“চাপমুক্ত হৈ উৎসৱমুখৰ মনোভাৱেৰে পৰীক্ষাত অৱৰ্তীৰ্ণ হওক”
“প্ৰযুক্তিক প্ৰত্যাহ্বান হিচাপে ন’লৈ এক সুযোগ হিচাপে লওক”
“ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে বিস্তৃত পৰামৰ্শ লোৱা হৈছে৷ ইয়াত সমগ্ৰ ভাৰতৰ জনতাৰ পৰামৰ্শ লোৱা হৈছে”
“বিংশ শতিকাৰ শিক্ষা প্ৰণালী আৰু ধাৰণাই একবিংশ শতিকাত আমাৰ বিকাশৰ পথ নিৰ্ধাৰিত কৰিব নোৱাৰে৷ আমি সময়ৰ লগে লগে সলনি হ’ব লাগিব”
“শিক্ষক আৰু অভিভাৱকসকলৰ আধৰুৱা সপোনসমূহৰ শিক্ষাৰ্থীৰ ওপৰত জাপি দিব নালাগিব৷ সন্তানসকল নিজৰ সপোনসমূহ অনুসৰণ কৰিবলৈ দিয়াটো গুৰুত্বপূৰ্ণ”
“প্ৰেৰণাৰ বাবে কোনো টিকা বা ফৰ্মূলা নাই৷ বৰঞ্চ আপুনি ভালদৰে বিচাৰ কৰক যে আপুনি কিহৰ পৰা সুখ অনুভৱ কৰে, সেই দিশত কাম কৰক”
“আপোনালোকে সেইটো কৰক, যিটো আপোনাৰ পচন্দ হয় আু তেতিয়াহে আপুনি অধিক মাত্ৰাত ফল লাভ কৰিব”
“আপোনালোক এটা বিশেষ প্ৰজন্ম৷ হয়, প্ৰত্যাহ্বান অধিক আছে, কিন্তু সুযোগো যথেষ্ট আছে”
“কন্যাসকল পৰিয়ালৰ শক্তি৷ জীৱনৰ বিভিন্ন ক্ষেত্ৰত আমাৰ নাৰী শক্তিক উৎকৃষ্ট ৰূপত চোৱাতকৈ অধিক ভাল কি হ’ব পাৰে”
“আনৰ গুণসমূহৰ প্ৰশংসা কৰা আৰু তেওঁলোকৰ পৰা শিকাৰ ক্ষমতা বিকশিত কৰক” “যেতিয়াই মই আপোলোকৰ সৈতে কথা পাতো, তেতিয়া মই আপোনালোক
এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, অন্নপূৰ্ণা দেৱী, ড০ সুভাষ সৰকাৰ, জ০ ৰাজকুমাৰ ৰঞ্জন সিং আৰু ৰাজীৱ চন্দ্ৰশেখৰকে ধৰি কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত আজি পৰীক্ষা পে চৰ্চা (পিপিচি)ৰ পঞ্চম খণ্ডত শিক্ষাৰ্থী, শিক্ষাগুৰু আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰে৷ মত বিনিময়ৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা বিভিন্ন প্ৰদৰ্শনী পৰিদৰ্শন কৰে৷ এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, অন্নপূৰ্ণা দেৱী, ড০ সুভাষ সৰকাৰ, জ০ ৰাজকুমাৰ ৰঞ্জন সিং আৰু ৰাজীৱ চন্দ্ৰশেখৰকে ধৰি কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে৷

এই উপলক্ষে উপস্থিত দৰ্শকক সম্বোধি প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল বাৰ্তালাপৰ পাছত তৰুণ বন্ধুসকলক লগ পাই আনন্দিত হোৱা বুলি কয়৷ তেওঁ কয় যে পিপিচি তেওঁৰ প্ৰিয় অনুষ্ঠান৷ তেওঁ কালি আৰম্ভ হোৱা বিক্ৰম ছাৱন্ত নৱবৰ্ষৰ বিষয়ে কোৱাৰ লগতে শিক্ষাৰ্থীসকলক অনাগত উৎসৱসমূহৰ বাবে শুভেচ্ছা জনায়৷ প্ৰধানমন্ত্ৰীয়ে পিপিচিৰ পঞ্চম সংস্কৰণৰ এক নতুন পৰম্পৰা আৰম্ভ কৰে৷ তেওঁ কয় যে শিক্ষাৰ্থীসকলে সোধা যিসমূহ প্ৰশ্নৰ উত্তৰ তেওঁ অনুষ্ঠানত প্ৰকাশ কৰিব নোৱাৰিলে, সেইবোৰ নমো এপত ভিডিঅ’, অ’ডিঅ বা লিখিত ৰূপত উত্তৰ দিব৷

অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্ন দিল্লীৰ খুচী জৈনে কৰে৷ সেইদৰে ছত্তীশগড়ৰ বিলাসপুৰ, বদোদৰাৰ কিনী পেটেলে পৰীক্ষাক লৈ সৃষ্টি হোৱা চাপৰ পৰা কিদৰে মুক্তি লাভ কৰিব পাৰিব বুলি সোধাত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ পৰীক্ষাক লৈ চাপত থাকিব নালাগে, কিয়নো এয়া তেওঁৰ জীৱনৰ প্ৰথম পৰীক্ষা নহয়৷ পূৰ্বৰ পৰীক্ষাসমূহৰ অভিজ্ঞতাই আহিবলগীয়া পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱাত সহায় কৰিব বুলিও তেওঁ কয়৷ তেওঁ পৰামৰ্শ দিয়ে যে তেওঁ নিজৰ প্ৰস্তুতিৰ ওপৰত জোৰ দিয়া উচিত আৰু দৈনন্দিন চাপমুক্ত হৈ স্বাভাৱিত ৰূপত থাকিব লাগে৷ দ্বিতীয়তে আনক নকল নকৰিবলৈও পৰামৰ্শ দিয়ে৷

কৰ্ণাটকৰ মাইছুৰৰ তৰুণে প্ৰধানমন্ত্ৰীক সোধে যে ইউটিইবৰ দৰে ধ্যানছ্যুত কৰা অনলাইন মাধ্যমৰ বাবে অধ্যয়নৰ এক অনলাইন মুড কিদৰে আগুৱাই নিব পাৰি৷ দিল্লীৰ ছাহিদ আলী, তিৰুৱন্তপুৰম, কেৰালাৰ কীৰ্তনা আৰু কৃষ্ণাগিৰি, তামিলনাডুৰ এগৰাকী শিক্ষকে অনলাইন শিক্ষাৰ ওপৰত প্ৰশ্ন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সমস্যা অনলাইন বা অফলাইন শিক্ষা ব্যৱস্থাৰ বাবে হোৱা নাই৷ অফলাইন অধ্যয়নতো বহুতৰে মন বিচলিত হয়৷ তেওঁ কয় যে এয়া মাধ্যমৰ বাবে নহয়, মনৰ হে সমস্যা৷ অফলাইনেই হওক বা অনলাইনেই হওক, যিসকলে ধ্যান দি অধ্যয়ন কৰে, তেওঁলোকৰ একো সমস্যা নহয়৷ তেওঁ কয় যে প্ৰযুক্তিৰ বিকাশ হ’ব আৰু শিক্ষাৰ্থীসকলে শিক্ষাত নতুন কৌশল গ্ৰহণ কৰা উচিত৷ শিকাৰ নতুন কৌশলক এক সুযোগ হিচাপে লোৱা উচিত, প্ৰত্যাহ্বান হিচাপে নহয়৷ অনলাইনে আপোনালোকক অফলাইনত শিকাৰ বাবে উদ্গনি যোগাব পাৰে৷ তেওঁ কয় যে অনলাইন সংগ্ৰহৰ বাবে আৰু অফলাই পোষণ কৰা তথা কাম কৰাৰ বাবে দৰকাৰ৷ তেওঁ এই ক্ষেত্ৰত ডোচা প্ৰস্তুত কৰাৰ উদাহৰণ দিয়ে৷ যিকোনো ব্যক্তিয়ে অনলাইনযোগে ডোচা বনোৱাৰ শিক্ষা ল’ব পাৰে, কিন্তু প্ৰস্তুতি আৰু কাম অফলাইন হ’ব৷ তেওঁ কয় যে ভাৰ্চুৱেল পৃথিৱীত থকাৰ তুলনাত নিজৰ বিষয়ে ভৱা আৰু নিজৰ সৈতে থকাৰ যথেষ্ট সুখ আছে৷

হাৰিয়ানাৰ পানীপথৰ এগৰাকী শিক্ষয়িত্ৰী সুমন ৰাণীয়ে নতুন শিক্ষানীতিৰ অধীনত বিশেষকৈ শিক্ষাৰ্থীসকলৰ জীৱন আৰু সমাজক কিদৰে শক্তিশালী কৰিব আৰু কিদৰে নতুন ভাৰতৰ মাৰ্গদৰ্শন কৰিব সেই বিষয়ে প্ৰশ্ন কৰে৷ মেঘালয়ৰ খাচী হিলচ শীলাইও এই সন্দৰ্ভত প্ৰশ্ন কৰে৷ ইয়াৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া এক ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’, ই ‘নতুন’ শিক্ষানীতি নহয়৷ তেওঁ কয় যে বিভিন্ন অংশীদাৰসকলৰ সৈতে আলাপ-আলোচনা কৰাৰ পাছত এই নীতি প্ৰস্তুত কৰা হৈছে৷ এয়া এক অভিলেখ৷ প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে বিস্তৃত পৰামৰ্শ লোৱা হৈছে৷ ইয়াত সমগ্ৰ ভাৰতৰ লোকসকলৰ পৰামৰ্শ লোৱা হৈছে৷” তেওঁ লগতে কয় যে এই নীতি চৰকাৰে নহয়, বৰঞ্চ নাগৰিক, শিক্ষাৰ্থী আৰু তেওঁলোকৰ শিক্ষাগুৰুসকলে দেশৰ বিকাশৰ বাবে প্ৰস্তুত কৰিছে৷ তেওঁ কয় যে আগতে শাৰীৰিক শিক্ষা আৰু প্ৰশিক্ষণ সহ-পাঠ্যক্ৰম আছিল৷ কিন্তু এতিয়া সেয়া শিক্ষাৰ অংশ হৈ পৰিল আৰু নতুন ৰূপত প্ৰতিষ্ঠা কৰিছে৷ তেওঁ কয়, “বিংশ শতিকাৰ শিক্ষা প্ৰণালী আৰু ধাৰণাই একবিংশ শতিকাত আমাৰ বিকাশৰ পথ নিৰ্ধাৰিত কৰিব নোৱাৰে৷ আমি সময়ৰ লগে লগে সলনি হ’ব লাগিব৷” তেওঁ কয় যে যদি আমি পৰৱৰ্তীত প্ৰণালীসমূহৰ লগত সংগতি ৰাখি আগুৱাই নাযাও, তেতিয়াহ’লে আমি পিছপৰি থাকি যাম আৰু পিছুৱাই যাম৷ তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি যিকোনো লক্ষ্য অনুসৰণ কৰাৰ সুযোগ দিয়ে৷ তেওঁ জ্ঞানৰ সমান্তৰালভাৱে দক্ষতাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে৷ তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অংশ হিচাপে মই দক্ষতাক অন্তৰ্ভূক্ত কৰাৰ এয়াই কাৰণ৷ তেওঁ বিষয়সমূহ বাছনি কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰৰ দ্বাৰা প্ৰদান কৰা কেতবোৰ শিথিলতাৰ সন্দৰ্ভতো উল্লেখ কৰে৷ তেওঁ তয় যে এনইপিক সঠিকভাৱে ৰূপায়ণ কৰাৰ জৰিয়তে নতুন সুযোগ সৃষ্টি হ’ব৷ তেওঁ সমগ্ৰ দেশৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা আৱিষ্কৃত নতুন কৌশল বিচাৰি উলিয়াবলৈ আহ্বান জনায়৷

উত্তৰপ্ৰদেশৰ গাজিয়াবাদৰ ৰৌশনীয়ে পৰীক্ষাৰ ফলাফলৰ বিষয়ে নিজৰ পৰিয়ালৰ আশাসমূহ কিদৰে পুৰণ কৰিব আৰু পিতৃ-মাতৃয়ে শিক্ষাক গভীৰভাৱে লোৱা উচিত নে আৰু সেয়া উৎসৱ হিচাপে কিদৰে আনন্দ ল’ব পাৰি৷ পাঞ্জাৱৰ ভাটিণ্ডাৰ কিৰণ প্ৰীত কৌৰে একেটা বিষয় সন্দৰ্ভতে প্ৰশ্ন কৰে৷ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰত্যুত্তৰত অভিভাৱক আৰু শিক্ষাগুৰুসকলক তেওঁলোকৰ সপোনসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত জাপি দিলে নহ’ব৷ প্ৰধানমন্ত্ৰীয়ে কয়, “শিক্ষক আৰু অভিভাৱকসকলৰ আধৰুৱা সপোনসমূহৰ ওপৰত জাপি দিব নালাগিব৷ সন্তানসকলক নিজৰ সপোনসমূহ অনুসৰণ কৰিবলৈ দিয়াটো গুৰুত্বপূৰ্ণ৷” তেওঁ মাতৃ-পিতৃ আৰু শিক্ষকসকলক এই কথা স্বীকাৰ কৰিবলৈ আহ্বান জনায় যে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বিশেষ ক্ষমতা থাকে আৰু তেওঁলোকে সেইবোৰ চিনাক্ত কৰা উচিত৷ তেওঁ শিক্ষাৰ্থীসকলক নিজৰ শক্তিক চিনাক্ত কৰিবলৈ আৰু আত্মবিশ্বাসেৰে আগুৱাই যাবলৈ কয়৷

দিল্লীৰ বৈভৱ কন্নৌজিয়াই প্ৰশ্ন কৰে যে যেতিয়া আমাৰ ওচৰত অধিক বেকলগ আছে, তেতিয়া সেয়া কিদৰে প্ৰেৰিত হ’ব আৰু সফল হ’ব৷ ওড়িশাৰ সুজিত কুমাৰ প্ৰধান, জয়পুৰৰ কৌমল শৰ্মা আৰু ডহাৰ এৰোন এৱেনে এই সন্দৰ্ভতে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰেৰণাৰ বাবে কোনো টিকা বা ফৰ্মূলা নাই৷ বৰঞ্চ আপুনি ভালদৰে বিচাৰ কৰক যে আপুনি কিহৰ পৰা সুখ অনুভৱ কৰে, সেই দিশত কাম কৰক৷” তেওঁ শিক্ষাৰ্থীসকলক সেইবোৰ দিশ চিনাক্ত কৰাৰ বাবে যিটোৱে সাধাৰণতে প্ৰেৰিত কৰে, সেই দিশত অধিক জোৰ দিবলৈ আৰু শিক্ষাৰ্থীসকলক সহানুভূতি পোৱাৰ বাবে কাম নকৰিবলৈ কয়৷ তেওঁ শিক্ষাৰ্থীসকলক তেওঁলোকৰ আশে-পাশে থকা ল’ৰা-ছোৱালী, দিব্যাংগ আৰু প্ৰকৃতিয়ে নিজৰ লক্ষ্যত কিদৰে উপনীত হৈছে চাবলৈ পৰামৰ্শ দিয়ে৷ তেওঁ কয়, “আমি নিজৰ পৰিৱেশৰ পৰা প্ৰচেষ্টাৱলী আৰু শক্তিসমূহৰ নিৰীক্ষণ কৰিব লাগিব আৰু তাৰ পৰা প্ৰেৰণা ল’ব লাগিব৷”

তেলেংগানাৰ অনুষাই কয় যে তেওঁ শিক্ষকে শিকোৱাৰ সময়ত বিষয়টো বুজি পায়, কিন্তু পাছ মূহূৰ্ততে সেয়া পাহৰি যায়, সেই সমস্যা কিদৰে সমাধান হ’ব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে যদি যিকোনো বিষয় ধ্যান দি শিকা হয়, তেতিয়াহ’লে সেয়া কেতিয়াও নাপাহৰে৷ তেওঁ বৰ্তমানৰ ওপৰত অধিক গুৰুত্ব দিবলৈ কয়৷ তেওঁ লগতে কয় যে এক সুস্থিৰ মনে সকলো মনত ৰখাত আটাইতকৈ উপযুক্তভাৱে সহায় কৰে৷ ঝাৰখণ্ডৰ স্বেতা কুমাৰীয়ে নিশাৰ ভাগত পঢ়াটো অধিক পচন্দ কৰে, কিন্তু তেওঁক দিনত পঢ়িবলৈ কোৱা হয় বুলি কয়৷ একেদৰে ৰাঘৱ যোশীয়ে নমো এপত পঢ়াৰ বাবে উপযুক্ত সময়ৰ সন্দৰ্ভৰ প্ৰধানমন্ত্ৰীৰ পৰা মাৰ্গদৰ্শন বিচাৰে৷ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰত্যুত্তৰত কয় যে যিকোনো প্ৰচেষ্টাৰ ফলাফলৰ মূল্যাংকন কৰা আৰু সময় কিদৰে অতিবাহিত কৰিব পাৰি, ইয়াৰ মূ্ল্যাংকন কৰাটো ভাল৷ তেওঁ কয় যে আউটপুট আৰু ফলাফলৰ বিশ্লেষণ কৰাৰ এই অভ্যাস শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অংগ৷ তেওঁ কয় যে প্ৰায়ে আমি সেই বিষয়সমূহত অধিক সময় দিও, যি আমাৰ বাবে সহজ আৰু ৰুচিসন্মত৷ তেওঁ কয় যে ইয়াৰ বাবে মন, অন্তৰ আৰু শৰীৰৰ প্ৰত্যাহ্বান’ নিয়ন্ত্ৰণ কৰাৰ বাবে জানি বুজি প্ৰচেষ্টা লোৱা দৰকাৰ৷ তেওঁ কয়, ““আপোনালোকে সেইটো কৰক, যিটো আপোনাৰ পচন্দ হয় আৰু তেতিয়াহে আপুনি অধিক মাত্ৰাত ফল লাভ কৰিব৷” অনুষ্ঠানত জম্মু আৰু কাশ্মীৰৰ উধমপুৰৰ এৰিকা জৰ্জ, গৌতমবু্দ্ধনগৰৰ হৰি ওম মিশ্ৰই প্ৰতিযোগিতামূলক পৰীক্ষা আৰু বোৰ্ড পৰীক্ষাৰ বাবে পঢ়াৰ চাহিদা কিদৰে পুৰণ কৰিব পাৰি, সেই বিষয়ে প্ৰশ্ন কৰে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী পৰীক্ষাৰ বাবে পঢ়াটো ভুল বুলি কোৱাৰ লগতে যদি কোনোৱে মনেৰে পাঠ্যক্ৰম আয়ত্ব কৰে তেতিয়া পৰীক্ষাৰ মাজত একো পাৰ্থক্য নাথাকে বুলি কয়৷ তেওঁ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পৰিৱৰ্তে বিষয় আয়ত্ব কৰাৰ লক্ষ্য ল’বলৈ কয়৷ তেওঁ কয় যে এথলীটসকলে খেলৰ বাবে প্ৰশিক্ষণ লয়, প্ৰতিযোগিতা বাবে নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ কয়, “আপোনালোক এটা বিশেষ প্ৰজন্ম৷ হয়, প্ৰত্যাহ্বান অধিক আছে, কিন্তু সুযোগো যথেষ্ট আছে৷” তেওঁ শিক্ষাৰ্থীসকলক প্ৰতিযোগিতা নিজৰ সময়ত আটাইতকৈ ডাঙৰ উপহাৰ বুলি ল’বলৈ কয়৷

গুজৰাটৰ নৱচাৰীৰ সীমা চেতন দেশাইৰ পিতৃ-মাতৃয়ে প্ৰধানমন্ত্ৰীক গ্ৰামীণ ছোৱালীৰ উত্থানত সমাজে কিদৰে অৱদান আগবঢ়োৱা উচিত বুলি প্ৰশ্ন কৰে৷ এই সন্দৰ্ভত শ্ৰী মোদীয়ে কয় যে যেতিয়াৰে পৰা ছোৱালীসকলে শিক্ষাৰ প্ৰতি নজৰ দিছে, তেতিয়াৰ পৰা এতিয়ালৈকে যথেষ্ট পৰিৱৰ্তন আহিছে৷ তেওঁ সজোৰে কয় যে ছোৱালীসকলৰ উচিত শিক্ষা সুনিশ্চিত কৰাৰ বাবে সমাজৰ বাহিৰে আন কোনেও ইয়াৰ সংস্কাৰ কৰিব নোৱাৰে৷তেওঁ কয় যে ছোৱালীসকলৰ সুযোগ আৰু সবলীকৰণক প্ৰতিষ্ঠানিক কৰিব লাগিব৷ ছোৱালীসকল অধিক মুল্যবান সম্পত্তিত পৰিণত হৈছে আৰু এই পৰিৱৰ্তন আদৰণীয়৷ তেওঁ কয় যে আজাদী কী অমৃত মহোৎসৱৰ বৰ্ষত স্বতন্ত্ৰ ভাৰতৰ ইতিহাসত ভাৰতৰত সৰ্বাধিক সংসদ সদস্য আছে৷ প্ৰধানমন্ত্ৰীয়ে কয়, “কন্যাসকল পৰিয়ালৰ শক্তি৷ জীৱনৰ বিভিন্ন ক্ষেত্ৰত আমাৰ নাৰী শক্তিক উৎকৃষ্ট ৰূপত দেখাতকৈ অধিক ভাল কি হ’ব পাৰে৷”

দিল্লীৰ পবিত্ৰ ৰাৱ আৰু চৈতন্যই প্ৰধানমন্ত্ৰীক নতুন প্ৰজন্মই পৰিৱেশৰ সুৰক্ষাৰ বাবে বৰঙণি আগবঢ়াবলৈ কি কৰিব লাগিব বুলি প্ৰশ্ন কৰে৷ প্ৰধানমন্ত্ৰীয়ে এই প্ৰশ্নৰ বাবে ধন্যবাদ জনাই কয় যে এইখন দেশক স্বচ্ছ আৰু সেউজীয়া কৰাৰ দিশত তেওঁ সৰ্বাধিক গুৰুত্ব দিছে৷ তেওঁ কয় যে আমি যি পৰিৱেশৰ আনন্দ লৈছো, সেয়া আমাৰ পূৰ্বপুৰুষসকলৰ অৱদান৷ তেওঁ পৰিৱেশৰ সুৰক্ষাৰ দিশত সকলোকে যিমান পাৰি অৱদান আগবঢ়াবলৈ আহ্বান জনায়৷ তেওঁ ‘পি৩-মুভমেণ্ট’ অৰ্থাৎ প্ৰ প্লেনেট পিপল আৰু পৰিৱেশগত জীৱনশৈলীৰ ওপৰত জোৰ দিয়ে৷ তেওঁ এবাৰ ব্যৱহৃত সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনায়৷ 

প্ৰধানমন্ত্ৰীয়ে অমৃত কালৰ মহত্বৰ ওপৰত জোৰ দিয়ে যি বিকাশত ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বোত্তম বৰ্ষৰ সৈতে মিলে৷ তেওঁ কৰ্তব্য পালনৰ ওপৰতো জোৰ দিয়ে৷ তেওঁ টিকাকৰণৰ ক্ষেত্ৰত নিজৰ কৰ্তব্য পালনৰ বাবে শিক্ষাৰ্থীসকলৰ প্ৰশংসা কৰে৷ শেষত প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠান পৰিচালনা কৰা শিক্ষাৰ্থীসকলক মাতি আনে আৰু তেওঁলোকৰ দক্ষতা আৰু আত্মবিশ্বাসৰ প্ৰশংসা কৰে৷

তেওঁ আনৰ গুনৰ প্ৰশংসা কৰা আৰু তাৰ পৰা শিকাৰ ক্ষমতা বিকশিত কৰাৰ প্ৰয়োজনীয়তাৰ কথা পুনৰ দোঁহাৰে৷ আমি ঈৰ্ষাৰ পৰিৱৰ্তে শিকাৰ প্ৰবৃত্তি আয়ত্ব কৰিব লাগে৷ জীৱনত সফলতা পোৱাৰ বাবে এই ক্ষমতা অতি গুৰুত্বপূৰ্ণ৷ তেওঁ এই পিপিচিৰ গুৰুত্ব স্বীকাৰ কৰি এক ব্যক্তিগত পৰামৰ্শ দিয়ে৷ তেওঁ তয় যে যেতিয়া তেওঁ তৰুণ শিক্ষাৰ্থীসকলৰ্ সৈতে কথা বতৰা পাতে, তেওঁ তেতিয়া ৫০ বছৰ কম অনুভৱ কৰে৷ প্ৰধানমন্ত্ৰীয়ে উৎসাহিত হৈ কয়, “যেতিয়াই মই আপোলোকৰ সৈতে কথা পাতো, তেতিয়া মই আপোনালোকৰ আকাংক্ষা আৰু সপোনবোৰৰ আভাস পাও আৰু মই মোৰ জীৱন সেই অনুসৰি ধাৱিত কৰাক চেষ্টা কৰো৷ সেইবাবে এই কাৰ্যসূচীয়ে মোৰ আগুৱাই যোৱাত সহায় কৰি আহিছে৷ মোক সহায় কৰাৰ বাবে আগুৱাই যোৱাত সময় দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালো৷”

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥