক বাৰ্তালাপত ভাগ লয়।

জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে সুগাৰ নিযুক্তিত প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰে আৰু তেওঁৰ লক্ষ্য পূৰণত সফলতা কামনা কৰে।

দুয়োজন নেতাই যোৱা কেইটামান বছৰ ধৰি ভাৰত-জাপানৰ মাজত স্পেচিয়েল ষ্ট্ৰেটেজিক আৰু গ্ল’ৱেল পাৰ্টনাৰশ্বীপে বিশেষ অগ্ৰগতি লাভ কৰাৰ কথা দোহাৰে আৰু পাৰস্পৰিক বিশ্বাস আৰু ভেলুৰ শ্বেয়াৰৰ ভিত্তিত এই সম্পৰ্ক ভৱিষ্যতে সুদৃঢ়কৰণত তেওঁলোকৰ ইচ্ছা ব্যক্ত কৰে।

বাৰ্তালাপৰ সময়ছোৱাত দুয়োজন নেতাই সহমতত উপনীত হয় যে দেশ দুখনৰ মাজৰ বন্ধুত্ব ক’ভিড-১৯ মহামাৰীকে ধৰি বিশ্বজনীন প্ৰত্যাহ্বানৰ আজিৰ এই সময়ত অধিক প্ৰাসংগিক হৈ উঠিছে। তেওঁলোকে গুৰুত্ব প্ৰদান কৰে যে মুক্ত, মুকলি আৰু সৰ্বব্যাপী ইন্দো-পেচিফিক অঞ্চলৰ অৰ্থনৈতিক পৰিকাঠামো প্ৰাণোচ্ছল যোগান শৃংখলত অৱশ্যেই সূচনা কৰিব লাগে আৰু ইয়াৰ প্ৰেক্ষাপটত, ভাৰত, জাপান আৰু আন সহভাৱাপন্ন দেশসমূহৰ মাজত সহযোগিতা আদৰণীয়।

নেতা দুজনে দেশ দুখনৰ মাজৰ অৰ্থনৈতিক বন্ধুত্বৰ অগ্ৰগতিক শলাগ লয় আৰু ইয়াৰ প্ৰেক্ষাপটত, বিশেষীকৃত দক্ষ শ্ৰমিকৰ সংক্ৰান্তীয় চুক্তিৰ কথা-বতৰা চূড়ান্ত হোৱা কাৰ্যক আদৰণি জনোৱা যায়।

বিশ্বজনীন ক’ভিড-১৯ মহামাৰীসৃষ্ট পৰিস্থিতি উন্নত হোৱাৰ পাছত, বাৰ্ষিক দ্বিপাক্ষিক সন্মিলনৰ অৰ্থে প্ৰধানমন্ত্ৰী সুগাক ভাৰতত পদাৰ্পণ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From UPI to Indian consulates: PM Modi lays out his vision for Indian-Malaysia ties in landmark visit

Media Coverage

From UPI to Indian consulates: PM Modi lays out his vision for Indian-Malaysia ties in landmark visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ফেব্ৰুৱাৰী 2026
February 07, 2026

Empowering the Nation: Trade Deals, Tech Innovations, and Rural Revival Under PM Modi